পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প ॥ ১৭

চোৱা মানুহৰ জুমৰ দৰে চকুৰ পচাৰতে গোলাকৃতিৰ জুম এটাৰ সৃষ্টি হ’ল। এজনে লাঠী এডালৰ মূৰত ওলোমাই মৃতদেহটো জুমটোৰ মাজত পেলাই দিলে। আটায়ে আগ্ৰহেৰে চালে। মহিলাকেইগৰাকীমানে মৃতদেহটো দেখি ভয়তে শিয়ৰি উঠা যেন দেখুৱাই গাবোৰ জিকাৰ মাৰি দিলে। জুমটোৰ বিভিন্নজনে দিয়া মন্তব্যবোৰে সীমাৰ কাণত পৰি তাইক যন্ত্ৰণা দিবলৈ ধৰিলে। তাইৰ এনেহে লাগিল যেন। দৌৰি আহি মৃতদেহটো বুকুৰ মাজত সুমুৱাই লৈ ক'ব ‘কেলেই মাৰিলিহঁত অ’? কি দোষনো কৰিছিল সি?'— তাইৰ চকু দুটা চলচলীয়া হৈ পৰিল। তাইৰ মুখখন কিহবাই যেন বন্ধ কৰি দিলে। ক'ব নোৱৰাকৈয়ে তাই নামি আহি জুমটোৰ মাজত সোমাই পৰিল। খুব মনোযোগেৰে মৃতদেহটো লক্ষ্য কৰি গম পালে— সেইটো এটা কাৰ্শলা সাপ। হালধীয়া দীঘল আঁচ থকা, মটীয়া-সেউজীয়া ৰঙৰ তেনে কাৰ্শলা সাপ সৰুৰে পৰা গছে-বনে বগাই থকা তাই দেখি আহিছে। জুমটোৰ আটায়ে তাইক আসন্ন বিপদৰ পৰা ৰক্ষা পৰাটো সৌভাগ্য বুলি সান্ত্বনা দিলে। দুজনমানৰ নিৰ্দেশত মৃতদেহটো জ্বলাই থোৱা জুইলৈ নিক্ষেপ কৰা হ’ল। সীমাৰ তীব্ৰ অনুশোচনা আহিল। কি কুক্ষণত তাই ‘সাপ সাপ’ বুলি চিঞৰিছিল আৰু কি জঘন্য বৰ্বৰতাৰে হত্যা কৰা হ’ল নিৰীহ জীৱটোক! তাইৰ আশে-পাশে থকা মানুহখিনিৰ বাদেও পৃথিৱীৰ আটাইবোৰ মানুহকে সাপতকৈ বেছি বিষাক্ত যেন লাগিল। মৃত সাপটোলৈ ক্ষমা প্ৰাৰ্থনা কৰি তাই ভৱিষ্যতলৈ সাপ সম্বন্ধে সচেতন হ’বলৈ দৃঢ় প্ৰতিজ্ঞ হলেও কেৰাচিনৰ জুইৰ ক'লা ধোঁৱাই তাইৰ অৱচেতন মনটোৰ কৰবাত ভয়ৰ বীজ জগাই তুলিছিল। তাৰ পৰিণতিত তাই আজিও মুক্ত হ’ব পৰা নাই সেই নাৰকীয় দৃশ্যৰ যাতনাৰ পৰা....।