বিষয়ত অপ্ৰবৃত্তিয়ো স্থিতপ্ৰজ্ঞৰ লক্ষণ হৈবাক নৰিহে। জৰ, আতুৰ, উপবাসপৰৰো বিষয়ত অপ্ৰবৃত্তি দেখি, তাত শুনা। জৰ আদিৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তথাপি তাৰাৰ মনত বিষয়ৰ ৰাগ থাকে; স্থিতপ্ৰজ্ঞৰ পুনু সিয়ো নাই। ইন্দ্ৰিয় নিয়মন নহৈলে স্থিতপ্ৰজ্ঞ নঘটে, এতেকে সাধক অৱস্থাত মহাযত্ব কৰিতে লাগে। বিবেকী জনৰো মোক্ষক যত্ন কৰিতেয়ো ক্ষোভক ইন্দ্ৰিয়সব হঠাতে মনক হৰে। এতেকে যোগী ইন্দ্ৰিয়ক নিয়মি মৎপৰ হুয়া ৰহিব। যাৰ ইন্দ্ৰিয় অধীন হৈল, তাৰ বুদ্ধি স্থিৰ হৈল জানিবা। আসন প্ৰশ্নৰো আতে উত্তৰ বুঝিবা। বাহ্য় ইন্দ্ৰিয় নিয়ম নহৈলে দোষ কহি, মন নিয়ম নকৰিলে দোষ কহন্ত। গুণ বুদ্ধি বিষয়ক চিন্তিলে পুৰুষৰ তাতে আসক্তি হয়। তবে তাত কাম জন্মে, কামৰ প্ৰতিঘাটে ক্ৰোধ হয়। ক্ৰোধ হৈলে কাৰ্য্য অকাৰ্য্য বিবেক গুচে। তেবে তাৰ শাস্ত্ৰ আচাৰ্য্য উপদেশত ভ্ৰম হয়, তেবে পুৰুষৰ বুদ্ধি নাশ হয়; বুদ্ধিনাশ হৈলে মৃতক সম হয়। যদি বোলা ইন্দ্ৰিয়সব সততে বিষয়ত প্ৰৱৰ্ত্তে তাক নিৰোধন অশক্য, এতেকে ইদোষ এড়া নযায়, কেমনে স্থিত প্ৰজ্ঞ হৈব, তাত শুনা। যাৰ মন ইন্দ্ৰিয় বশবৰ্ত্তী হৈল, সি ৰাগ দ্বেষ এড়ি বিষয় ভোগ কৰিতেও শান্তিক লভে। শান্তচিত্ত পুৰুষৰ সকল দুষ্খ নষ্ট হয়, বুদ্ধিয়ো স্থিৰ হয়। অজিতেন্দ্ৰিয় পুৰুষৰ, শাস্ত্ৰ আচাৰ্য্যৰ উপদেশেও আত্মাবিষয় বুদ্ধি নঘটে, ধ্যানো নাই, ধ্যান নহৈলে শাস্তিয়ো নাই। অশান্তৰ কৈত মোক্ষ
পৃষ্ঠা:কথা-গীতা.djvu/৭৩
অৱয়ব