পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
আইৰ নাম।

(৬)

আহিছে শীতলা দেবী কেতেকীৰে পাহি।
বহিছে শীতলা দেবী মুচুকিয়া হাঁহি॥
সিপাৰতে বংশী বাজে ই পাৰলৈ ধনি।
ঢোপ খেলি আহি আছে শতলা গোসানী॥
শীতলা শীতলা আই পদতলে লাগোঁ।
ভকত বৎসলা আই শুভ বৰ মাগো॥
আই তুমি এই নামে সন্তোষ হবা॥
কি দিয়া পূজিম এই চৰণ দুখানি।
তোমাক পূজিবৰ বস্তু নেদেখোঁ গোসানী॥
ফলদি পূজিলো হয় ভোমোৰাই চুমিলে।
দুধ দি পূজিলো হয় ডামুৰীয়ে পিলে॥
ধন দি পূজিলো হয় আপোনাতে আছে।
জল দি পূজিলো হয় বিতালিলে মাছে॥
অন্ন দি পূজিলো হয় গৰুই খছিলে।
বস্ত্ৰ দি পূজিলো হয় মাৰ দি সিজালে॥
মন দি পূজিলো হয় মনৰ নাই খিত।
চিত দি পূজিলো হয় পাপে জৰ্জ্জৰিত॥
যেই বস্তু দিওঁ মাতৃ সেই বন্ধু চুৱা।
আপোনাৰ নামে মাতৃ সন্তুষ্ট হোৱা॥
বিদায় দিয়া নিৰমালি মাথা ভৰি লও।
বিদায় দিয়া আই মাতৃ ঘৰাঘৰি যাঁও॥