ওচৰ চাপি আহিল। তাৰ পাছত...? মাক-জীয়েকৰ খুক্ খুক্ হাঁহি। মই অবাক হৈ গ’লো। ভিতৰত মই ভয়ত কাঠ হোৱাৰ উপক্ৰম হৈছো আৰু বাহিৰত? লাহেকৈ দৰ্জাখন খুলি বাহিৰ ওলাই আহিলো। বাহিৰলৈ আহি মোৰো ভয়ত শুকাই যোৱা মুখত মিচিকি হাঁহি এটা খেলি গ'ল। এটা প্ৰকাণ্ড ভাবোলা ছাগলী। বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ সি মোৰ হেলেক-পেলেক বেৰ ভাঙি বাৰাণ্ডাত আশ্ৰয় লৈছিল। আৰু গাৰ পৰা পানী সৰুৱাবলৈকে চাগে সি মোৰ দৰ্জাখনত গা ঘঁহাইছিল। হায়! হায়!
চকু-মুখত কৃত্ৰিম খং লৈ থপ থপককৈ মাসীমা মোৰ কোঠালৈ সোমাই আহিল আৰু যেনেকৈ আছিল তেনেকৈয়ে বিছনাৰ কাপোৰখিনি নুৰিয়াই মূৰত তুলি কোঠাৰ লেমটো নুমুৱাই দি ক'লে— ‘চল্, এখানে থাক্বার কাম নাই। আমার ঘরে তোর শোবার জন্য অনেক জায়গা আছে। চল্...। ময়ো বাধ্য শিশুৰ দৰে দৰ্জাৰ তলাটো মাৰি হাতত টৰ্চ লৈ সেমেকা বনৰ ওপৰে ওপৰে মাসীমাৰ পিছে পিছে গতি কৰিলো....। মহিমাময়ীৰ ঘৰটো সৰু যদিও অন্তৰখনযে সাগৰৰ দৰে বহল....।