আভাস কাব্য/বৃন্দা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১২ ]
বৃন্দা।

ব্ৰজৰ গোপিনী তুমি, শ্ৰীমতীৰ দূতী;
নিকুঞ্জ বনত তুমি ৰাধাৰ দুৱৰী;
শ্ৰীকৃষ্ণৰ প্ৰিয় সখী-গোকুল-লীলাৰ
তুমিও প্ৰধান এটি নায়িকা,-সুন্দৰি!
বাখানো তোমাক, দেবি! চিনিছিলা তুমি
ৰাধাকৃষ্ণ দুয়োজনে; –ভক্তিৰ প্ৰেমেৰে
মোহিছিলা দুয়োজনে; ৰাখিছিলা বান্ধি
সখী বুলি ভক্তি ভাৱে, মৰম-দোলেৰে॥
ৰাধাই (তোমাৰ সেই স্নেহৰ সখীয়ে )
কূটীলাৰ গঞ্জনাত, বিয়াকুল হই
চকুপানী টুকি যেৱে কান্দিছিলে, দেবি! —
অন্তৰৰ যত কথা উলিয়াই কইঁ,—
সিকালত তুমি কত দিছিলা প্ৰবোধ
জৰ্জ্জৰিতা শ্ৰীমতীক; সখীৰ প্ৰেমত,
সখীৰ কাৰণে তুমি সহিল কতনা,
কত দুখ অপমান কোমল প্ৰাণত॥
যমুনা তীৰত, সেই নিকুঞ্জ বনত,
নিজম গহীন নিশা-ৰাতি পূৰ্ণীমাৰ;

[ ১৩ ]

তুমিয়েতো তেঁও, দেবি?—প্রেমিকা ৰাধাক
আয়োজন কৰি যেয়ে দিছিলে পুজাৰ?
“শ্রীকৃষ্ণ পুজোঁতা,—তুমি পুজ্য বংশীধাৰি,
ৰাধিকা পুজোঁতা,—তুমি পুজা কৰাওঁতা;
নোহোৱাহেতেন তুমি দূতী ৰাধিকাৰ,
আছিলে কোনোবা আৰু কৃষ্ণক আনোতা?
আয়োজন কৰি পুজা, নিকুঞ্জ মাজত
ৰাধাক ৰখিয়া কৰি, তুমিয়েতো যোৱা
কৃষ্ণক আনিব মাতি গোপনে গোপনে,
ৰাধাৰ সংবাদ, দেবি! তুমিয়েতো কোৱাঁ?
নোহোৱা হেতেন, দেবি! জনম তোমাৰ
“শ্ৰীকৃষ্ণৰ ব্রজলীলা” পবিত্ৰ নিৰ্ম্মল,
নহ’লে হেতেন পূর্ণ এই জগতত,
নৰ’লে হেতেন ছবি ৰাধাৰ উজ্জ্বল॥
 ব্ৰজ-লীলা অৱসান কৰি বংশীধাৰি,
অক্ৰুৰে সইতে যৱে গলা মধুপুৰি,
তুমি কি নোহাৱা, দেবি! কান্দিলে যি শোকে
ৰাধাৰে সইতে, টুকি চকুলো দুধাৰি?
ভক্তিপ্রেম পাগলিনী, —ভক্তিত তোমাৰ
“সখী বুলি আদৰত মাতে বংশীধাৰি।

[ ১৪ ]

অতি ভাগ্যৱতী তুমি, পালা হাতে হাতে
ভক্তি-প্ৰেম ফুলে স’তে পুজিব মুৰাৰি॥
দিনৰাতি কৰে ধ্যান যাৰ শ্ৰীচৰণ
ব্ৰহ্মাআদি লোকপাল, নাৰদাদি মুনি,—
তেনুৱা কৃষ্ণৰ তুমি দূতী ৰূপী সখী
প্ৰণমো তোমাক আমি, ব্ৰজৰ গোপিনি!