১৪ ॥ একুৰি এটা গল্প
হত্যা কৰিলা। অভিমন্যুক চক্ৰবেহুত সুমুৱাই মাৰোঁতেও তেওঁৰ হাতত অস্ত্ৰ
আছিল। কিন্তু মোক একেবাৰে নিৰস্ত্ৰ, বিলুধিয় অৱস্থাত বধ কৰি তোমালোকে
তোমালোকৰ আসুৰিকতা পুনৰাই প্ৰতিষ্ঠা কৰিলা। ভগৱানৰ বিচাৰকক্ষত এদিন
নহয় এদিন তোমালোকে শিৰ নত কৰি থিয় হ'বই লাগিব। সিদিনা তাৰ আধামুদা
চকু আৰু নিথৰ দেহটোলৈ চাই তাই কান্দো কান্দো কৰিও কান্দিব নোৱাৰি
উভতি ঘৰলৈ খোজ দিছিল। বেচিনৰ সন্মুখত থিয় দি তাই পানীৰ টেপটো
খুলি জোৰে জোৰে পানী কেই চলুমান মুখলৈ মাৰি দি খিৰিকীখনলৈ চাইছিল,
য'ত আছিল সি নিৰাপদ আশ্ৰয়ৰ আশাত ঘূৰাঘূৰি কৰি।
জীৱন বীমা নিগমৰ দক্ষ কৰ্মচাৰী সীমা দাস। থাকে গিৰিয়েকে চাকৰি
সূত্ৰে পোৱা চৰকাৰী আৱাসগৃহত। তিনিমহলীয়া বিল্ডিংটোৰ মধ্যস্থান, অৰ্থাৎ
প্ৰথম মহলাত সিহঁতৰ ঘৰ। পাহাৰীয়া ঠাই বাবেই হ’বলা ঠাইখনত গছ-গছনিৰ
উপৰি বিভিন্ন কাঁইটীয়া জোপোহাৰ পয়োভৰ। বিভিন্ন চৰাই-চিৰিকতিৰ মাতে
অনবৰতে ঠাইডোখৰ মুখৰ কৰি ৰাখে। সিহঁতৰ বিয়া হোৱাৰ বেছি দিন হোৱা
নাই। মাত্ৰ এটা বছৰ হৈছে। ডাঙৰ ঘৰটো সেয়ে তাইৰ সময়ে সময়ে বৰ নিজান
লাগে। বিল্ডিংটো বহু পুৰণা হোৱাৰ বাবেই হ’বলা ‘গ্ৰাউণ্ড ফ্লোৰ'ৰ বাথৰূমৰ
ভেন্টিলেটৰৰ ছেদ এখনত এজোপা অমিতা গছ গজি বাঢ়ি আহিছে। দুয়ো মহলাৰ
মানুহ লগ হৈ ছুইপাৰ এজন মতাই গছজোপা কটাম কটাম কৰি থাকোতেই
অমিতাজোপা বহুখিনি বাঢ়ি গ'ল। যিমানেই ডাঙৰ হ’ব সিমানেই গছজোপাৰ
দ্বাৰা ঘৰটোৰ অনিষ্ট হ'ব বুলি জানিও এজনকো বিষয়টো সম্পৰ্কে তৎপৰ হোৱা
দেখা নগ'ল। অমিতাজোপাৰ আগটো সীমাহঁতৰ বাথৰূমৰ খিৰিকীৰ আগ পালেহি।
সিহঁতৰ বাথৰূমত সোমালে অমিতাজোপাৰ কুমলীয়া আগটো স্পষ্টকৈ দেখা
যায়। গছজোপাৰ বাবে বাথৰূমটো প্ৰায় অন্ধকাৰ হোৱাৰ দৰে হোৱাত এদিন
সীমাই বিশেষভাৱে গিৰিয়েকক গছজোপা কাটি পেলাবলৈ অনুৰোধ কৰিছিল।
তাৰ এদিনৰ পাছতেই অফিচৰ পৰা ঘূৰি আহি গৰমত গাটো ধুই লওঁ
বুলি তাই বাথৰূমত সোমাল। পানীৰ শ্বাৱাৰটো খুলি দি তাই দেহটো শীতল
কৰিবলৈ লওঁতেই অমিতাজোপাত চকু পৰিল। লগে লগে তাইৰ গাটো জিকাৰ
খাই গ'ল। অমিতাজোপাৰ কুমলীয়া পাতবোৰত পকাই-জকাই এডাল সাপ।
বিভিন্ন ৰঙৰ সাপডালে পকাই-জকাই ৰৈ ৰৈ তাইলৈ চাই যেন তাইৰ তিতা শৰীৰৰ
সৌন্দৰ্য পান কৰি আছে। টান মাৰি টাৱেলখন লৈ তাই খজকে শ্বাৱাৰটো বন্ধ
কৰি বাথৰূমৰ পৰা বাহিৰ ওলাল। টাৱেলখন গাত মেৰিয়াই তাই শোৱাকোঠাৰ