পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইৰ নাম

(১)

আই ভগৱতী আই, তোমাৰ মান সুন্দৰী নাই।
অম্বিকা চণ্ডীকা ভৱানী কালিকা এই ৰূপে ফুৰা বেড়াই॥
আই ভগৱতী আই, বসন্তে বা বলাই।
তোমাৰ সেৱা পূজা আছে আগ বাঢ়ি লোঁৱা চকুমেলি চাই॥
আই ভগৱতী আই, তোমাৰ নীলাচলে ৰতি।
দুখানি চৰণত পাৰ্থনা কৰিছো ৰক্ষা কৰা ভগৱতি॥
আই ভগৱতী আই, ৰতিকো কৰিলা দিন।
এক হাতে লৈলা কৈলাসৰ টোকাৰী আৰ হাতে লৈলা বীণ॥
আই ভগৱতী আই, দুব দুব ডম্বৰু বাই।
কাৰ্ত্তিক গণপতি নাচে ভঙ্গি ধৰি আই থাকে আনন্দ চাই॥
আই ভগৱতী আই, আকাশে আহিলা উড়ি।
বহিবাক লাগি আসন পাৰি থৈছো শিৰৰ ওপৰত তুলি॥

(২)

গধুলিতে আই আহি বাটত আছে ৰৈ।
তুতি কৰি মাতি আনা আমাৰ ঘৰলৈ॥
গধূলিতে আই লাহে পধূলীলৈ চাই।
মহামায়া আই আহে সোণৰ বাংশী বাই॥
চহৰ ফুৰি, আই আহে হাতত কমল ফুল।
আমৰ পাতৰ চাটি মাৰি হিয়া কৰে জুৰ॥
স্বৰ্গৰ পৰা আই আহে লগত আহে তৰা।
দুখীয়ালৈ পেলাই দিছে সুখিল ফুলৰ মলা॥