সমললৈ যাওক

পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভয়

 হাঁহি হাঁহি আটাইকেইজন ঢলি পৰিছিলো। দহ-পঁচিশৰ শেষ চালটো মাৰি মাসীমাৰ মুখখন চাই আমি আটায়ে তৃপ্তিত হাঁহিছিলো। দহ-পঁচিশ খেলত ইমান নিমগ্ন হৈ যোৱা মানুহ মাসীমাৰ বাহিৰে মই দ্বিতীয় এজন দেখা নাই। মন-মগজু সমগ্ৰ তেওঁ খেলতেই কেন্দ্ৰীভূত কৰি দিয়ে। হাৰিলে পাৰ্টনাৰজনৰ ৰক্ষা নাই। চাল মাৰিব নাজানে, চাল দিওঁতে পৰামৰ্শ নলয় ইত্যাদি ... এশ-এবুৰি দোষ। এয়া খং কেৱল চাল আৰু গুটিবোৰ সামৰি মোনাটোত ভৰোৱা সময়লৈহে, তাৰ পাছত তেওঁ চেপা মাতেৰে ধমক দিয়ে— ‘চুপ কর, চুপ কর। খিট খিট করে হাসিয়া বাইরের মানুষকে শোনাইবার দৰ্কার নেই।’ লগে লগে আমি চুপ হৈ যাওঁ। চুপ হৈ যোৱা মানে মৰিশালিৰ নিস্তব্ধতা। বাহিৰত শুকান গছৰ পাত সৰিলেও আমি তাৰ উমান পাওঁ।

 চাকৰিৰ খাতিৰত চহৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ দ্ৰেংদিছা। নামৰ ঠাইখনলৈ গৈছিলো। প্ৰথমদিনাই মাৰুতি গাড়ীৰে কোনোমতে তালৈ গৈ কামত জইন কৰিয়ে মনটো শংকিত হৈছিল। পাৰিম জানো এনেকুৱা পিছপৰা এখন ঠাইত থাকিব? আশে-পাশে ঘূৰি চোৱাৰ পাছত সন্মুখৰ বাঁহ-টিন ঘৰটোৰ দুৱাৰমুখত এখন মুখ দেখিছিলো- মাসীমাৰ, সোমাই গ'লো, চা-চিনাকি হলো। তেওঁ আছে জীয়েকৰ লগত। তেওঁৰ সৰু ছোৱালীজনী সেই ঠাইৰে আন এখন স্কুলৰ শিক্ষয়িত্ৰী। এনে পিছপৰা ঠাই এখনত গাভৰু ছোৱালীজনীক অকলে এৰিব নোৱাৰে বাবে তেওঁ তাত থাকে। সেই যে সোমালো আৰু সোমায়ে মাত দিলো মাসীমা বুলি —পাছৰ জীৱনছোৱাত মাসীমা মোৰ বুকুৰ কুটুম হ’ল। সঁচাকৈয়ে মাসীমা নোহোৱা হলে সেইখন ঠাইত মোৰ দ্বাৰা চাকৰি কৰা সম্ভৱ নহ'লহেঁতেন চাগৈ।

 চুটি-চাপৰ গাঠলু শৰীৰৰ মাসীমাৰ ক’লা মুখখনত মাতৃত্বৰ মৰম সনা হাঁহিটোৰে মোক আদৰি ঠাই দিছিল তেওঁৰ একোঠালিৰ সংসাৰখনত। আন সময়ত গাৰ্জেন হোৱা মাসীমা দহ-পঁচিশৰ সময়ত ১০/১২ বছৰীয়া কিশোৰী হয়। খেলত হাৰিব খুজিলেই পৰিৱৰ্তন হোৱা তাইৰ মুখখনত ক্ৰোধৰ আভা বিয়পি পৰে। যেন খেলত জিকাটোৱেই তেওঁৰ একচেটিয়া স্বত্ব। কিন্তু খেল সামৰাৰ পাছতেই আকৌ আগৰ মাসীমা।