পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৪৩
 

  দহ-পঁচিশ সামৰি আমি আটায়ে নিজৰ নিজৰ ঘৰলৈ আহো। আমি বুলিলে সেই স্কুল পৰিসীমাৰ ভিতৰত থকা দুজন আধা বয়সীয়া মানুহ (দুয়োজন স্কুলৰ শিক্ষক), মাসীমাৰ জীয়েকৰ লগত একেলগে কাম কৰা চুমী নামৰ শিক্ষয়িত্ৰীগৰাকীৰ লগতে তাইৰ মাক আৰু মই। কৰিবলৈ একো নথকা বাবে আবেলিৰ পৰা ৰাতি শোৱাৰ পৰলৈকে আমি আটায়ে মাসীমাৰ ঘৰত দহ-পাঁচিশ খেলৰ আড্ডা পাতো। খেলৰ শেষত হাতে হাতে টৰ্চ লৈ আমি আহো বাস্তৱৰ কঠোৰ পৰিৱেশলৈ। বিজুলী-বাতিৰ ব্যৱস্থা নোহোৱা ঠাইখনত কৃষ্ণপক্ষ হলে কথাই নাই। উস্! কি আদিম অন্ধকাৰ! চাৰিওফালে পাহাৰৰ মাজৰ দ ঠাইখনত আমাৰ বসতি। অলপ আঁতৰে আঁতৰে থকা জনজাতীয় মানুহবোৰৰ ঘৰবোৰ সন্ধিয়াতে নিজম পৰে। মাত্ৰ ডেকা বয়সৰ কোনো কোনো সাৰে থাকে। তাকো খুব কম। এই সাৰে থকা ডেকাবোৰলৈহে মাসীমাৰ ভয়। ক’বতো নোৱাৰি কাৰ মনত কেতিয়া পিশাচ সোমায়। সেই কাৰণে ৰাতি হলে জোৰেৰে হঁহা, চিঞৰা আদি বন্ধ।
  তলা খুলি ঘৰ সোমোৱালৈকে মাসীমাই আন্ধাৰতে তেওঁৰ ঘৰৰ বাৰীৰ পৰা চাই থাকে। মোৰ ঘৰটো তেওঁৰ ঘৰৰ সীমাতে লগা। ঘৰলৈ সোমোৱাৰ পাছতে মিহি মাতেৰে তেওঁ সোধে —‘হৈছেনি? মই সমান মিহি মাতেৰে উত্তৰ দিওঁ— ‘হা, হৈছে। মানে মই ঘৰত সোমাই দৰ্জা বন্ধ কৰিলো। তাৰ পাছত সকলো চুপ। তেতিয়াহে মোৰ নিজকে বেলেগ পৃথিৱীৰ মানুহ যেন লাগে। মই যেন এটা অন্য গ্ৰহত আছো। বহুদিনীয়া শুকান ঘৰটোৰ বেৰবোৰ তৰ্জাৰ। চাল টিনৰ। বাতাম কাঠৰ। বেৰত মাটি লিপা নাই বাবে বাঁহৰ বেৰৰ ফাঁকেৰে বাহিৰৰ পৰা ভিতৰখন দেখি। সেয়ে সামান্য পোহৰত কাম কৰিবলগীয়া হয়। ৰাতি বাহিৰলৈ যাবলগীয়া হ'লেও ভয় ভয় ভাৱেৰে যাবলগীয়া হয়। কাৰণ সেই আদিম অন্ধকাৰৰ স’তে ইয়াৰ আগতে মই কাহানিও পৰিচিত নাছিলো।
  সিদিনা কোঠাটোত সোমোৱাৰ পাছতে কিনকিনীয়া বৰষুণ পৰিবলৈ ধৰিলে। লেমটো-অকণমান বঢ়াই দি ভাতকেইটা লৰালৰিকৈ খাই উঠিছোহে, বাৰাণ্ডাৰ মোৰ অপৈণত হাতেৰে বান্ধি দিয়া জপনাখন জোৰেৰে ঠেলি কোনোবা সোমাই আহিল। ক্ষণিকৰ বাবে মোৰ শৰীৰৰ সমগ্ৰ কাৰ্য যেন বন্ধ হৈ গ'ল। কোন আহিল? কি হ’ব এতিয়া? বিবাহিত হলেও মোৰ দেহত যৌৱন আছে। যৌৱন থাকক-নাথাকক মই নাৰী। সতীত্ব নাশ হলে এইখন সমাজত ....। নাঃ, মই ভাবিব নোৱাৰিলো। অকণমান সময়ৰ পাছত মোৰ কোঠাৰ কাঠৰ দৰ্জাখনত