পৃষ্ঠা:কথা-গীতা.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্ম্মযোগ আচৰা। সকামী জনক অতি কৃপণ জানিব। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতত সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্মসব কৰা; সেই কৰ্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে, কৰ্ম্মজন্য ফলসৰ ঈশ্বৰত অৰ্পি কৰ্ম্ম বন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেই ফল পাইবু, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি মোৰ বুদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত নিশ্চল হুয়া ৰহে, তেখনে মোক লভিবা। ৮ সেই জ্ঞানীৰ লক্ষণ জানিতে, অৰ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞৰ কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক মোত কহা। ভগৱন্তে বোল, জানা অৰ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধিৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধিৰ লক্ষণ সব শুনা। যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰে। তাৰ কিছে লক্ষণ শুনা, দুখত মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতত প্ৰীতি ভয় নকৰে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচৰে, যেন কূৰ্ম্মে অনায়াসে কৰচৰণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ে। আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক ৰাখে। যদি বোল ইন্দ্ৰিয়সৰৰ