ভানুমতী

ৱিকিউৎসৰ পৰা
(Bhanumotiৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[  ]
ভানুমতী

প্ৰথম আধ্যা

আপোন-চিনাকি

মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল,-একেটি ৰত্ন। মোৰ জীৱনৰ আদিছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ ক'ব পাৰোঁ, সি কেৱল এনাই দেউতাৰ মুখৰপৰা শুনা কথাহে। মোৰ দেউতাৰ চাৰিগৰাকী ভাই-ককাই। দেউতা সবাতোকৈ সৰু। পুথাওদেউতা ঢুকোৱাৰ পাচৰপৰা তেওঁ ককাইদেৱাকসকলৰ আদৰত উলহৰ মাদলি আছিল। পিছে যেতিয়া সিবিলাক তিনিগৰাকীয়ে এজন-এজনকৈ বিয়া কৰাই উঠি, আপাদেউসকলৰ হাতত ঘূৰা উঘাৰ নিচিনা হ'ল, তেতিয়াৰে পৰা সেই উলহৰ মাদলি লাহে লাহে বেজাৰৰ বোজা যেন হ'বলৈ ধৰিলে। তাৰ পাচত, আকৌ আপাদেউসকলৰ লেখ ক্ৰমাৎ তিনিগৰাকীৰপৰা ছগৰাকীলৈ বাঢ়িল। আৰু, তেতিয়াৰপৰাহে ঘৰত দিনে-ৰাতিয়ে কছাৰী-ৰণ লাগিবলৈ ধৰিলে। ঘৰত কাৰো সুখ-শান্তি নোহোৱাত পৰিল। দেউতাৰ দুৰ্গতিৰ সীমা নাথাকিল; আৰু লাহে লাহে এইবোৰ কথা ৰজাৰ কাণত পৰিলগৈ। স্বৰ্গদেৱ, মন্ত্ৰী আৰু বিষয়াসকলৰে সৈতে যুগুতি কৰি, দেউতাক মতাই নিয়ালে। আৰু, চ'ৰাৰ বিচাৰমতে বৰ নিচাওদেউক ভাঙি পুথাওদেউতাৰ মৰাণ-গোহাঞিবৰুৱা বিষয়-বাব দেউতাক দিলে। দেউতাৰ স্বভাৱ-চৰিত্ৰ আৰু কথা-বাৰ্ত্তাত স্বৰ্গদেৱ বৰ সন্তুষ্ট হৈছিল। গতিকে, ৰাজ-অনুগ্ৰহৰ বলত দেউতাৰ প্ৰতিপত্তি আৰু ক্ষমতা সোনকালে বাঢ়িবলৈ ধৰিলে। তাৰ লগে লগে তেওঁৰ ঘৰ-গৃহস্থী, সুখ-সম্পদ, মান-গৌৰৱ আদিও বাঢ়ি আহিল। কিন্তু ইমানবোৰ বাহিৰৰ সুখ-সম্পদেও তেওঁৰ অন্তৰত সুখ-শান্তি দিব [  ] নোৱাৰিলে,-তেওঁৰ সদায় বিষাদ, সদায় মন-মৰা। তাৰ কাৰণ হৈছিল, বহুকাললৈকে তেওঁৰ সতি-সন্তান নাছিল। কিমান যাগ-যজ্ঞ, পূজা-সেৱা আদি কৰালে, সকলো মিছা হ'ল। বন্ধু-বান্ধৱে দেউতাক আৰু এগৰাকী ভাৰ্য্যা বিয়া কৰাবলৈ পৰামৰ্শ দিছিল, কিন্তু ককাই-দেৱাকসকলৰ দশালৈ চাই তেওঁ তেনে হিত-উপদেশ নল'লে। অন্তত, তেওঁ সন্তানৰ আশা এৰি দি নিশ্চিত হৈছিল। এনেতে ঈশ্বৰৰ ইচ্ছাত, এই অভাগিনীৰ জন্ম হয়। দেউতাৰ অন্তৰত আনন্দৰ পাৰ নোহোৱা হ'ল। পণ্ডিতে পুথি-পাঁজি চাই মোৰ নাম ভানুমতী ৰাখিলে।

কথমপি মোৰ বয়স তিনি বছৰ হওঁতেই ঈশ্বৰে মোক মাউৰী কৰিলে। মাতৃ-চেনেহৰ--যি পৱিত্ৰ স্নেহৰ তুলনা নাই--সোৱাদ মই ভালকৈ নুবুজিলোঁ। কিন্তু, কেতিয়াবা সুৱঁৰি চালে মোৰ স্বৰ্গীয় আইতাৰ মুখখনিলৈ মনত পৰে। আৰু সেই চালুকীয়া বয়সত আইতাৰ আঁচলত ধৰি ডেও দি ফুৰা, কেতিয়াবা কোনোবাই ধৰ বুলিলে লৰ মাৰি আইতাৰ গাত গবা মাৰি ধৰা, আইতাই মোৰ মূৰ মেলাই দিয়া আৰু কেতিয়াবা ওকণি চাওঁতে আমনি পাই কান্দি বলিয়া হোৱা এইবোৰ কথা এতিয়া ৰিণিকি ৰিণিকি মনত পৰে। আইতা ঢুকাবৰেপৰা মই দেউতাৰ মানত আলাসৰ লাৰু যেন হ'লোঁ। তেওঁ সততে মোক ওচৰৰ পৰা নেৰা হ'ল। ময়ো দেউতাক এখন্তেক নেদেখিলে আন্ধাৰ যেন দেখোঁ।

এইদৰেই মোৰ জীৱনৰ চালুকীয়া কাল পাৰ হ'ল। তাৰ পাচত, মই যিমেনেই বুজন হৈ আহিলোঁ, সিমানেই দেউতাৰ লগ ধৰা অভ্যাস পাতল হৈ আহিল। এই নিয়মে লাহে লাহে মোৰ বয়স চৈধ্য বছৰত সোমালেহি। তেতিয়াৰেপৰা আল-পৈচান ধৰাত বাজে দেউতাৰ ওচৰ চাপিবলৈ মোৰ অভ্যাস নোহোৱা হ'ল। আৰু, লাহে লাহে পাচলৈ অকলে থাকি হে ভাল লগা হ'ল। কিন্তু, অকলৈ থাকোঁ বুলি চিন্তাই মোৰ লগ নেৰে। ধৰিবলৈ গ'লে, পাচলৈ চিন্তা [  ] মোৰ লগৰীয়া সখী যেন হৈ উঠিল। কেতিয়াবা সেই চিন্তাতে ভোল গৈ আপোন পাহৰা হওঁ। এনে কি, পাচলৈ মোৰ ভাব-গতি দেখি দেউতাও চিন্তাযুত হবলৈ ধৰিলে!

লাহে লাহে চিন্তা মোৰ লগৰী, মৰমৰ সখী আৰু সুখৰ কাৰণ হৈ উঠিল। দেউতা ৰজাৰ চ'ৰালৈ ওলাই গলেই মই আগ ফালৰ ফুলনিত, নাইবা পাচ ফালৰ পুখুৰীপাৰত বহি চিন্তাৰ লগৰী হওঁ। তেতিয়া জগৎ-সংসাৰ নিটাল মৰা যেন পাওঁ। গছৰ পাত এখিলা সৰি পৰিলেও গম পাওঁ। এই অৱস্থাতে এদিন দুপৰীয়া। জেঠৰ বাৰখৰৰ তৃতীয় খৰ। ৰ'দে খাওঁ খাওঁ মূৰ্ত্তি ধৰিছে। আকাশত মৰল দিছে। গছৰ পাত লেৰেলি পাতত দিয়া টেঙেচিৰ দৰে হৈছে। বাহিৰত ধানলুভীয়া কাউৰী আৰু ধান-হাতত দিয়া বোৱাৰীত বাজে দেউ-মনিচ কাকো দেখিবলৈ নাই। সকলো ভিতৰত বহি শাঁত হৈছে। কিন্তু, বোৱাৰী-বেটীৰ শান্তি নাই। ধান-হাতত দিওঁতে হাইৰাণ। ঘামে জুৰুলি বৈছে। কপালৰ ঘাম বৈ আহি চকু ছাটি পেলাইছে। তথাপি এফেৰি জিৰাবৰ সাধ্য নাই। ছাঁত বহি অলপ শাঁত হবলৈ গলেই ইফালে ধান খৰি যায়,--নাচনী শাহু-আই নাচি আহিব। নিৰুপায়! মনৰ খং মনতে মাৰ গৈছে। বোৱাৰী-বেটীয়ে একোবাৰ বাঢ়নীৰে খুচি কণা মেঘৰ ইওটো চকু ফুটাবলৈ বাঢ়নী তুলিছে। এনে ক্ষণত, এনে উৎপতীয়া ক্ষণত এজন ডেকা আমাৰ পুখুৰী পাৰলৈকে পোনাই আহিছে মই মূৰ দাঙি চাই হঠাৎ তেওঁক দেখি চক্‌ খাই উঠিলো। কিয় চক্‌ খালোঁ ক'ব নোৱাৰোঁ, কিন্তু পিচ মুহূৰ্ত্ততে তেওঁক চিনি পালোঁ। তেওঁ আমাৰ চুবুৰীয়া। ডেকাজন ৰ'দত পকি পকাথেকেৰাটিৰ দৰে হৈ আহিছে। দেখাত বুজা যায় যে, তেওঁ কিবা আপদত পৰি উধাতু খাই আহিছে। মুখখনি বেজাৰত আমোলাই আহিছে। কিন্তু, মোৰ ওচৰ চাপিলত সেই চিন্‌ খন্তেকলৈ মুখৰপৰা আঁতৰ [  ] হ'ল। আৰু, তেওঁ লাহেকৈ হাঁহি এটি মাৰি মোক মাত লগালে,-"ভানু, তুমি ইয়াত অকলে বহি আছা?" মই হৰিষ্‌ মনেৰে উত্তৰ দিলো- "এৰা, ঘামত তৰণি নাপাই ইয়াতে বহি জুৰ লৈছোহি। তুমি নো ইমান ৰ'দত অকলৈ কলৈ গৈছিলাঁ?" তেওঁ জিকাৰি উঠি ক'লে, -"অ মই যাওঁ! মই বহুত পলম হে কৰি আছো। মই ৰব নোৱাৰো। দেউতাৰ সন্নিপাত জ্বৰত তত্‌ নাই। কি হয়গৈ ঈশ্বৰে হে জানে! মই বেজবৰুৱাক মাতিবলৈ গৈছিলোঁ। তেওঁ ৰাজবাটেদি গৈছেগৈ। মই এই পোনেই আহিছোঁ। ভানু! থাকিবাঁ এতিয়া দেই।" এই কেইআষাৰ কথা কৈয়ে চাৰু গোহাঞিদেৱে বেগাবেগিকৈ ঘৰৰ ফালে খোজ ললে। আমাৰ ভঁৰাল-ঘৰৰ আঁৰ নোহোৱালৈকে মই তেওঁক চাই চাই চাইয়ে ৰলোঁ! তেৱোঁ মোলৈ তিনিবাৰমান উলটি উলটি চাই গৈছেগৈ!