আভাস কাব্য/ৰাধা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[  ]
আভাস কাব্য।


ৰাধা।

বৃকভানু কন্যা ৰাধা! অযোনী সম্ভবা,
দ্বাপৰত পূৰ্ণৰূপে লক্ষ্মী অৱতাৰ;
গোকুল লীলাৰ তুমি প্রধান নায়িকা,
পাৱত তোমাৰ কবি কৰে নমস্কাৰ॥
ঈশ্বৰ প্ৰেমিকা তুমি, অনন্ত প্ৰেমেৰে
বান্ধিছিলা ঈশ্বৰক দোলেৰে ভক্তিৰ।
লাহৰী হিয়াত কত সহিলা গঞ্জনা
কূটীলাব,—আৰু, দেবি! গোকুল বাসীৰ॥
মিছা কলঙ্কৰ বোজা কত ব’লা তুমি,
কত অপবাদ দিলে ননদে তোমাৰ;
সি সবত তুমি কিন্তু কটাক্ষো নকৰি
পুজিছিলা শ্ৰীকৃষ্ণক, মুক্তিৰ আধাৰ॥
কৰিলে দেখাই পুজা কৃষ্ণৰ পাৱত,
গঞ্জনা শুনিব লাগে শাহু ননদৰ

[ ১০ ]

সি ভয়ত তুমি, দেবি! চাপিছিলা কাষ
বীৰলে লুকাই, সেই পবিত্ৰ প্ৰেমৰ॥
 বীৰলে পবিত্ৰ ভাবে পুজিবৰ মনে
এক চিত্ত হই, দেবি! কৃষ্ণৰ পাৱত,
মুৰুলীৰ মাত শুনি ওলোৱাঁ বাহিৰ
মাজ নিশা!—নাই শঙ্কা, উলাহ মনত॥
যতদিন গোকুলত আছিলে গোপাল
(পূৰ্ণ অৱতাৰ হৰি) পুজিছিলা নিতে
শ্ৰীকৃষ্ণক হাতে হাতে, ভকতি ফুলেৰে,
প্ৰেমৰ লগাই ধুপ, নিৰমল চিতে॥
স্বৰ্গীয় প্ৰেমত তুমি বলিয়ানী হই,
সাদৰী বৃন্দাক লই সহায় লগত,
কত পুজা, আৰাধনা কৰিলা কৃষ্ণক
নিৰ্জ্জন ৰাতিত, সেই নিকুঞ্জ মাজত॥
তিয়াগি গোকুল কিন্তু গ’লা যেৱে হৰি
উদ্ধাৰিব’ মথুৰাত জনক জননী
কংসক বিনাশ কৰি;—সিকালত তুমি
কান্দিলা বহুত, হই কৃষ্ণ-উন্মাদিনী॥
ভক্তৰ অধীন হৰি, অধীন প্ৰেমৰ,—
নোৱাৰিলে পাহৰিব ভকতি তোমাৰ;

[ ১১ ]

তোমাৰে সইতে পুণু মিলিবৰ মনে,
প্রভাসত পাতে যজ্ঞ কৰুণা আধাৰ॥
প্ৰভাসত গই তুমি পুজিলা আকউ
শ্ৰীকৃষ্ণৰ পাদপদ্ম আতি হেপাহত,
ঈশ্বৰ প্ৰেমত দিলা দেহা উটুৱাই,
লীন হ’ল দেহা তযু কৃষ্ণৰ পাৱত॥
 প্রণমো তোমাক, দেবি! কৰোঁ নমস্কাৰ।
লক্ষ্মী অৱতাৰ তুমি !-- দেখালা মৰ্ত্ত্যত
স্বৰ্গীয় প্ৰেমৰ ছবি, ৰাধা নাম ধৰি
আছিলা দুদিন মাথো তুমি গোকুলত॥
যি কাৰণে আহিছিলা, কৰিলা সাধন
ৰাখি গ’লা ছবি এটী পবিত্ৰ ভাবৰ;
দেখুৱালা জগতক বৰ্ণাব নোৱাৰা
জ্বলন্ত দৃষ্টান্ত এটী ঈশ্বৰ প্ৰেমৰ॥

আভাস কাব্য (page 11 crop)