সমললৈ যাওক

অসমীয়া সাহিত্যৰ চানেকি (প্ৰথম খণ্ড)/আইৰ নাম

ৱিকিউৎসৰ পৰা
[ ৭১ ]

আইৰ নাম

(১)

আই ভগৱতী আই, তোমাৰ মান সুন্দৰী নাই।
অম্বিকা চণ্ডীকা ভৱানী কালিকা এই ৰূপে ফুৰা বেড়াই॥
আই ভগৱতী আই, বসন্তে বা বলাই।
তোমাৰ সেৱা পূজা আছে আগ বাঢ়ি লোঁৱা চকুমেলি চাই॥
আই ভগৱতী আই, তোমাৰ নীলাচলে ৰতি।
দুখানি চৰণত পাৰ্থনা কৰিছো ৰক্ষা কৰা ভগৱতি॥
আই ভগৱতী আই, ৰতিকো কৰিলা দিন।
এক হাতে লৈলা কৈলাসৰ টোকাৰী আৰ হাতে লৈলা বীণ॥
আই ভগৱতী আই, দুব দুব ডম্বৰু বাই।
কাৰ্ত্তিক গণপতি নাচে ভঙ্গি ধৰি আই থাকে আনন্দ চাই॥
আই ভগৱতী আই, আকাশে আহিলা উড়ি।
বহিবাক লাগি আসন পাৰি থৈছো শিৰৰ ওপৰত তুলি॥

(২)

গধুলিতে আই আহি বাটত আছে ৰৈ।
তুতি কৰি মাতি আনা আমাৰ ঘৰলৈ॥
গধূলিতে আই লাহে পধূলীলৈ চাই।
মহামায়া আই আহে সোণৰ বাংশী বাই॥
চহৰ ফুৰি, আই আহে হাতত কমল ফুল।
আমৰ পাতৰ চাটি মাৰি হিয়া কৰে জুৰ॥
স্বৰ্গৰ পৰা আই আহে লগত আহে তৰা।
দুখীয়ালৈ পেলাই দিছে সুখিল ফুলৰ মলা॥

[ ৭২ ]

(৩)

আসন পাৰি দিয়া  বহক মহামায়া
 থাকক হৰি কথা শুনি।
সকলো গোপীয়ে একান্ত চিতেৰে,
 বোলা দূৰ্গতি নাশিনী॥
আইৰে চেনেহৰে,  মৈৰা চৰাই হালি
 দৌলৰ চউকাষে ফুৰে।
হস্তীৰ গমনে, আই নামি আহে
 চহৰ ফুৰিবৰে মনে॥
পিচলাৰে ঘাটে আইয়ে স্নানে কয়ে,
 লাহ কেশ টাৰি মেলি।
যাউতি যুগীয়া  আইৰে শৰণীয়া
 পৰলৈ নিদিবা এৰি॥
উজাই আহিলে, আইৰে সাতে ভনী
 বালিতে পুতিলে খুটি।
ভটিয়াই যোঁৱাগৈ আইৰে সাতো ভনী
 গোপিনী কৰিছে তুতি॥
উজাই আহিলে, আইৰে সাতে ভনী
 চাৰি পৰতে জুৰি।
তিৰিণ তৰু লতা, সবেও দোৱাঁই মাথা
 আই আহিবৰে শুনি॥
উজাই আহিলে,  আইৰে সাত ভনী,
 লুইতত মাৰিলে খেৱা।
ভয় নকৰিবা, | ভয়াতুৰ নহবা
 আইয়ে কৰি যাব দায়া॥
উজাই আহিছে, আইৰে সাতে ভনী
 নাৱত গুটি ফুলৰ ঝপা।
গুটিকৈ আনিছে মুঠিকৈ বিলাইছে
 নৰক কৰি গৈছে কৃপা॥

[ ৭৩ ]

ইনো জহে কালি তলে বোকা পানী,
 কেনেকৈ আহিল আই।
সোণৰ নাও খানি, ৰূপৰ বৈথা খানি
 বৈচাই আনিলে বাই॥
পিচলাৰে ঘটে,  আয়ে পানী তোলে,
 তামৰে কলসি লৈ।
ছঅঁড়া বামুণে,  চণ্ডী পাঠ কৰিছে
 ভৱানীক আগতে থৈ॥
আই আহিবৰে। হল বহু দিনে
 মহাদেউ পঠাইছে খেদা।
যোৱাঁনে নোযোঁৱা আই ভগৱতী
 কৈলাস হইছে সুদা॥
দুখীয়াৰ ঘৰলৈ, আহে সাতো ভনী;
 দিবলৈ নাইকিয়া একো।
মুৰৰ কেশ ছিঙ্গি, পাৱ মলচিমে
 দেহক পাৰি দিমে সাঁকো॥
দুখীয়াৰ পুতলা, আয়ে তুলি দিলে,
 আইৰ মান ধৰমী নাই।
আইৰ নাম শীতলা,  দুখীয়াৰ পুতলা,
 দি যোৱা বুকু জুৰাই॥

(৪)

আসতে বহি আয়ে নমাই দিছে ভৰি।
গোপিনীয়ে তুতি কৰে চৰণতে ধৰি॥
আসনৰে চউপাশে চম্পা নাগেশ্বৰ।
মলমলি গোন্ধাই আছে আইৰে ৰহাঘৰ॥
আসনৰে চউপাশে ফুলিছে টগৰ।
আনতে বহি আয়ে ভাঙ্গিছে জগৰ॥
আসনৰে চউপাশে ফুলিছে কেতেকী।
দাল ভাঙ্গি ফুল পাৰে হৰৰে পাৰ্ব্বতী॥

[ ৭৪ ]

আসনৰে চউপাশে ঘটৰ শাৰী শাৰী।
ঘট বুৰাই ৰস চালে শীতলা সুন্দৰী॥
আসতে বহি আয়ে ফুলৰ ললে লেখা।
দুখীয়াৰ ঘৰত আহি আয়ে দিয়ে দেখা॥
আসনতে বহি আয়ে মনত ৰঙ্গে আছে।
সোণৰ খড়িকা লই নিৰ্ম্মালি বাচে॥
আসনতে বহি আয়ে চউপাশে চায়।
অসুৰৰ পাঞ্চ সেনা বিভঙ্গে পলায়॥

(৫)

আইৰ সাত ভনী,  বড় আই ৰান্ধনী
  ভোজন বা কিহেৰে কৰে।
মোৱা মাছ শুকনি,  খৰিচা পকনি,
  আই ভোজন সেয়েৰে কৰে॥
চোতালৰ আগৰে  ৰামকল এজুপি
  মৰমত নেকাটো পাত।
যেতিয়া আহি  আইৰে সাতে ভনী,
  ভোগলৈ লাগিব পাত॥
আসনৰ আগতে,   তামোল কাটি থৈছো,
  আহোঁতে যাঁওতে খাব।
চৰুত পায়ে ধুই,   আসনত বহি,
  দাসক দয়া কৰি যাব॥
আইৰে পাৱে মচা,  পাহি গামোচা,
  আইৰে কলিকটা পিড়া।
বড় মাই পাচিছে  সৰু আই আহিছে
  ফুলবাড়ি নগৰৰ পৰা॥
আহঁতৰ পাততে  আয়ে ঢাল খেদে
  সোণ পোৱালৰ মণি।
শুকুলা চোঁৱৰে  ধুলাই নিয়ে
  আইৰে নুমলীয়া ভনী॥

[ ৭৫ ]

(৬)

আহিছে শীতলা দেবী কেতেকীৰে পাহি।
বহিছে শীতলা দেবী মুচুকিয়া হাঁহি॥
সিপাৰতে বংশী বাজে ই পাৰলৈ ধনি।
ঢোপ খেলি আহি আছে শতলা গোসানী॥
শীতলা শীতলা আই পদতলে লাগোঁ।
ভকত বৎসলা আই শুভ বৰ মাগো॥
আই তুমি এই নামে সন্তোষ হবা॥
কি দিয়া পূজিম এই চৰণ দুখানি।
তোমাক পূজিবৰ বস্তু নেদেখোঁ গোসানী॥
ফলদি পূজিলো হয় ভোমোৰাই চুমিলে।
দুধ দি পূজিলো হয় ডামুৰীয়ে পিলে॥
ধন দি পূজিলো হয় আপোনাতে আছে।
জল দি পূজিলো হয় বিতালিলে মাছে॥
অন্ন দি পূজিলো হয় গৰুই খছিলে।
বস্ত্ৰ দি পূজিলো হয় মাৰ দি সিজালে॥
মন দি পূজিলো হয় মনৰ নাই খিত।
চিত দি পূজিলো হয় পাপে জৰ্জ্জৰিত॥
যেই বস্তু দিওঁ মাতৃ সেই বন্ধু চুৱা।
আপোনাৰ নামে মাতৃ সন্তুষ্ট হোৱা॥
বিদায় দিয়া নিৰমালি মাথা ভৰি লও।
বিদায় দিয়া আই মাতৃ ঘৰাঘৰি যাঁও॥