পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬ ॥ একুৰি এটা গল্প

কিবা ক'বলৈ মন গৈছিল। কিন্তু তেতিয়ালৈ মানুহখিনি ইমানেই উত্তেজিত হৈ পৰিছে যে তাইৰ মাতটো দূৰৰেই কথা, তাই চিঞৰিলেও হয়তো তেওঁলোকৰ কাৰো কাণত নপৰিব। তাইৰ নিজকে অসহায় যেন লাগিল। সীমাৰ কবৰ মন গৈছিল— খিৰিকীখন বন্ধ কৰি দিলোৱেই যেতিয়া, যৰে বস্তু ত’লৈকে যাবলৈ এৰি দিয়া হওক। কিন্তু তাইৰ কথা শুনিবলৈ মানুহখিনি তেতিয়া তাইৰ নিয়ন্ত্ৰণৰ বাহিৰত। এজনে প্ৰশ্ন কৰা তাই শুনিবলৈ পালে—সাপটো তাত উঠিল কেনেকৈ?
 —উৰিব পাৰে। হা, উৰিব পৰা সাপ আছেতো! সেইটো উৰণীয়া। দেখা নাই, তাৰ গাত ৰঙৰ বাহাৰ!
 —আৰু চাওকচোন তাৰ মূৰটো। বিষাক্ত সাপৰ মূৰবোৰ সৰু হয়, ডিঙিবোৰ চিঞা হয় প্ৰাণী বিজ্ঞানৰ অতল তলিৰ জ্ঞানেৰে এজনে সংযোগ কৰিলে।
 —হেৰি, কি চাই আছে? কিবা কৰক...। সীমাৰ গিৰিয়েকক উদ্দেশ্যি কোৱা কথাত তেওঁ মাত দিলে কি কৰো? কেনেকৈ নমাও?
 শেষত সৰ্বসম্মত সিদ্ধান্ত লোৰা হ’ল যে এজনে ছাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানী এবাল্টি অমিতাজোপাত ঢালি দিব; সাপটো তুলত পৰিব আৰু লগে লগে আটায়ে একেলগে আক্ৰমণ কৰিব। প্ৰয়োজন হলে ব্যৱহাৰ কৰিব পৰাকৈ পুৰণি বস্তা এখনত কেৰাচিন ঢালি জুই জ্বলাই থোৱাৰো বন্দৱস্ত কৰা হ’ল। সিদ্ধান্ত মতেই কাম। সীমাৰ গিৰিয়েকে লৰালৰিকৈ আহি ছাদৰ ওপৰলৈ গৈ ফেনাইল মিহলি পানীৰ বাল্টিটো লৈ তললৈ চাই সুধিলে— ৰেডী?
 —আঁ আঁ দিয়ক। কেইবাখনো মুখৰ উত্তৰ।
 বাল্টিৰ পৰা ফেনাইল মিহলি পানী অমিতাজোপাত পৰাৰ অলপপৰ পাছতেই কেৰমেৰ কৰি সাপটো তলত সৰি পৰিল। আটায়ে হৰ্ষোল্লাস কৰি উঠিল— পৰিল পৰিল। গুচি আহক। ... লগে লগে ছয়/সাতডালমান লাঠীৰ প্ৰহাৰ আৰম্ভ হ'ল। মাৰৰ কোবত সাপড়াল ঠায়ে ঠায়ে চেপেটা হৈ গৈছিল। তাৰ অকণমান মুখখনৰ কোৱাৰী ফাটি তেজৰ চেকুৰাই কৰাল মাৰিছিল। জ্বলাই থোৱা জুইৰ ক’লা ধোঁৱা আৰু লাঠীক সামান্য আশ্ৰয় কৰি নিশ্বাস এৰা মানুহবোৰৰ মাজত ডেৰফুটমান দীঘল তৰ্জনী আঙুলি এটামান শকত সাপডালৰ মৃতদেহটো অসাৰ হৈ পৰি থকা দৃশ্যটো ওপৰৰ পৰা চাই থকা সীমাৰ অসহনীয় লাগিল।
 ইতিমধ্যে চৌহদটোৰ আন মহিলাকেইগৰাকীমান আৰু ল'ৰা-ছোৱালী কিছুমান চুচুক-চামাককৈ ওচৰ চাপি আহিছিল। বাটে বাটে বান্দৰ বা সাপৰ নাচ