পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


হ'ল। আৰু, তেওঁ লাহেকৈ হাঁহি এটি মাৰি মোক মাত লগালে,-"ভানু, তুমি ইয়াত অকলে বহি আছা?" মই হৰিষ্‌ মনেৰে উত্তৰ দিলো- "এৰা, ঘামত তৰণি নাপাই ইয়াতে বহি জুৰ লৈছোহি। তুমি নো ইমান ৰ'দত অকলৈ কলৈ গৈছিলাঁ?" তেওঁ জিকাৰি উঠি ক'লে, -"অ মই যাওঁ! মই বহুত পলম হে কৰি আছো। মই ৰব নোৱাৰো। দেউতাৰ সন্নিপাত জ্বৰত তত্‌ নাই। কি হয়গৈ ঈশ্বৰে হে জানে! মই বেজবৰুৱাক মাতিবলৈ গৈছিলোঁ। তেওঁ ৰাজবাটেদি গৈছেগৈ। মই এই পোনেই আহিছোঁ। ভানু! থাকিবাঁ এতিয়া দেই।" এই কেইআষাৰ কথা কৈয়ে চাৰু গোহাঞিদেৱে বেগাবেগিকৈ ঘৰৰ ফালে খোজ ললে। আমাৰ ভঁৰাল-ঘৰৰ আঁৰ নোহোৱালৈকে মই তেওঁক চাই চাই চাইয়ে ৰলোঁ! তেৱোঁ মোলৈ তিনিবাৰমান উলটি উলটি চাই গৈছেগৈ!