শোক কৰিতে যোগ্য নহৱা। আত্মাৰ জন্ম মৰণ নাই পদে শোক কৰিতে নলাগে, আক কহিলো। যদি বোলা আত্মা দেহৰ লগতে জন্ম হয়, দেহৰ মৰণে মৰয়, তথাপি তুমি শোক কৰিতে যোগ্য নহৱা, তাৰ যুক্তি শুনা। জন্ম হৈলে আপুনাৰ কৰ্ম্মে মৰণ নিশ্চয় হৈব, মৃতকৰো সেই দেহৰ কৰ্ম্মে জন্মো অবশ্যে হৈব, এতেকে অপৰিহাৰ্য্য কাৰ্যত তুমি বিদ্বন্ত হুয়া কেনে শোক কৰা। দেহাদিৰ স্বভাৱ দেখি দেহোপাধিয়ে আত্মাৰ জন্ম মৰণ মানি, শোক কৰিতে নাপাৱা। অব্যক্ত প্ৰধান হন্তে, সকল শৰীৰ উৎপন্ন হুয়াছে; মাঝত মাত্ৰ ব্যক্ত হুয়াছে; পুনু অব্যক্ততে লয় হৈবেক। এতেকে দেহাদি প্ৰপঞ্চ স্বপ্ন সম তাত কেনে তুমি শোক কৰা। যদি বোলা তেবে কেনে বিদ্বন্তসবে শোক কৰে; সিয়ো আত্মাৰ অজ্ঞানত ঘটে। বিবেকী জনো শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে আত্মাক দেখিয়ো, আশ্চৰ্য্য হেন দেখে; সৰ্ব্বগত নিত্য জ্ঞানআনন্দ আত্মক সম্ভাবিবে নপাৰে; তেমনে কহিয়ো শুনিয়ো আত্মাক কেঞো নাজানে। এতেকে জানিবা, সকল দেহত আত্মাক নিত্য অবধ্য জানি তুমি কাকো লাগি শোক কৰিতে অৰ্হ নহবা। যি বুলিছা মোৰ শৰীৰ কাম্পে সি যুক্ত নহে। আত্মাৰ নাশ নাই পদে কম্পিবে নৰিহে; স্বধৰ্ম্ম দেখিয়ো কম্পিবে নাপাই। যি বুলিছা স্বজনক বধি শ্ৰেয়স নেদেখো, তাত শুনা। ন্যায় যুদ্ধ বিনে ক্ষত্ৰিয়ৰ আন শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্পা; ভাগ্যৱন্ত ক্ষত্ৰিয়সবে
পৃষ্ঠা:কথা-গীতা.djvu/৬৮
অৱয়ব