অসমীয়া সাহিত্যৰ চানেকি (প্ৰথম খণ্ড)/হুচৰি নাম
হুচৰি নাম।
হুৰাই ল হাচঁটি যাই।
আতি চেনেহৰে বহাগৰ বিহুটি হাততে মলঙি যায়॥
ওপৰৰ দেৱতা শুনা কাণে পাতি
আজি যে হুঁচৰি গাওঁ।
বিহুৰ বৰঙ্গনি আজি ভালে কৰি
খুচৰি খুচৰি খাওঁ॥
আজি বাৰে বছৰ হুঁচৰি গোৱা নাই
ডিঙ্গি চেৰ চেৰ কৰে।
ঢোলত ভালে কৰি কোবকে নপড়ে
কাষৰে পাজৰে পড়ে॥
ওপৰৰ দেৱতা শুনা কাণে পাতি
তালেও নিদিয়ে মাত।
ডিঙ্গিটো খজালি গাবলৈ ধৰিছো
তেওঁ জানো উঠিছে জাত॥
আজি বাৰে বছৰ হুঁচৰি গোৱা নাই
হুঁচৰি ভটিয়াই গল।
হাতে মেলি মেলি নাচিব লাগিছো
ককাল মূৰ ঠৰঙ্গা হল॥
আমি যে হুঁচৰি গাওঁ ঘূৰি ঘূৰি।
খুচৰি খুচৰি খাম।
ডিঙ্গি ফালি ফালি ৰাগকে টানিছো
জানো দহে টকা পাম॥
আমি যে হুঁচৰি পেলাম ঐ মুচৰি
নাহিবি কাষলৈ চাপি।
ওচৰৰে পৰা চাবা ভালে কৰি
মুৰত সৰুদৈয়া ঝাপি॥
বিহুৱা চৰায়ে কৰে বিহু বিহু
গছৰে ডালতে পড়ি।
আমি যে ৰছকী খুজিছো পঁচকী
ডিঙ্গিতে ঘুনুচা জৰি॥
বিহুৱা চৰায়ে কৰে বিহু বিহু
বীণৰ নলা যেনে মাত।
গছতে লতায়ে হলিছে, জালিছে
ধৰি সেউজীয়া পাত।
——
(২)
হুচৰি বাই ঔ দলৌ চৰাই।
ৰুপ চাৰিটকা তামােল শৰাই॥
হুচৰি বাই ঔ চেপা নিলে চোৰে।
কেনেকৈ নাে পাতিছিলি বাপেৰে পুতেৰে॥
হেচি হেচি পাতিছিলাে চপৰা দলি দি।
চোৰ পেয়েৰে লৈ গল মই কৰিম কি॥
হুচৰি বাই ঔ গৰু নিলে চোৰে।
কেনেকৈ নাে বান্ধিছিলি বাপেৰে পুতেৰে॥
বান্ধিছিলো বান্ধিছিলাে গলগাঁঠি দি।
চোৰ পয়েৰে লৈ গল দাৰে ৰেপ দি॥
হুচৰি বাই ঔ ধন নিলে চোৰে।
কেনেকৈ নাে থৈছিলি বুঢ়ী মানীয়েৰে॥
খৈালা থৈছিলো দুৱাৰ চুকত।
চোৰ বাপেৰে লৈ গল চুৰিয়া কোচত॥
হুচৰি বাইঔ লৰা নিলে চোৰে।
কেনেকৈ নাে শুৱাইছিলি মাৰে বাপেৰে॥
শুৱাইছিলাে শুৱাইছিলো জাপ কাপােৰ দি।
চোৰ পেয়েৰে লৈ গল ঠেংতলে দি॥
হুচৰি বাই ঔ জপা নিলে চোৰে।
কেনেকৈ নো থৈছিলি বুঢ়ী মানীয়েৰে॥
খৈছিলে থৈছিলো নাওৰ তলত।
চোৰ আহি লৈ গল দিন দুপৰত॥
হুচৰি বাই ঔ চোলা নিলে চোৰে।
কেনেকৈ নো থৈছিলি বাপেৰে পুতেৰে॥
থৈছিলো থৈছিলো খুটাৰ কেপত।
চোৰ আহি লৈ গল কোনোবা ছেগত॥
চা চা বোৱাৰী কি কি নিলে।
কেৰু নিলে মণি নিলে আৰু নিলে ছাই।
চাৰি মুনিহা শিল নিলে দুৱাৰ চুকত পাই॥
চা চা বোৱাৰী কি কি নিলে।
চৰু নিলে হাড়ি নিলে আৰু নিলে খড়ি।
সোপাকে লৈ গল মৰাপাতৰ জৰি॥
চা চা বোৱাৰী কি কি নিলে।
দাখন সোলোকাই নালটো নিলে।
এধা পোড়া আঙ্গঠা এটাইবোৰ নিলে॥
জুইধৰ ছাই ধৰ লৰালুৰী লেখো।
চোৰে নিলে হব পায় নিচেই তাকৰ দেখো॥
জুইধৰ ছাই ধৰ কাঁহী বাতি লেখোঁ।
চোৰে নিলে হব পায় নিচেই তাকৰ দেখোঁ॥
জুইধৰ ছাইধৰ মূৰৰ ছুলি লেখোঁ।
চেৰে নিলে হব পায় নিচেই তাকৰ দেখোঁ॥
ধৰ ধৰ বোৱাৰী গাকে বোৱালি।
বোৱাৰী ঐ গাকে বোৱালি॥
কেৰুকো নিয়ালি মণিকো নিয়ালি।
ধাৰিকো নিয়ালি পাটীকো নিয়ালি
বোৱাৰী এ গাকে বোৱালি॥
(৩)
মাধৈ তেল ঘঁহিলো সেওঁতা ফালিলো।
মোলান দৈ ঐ আহ যাঁও ওমলো গৈ।
দীঘল কৈ পুখুৰি খনালো বান্ধৈ ঐ
বন্ধালো সেন্দুৰী আলি।
দাঁতিয়ে দাঁতিয়ে ফুলনি পাতিলো
ৰাখিলোঁ কাজুৱা মালী॥
কেৰেপা কেৰেপি ছিলিঙ্গি দিয়ালোঁ
ওপৰত বগালে লতা।
চিৰিলি চিৰিলি দীঘলী বহলী
পাতত পানকটা কটা॥
চম্পা গুৱামালী আছে ফুলি ফুলি
গোন্ধতে মলয়া বলে।
নিলগৰ পৰা সৰগৰ তৰা
জানো বিমানতে জলে॥
বকুল বন্দুলি আছে ফুলি ফুলি
ফুলিছে মাথৈ মালতী।
জাতি জুতি জাঁই টগৰ গোলাপ
ফুলিছে ৰাঙ্গল সেউতী॥
মোলান দৈ ঐ আহ যাওঁ ওমলো গৈ॥
⸻
(৪)
হুঁচৰি বাই ঔ দলৌ চৰাই।
আমি যে আহিছোঁ হুঁচৰি গাই॥
হুঁচৰি বাই ঔ দলৌ চৰাই।
তামোল পান আনিছে ৰুপৰ শৰাই॥
ই বাড়িৰ বাঁহঔ সি বাড়িৰ বাঁহ।
দুই মাহ থেকা লাগি যায় চʼত মাহ॥
লাও দিবৰ হেন্দালি ঝিকা দিবৰ জেং।
চতৰ বিহুত দেখা দিয়ে হুচৰিৰ ঠেং॥
এটা বাঁহৰে তেৰটা কামি।
চতৰ বিহুতে আহিছো আমি॥
ওপৰে বৰখুন হলে ও বোকা।
চিনা জোকে খাই মাৰে আঁঠুৰে জোখা॥
দ পথাৰতে পড়িছে বগ।
মূৰৰ পাগুৰীয়ে খুজিছে লগ॥
তৰানিৰ কুচিয়া হৰে হৰাই।
জপাটো মেলিছে খৰে মৰাই॥
পোৱালি হাতীৰে শুৰ ঐ।
পেৰাৰো মেলিছে মুৰ ঐ॥
ধন আনিবলৈ গৈছে।
বাটতে খুন্দা খাই ৰৈছে॥
চোতালৰ আগৰে তুলসী।
গাটো আহিছে উলহি।
চোতালৰ আগৰে কেঞা বন।
এই ঘৰ মানুহৰ বেয়া বন।
ভলুকা বাঁহৰে আখি।
আমাকে নথবা ৰাখি॥
বিজুলী বাঁহৰে গাঁজ।
আমক নেপেলাবা লাজ॥
⸻