পৃষ্ঠা:আভাস কাব্য.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বৈদেহী
 

স্বামী দেৱৰৰে স’তে গ’লা বনলই
বিষাদত টুকি টুকি চকুলাে দুধাৰ॥
নুশুনিলা কাৰো বাধা, কোমল দেহাত
গছৰ বাকলি পিন্ধি, স্বামীৰ লগত
ফুৰিছিলা বনে বনে, মুনি পত্নী স’তে
খেলিছিলা কত ৰঙ্গে আশ্ৰম তলত॥
সুখ সম্ভোগত উঠা কেচুৱাৰে পৰা,
অবন্যৰ দুখ কিন্তু দুখ নাভাবিলা;
পতিপদ সেবা কবি, পতিব্ৰতা তুমি
অৰন্যত স্বৰ্গসুখ ভোগ কৰিছিলা॥
 বিধিৰ নিৰ্ব্বন্ধ কিন্তু নখণ্ডিলে তযূ।—
তোমাক হৰণ কৰি নিলে দশাননে—
পঠিয়াই মাৰিচিক মায়া মৃগ কৰি,
আঁতৰই দুটী ভাই বুদ্ধিৰ ছলনে।।
কত চেষ্টা কত যত্ন কৰিলে লঙ্কাত
সতীত্ব ৰতন তযূ হৰিবৰ মনে,
কিন্তু কিবা সাধ্য তাৰ! নােৱাৰিলে চুব
ৰাক্ষস কুলৰ কেতু পাপীষ্ঠ ৰাৱণে।।
ভগ্নমনােৰথ হই, অশােক বনত,
বন্দিনী কৰিলে, দেবি! তােমাক নিৰ্দ্দয়;