পৃষ্ঠা:কথা-গীতা.djvu/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
দ্বিতীয় অধ্যায়।

 আকে উপসংহৰি কহন্ত। ঈশ্বৰ আৰাধিতে এই ব্ৰহ্মনিষ্ঠাক ঈশ্বৰ প্ৰসাদে পায়া পুৰুষ সংসাৰী নহে, সততে ব্ৰহ্মনিষ্ঠাত থাকি সংসাৰী নহৈব তাক কি বুলিম। অন্তকালত ক্ষণমাত্ৰ এই ব্ৰহ্মনিষ্ঠাত ৰহি ব্ৰহ্মানন্দ লভে। যি ভগৱন্তে শোকপঙ্কমগ্ন অৰ্জ্জুন ভক্তক সাংখ্যযোগ উপদেশে উদ্ধাৰ কৰিলা, সেই কৃষ্ণত মঞি শৰণ পশিলো।

ইতি শ্ৰীভগৱদ্গীতাসূপনিষৎসু গীতাকথায়াং সাংখ্যযোগোনাম
দ্বিতীয়োহধ্যায়ঃ॥২৷

 হে সামাজিকসব দেখ ভগৱন্তৰ লোকক কৃপা। অৰ্জ্জুনক উপলক্ষ কৰি সকল লোক তৰিবাক প্ৰতি গীতাশাস্ত্ৰ কহিলা। এতেকে বি সুবুদ্ধি হয় তেবে সত্বৰে হৰিক ভজা। আয়ু পুনু পদ্মপত্ৰ জল সম স্থিৰ নহে। হে কৃষ্ণ ভক্তৱৎসল কৰুণাসাগৰ যেমনে তোমাৰ চৰণ পদ্মত মোৰ মন ভ্ৰমৰ ৰহে তেমনে দায়া কৰা। কৌটিবাৰ প্ৰণাম কৰি কাৰ্পণ্য কৰোঁ। সামাজিক সবো ডাকি হৰি বোল হৰি।

যোভক্তমোহমপহাপয়িতুং জগাদ দেহাত্মবোধমথকৰ্ম্মতদঙ্গভূতম্।
জিজ্ঞাসবে কৰুণয়া স্থিতপ্ৰজ্ঞচিহ্লং তস্মৈ নমোহস্তু গুৰৱে যদুনন্দনায়॥