পৃষ্ঠা:আভাস কাব্য.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আভাস কাব্য

তোমাৰ বলত, তযু সতীত্ব তেজত,—
পিতৃকুল, পতিকুল দুয়ো উদ্ধাৰিলা;
অপুত্ৰক পিতা তযু পালে পুত্রদান,
অন্ধৰজা চকু আৰু সাম্রাজ্য লভিলা॥
অসম্ভব কাণ্ড, দেবি! মৰ জগতত
সতীত্বৰ বলে তুমি কৰিলা সাধন;
জগতত নৰে গায় তোমাৰ সুযশ
পুণ্যৱতী তুমি, তযু সার্থক জীৱন॥


অহল্যা।

ব্ৰহ্মাৰ মানস-কন্যা অহল্যা সুন্দৰি!
গৌতম মুনিৰ তুমি প্রেয়সী প্ৰাণৰ;
তুমি সতী পতিব্ৰতা, কিন্তু কৰ্ম্মফলে,—
ৰূপত তোমাৰ মোহি বেৱ পুৰন্দৰ
গৌতমৰ ৰূপ ধৰি হৰিলে তোমাক,—
সতীত্ব তোমাৰ নাশ কৰিলে সুন্দৰি!—
স্বামীয়ে তোমাৰ পাছে, তপোবলে জানি
শাপিলে তোমাক ক্রোধে অবিচাৰ কৰি॥

৩৬