পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মোৰ লগৰীয়া সখী যেন হৈ উঠিল। কেতিয়াবা সেই চিন্তাতে ভোল গৈ আপোন পাহৰা হওঁ। এনে কি, পাচলৈ মোৰ ভাব-গতি দেখি দেউতাও চিন্তাযুত হবলৈ ধৰিলে!

লাহে লাহে চিন্তা মোৰ লগৰী, মৰমৰ সখী আৰু সুখৰ কাৰণ হৈ উঠিল। দেউতা ৰজাৰ চ'ৰালৈ ওলাই গলেই মই আগ ফালৰ ফুলনিত, নাইবা পাচ ফালৰ পুখুৰীপাৰত বহি চিন্তাৰ লগৰী হওঁ। তেতিয়া জগৎ-সংসাৰ নিটাল মৰা যেন পাওঁ। গছৰ পাত এখিলা সৰি পৰিলেও গম পাওঁ। এই অৱস্থাতে এদিন দুপৰীয়া। জেঠৰ বাৰখৰৰ তৃতীয় খৰ। ৰ'দে খাওঁ খাওঁ মূৰ্ত্তি ধৰিছে। আকাশত মৰল দিছে। গছৰ পাত লেৰেলি পাতত দিয়া টেঙেচিৰ দৰে হৈছে। বাহিৰত ধানলুভীয়া কাউৰী আৰু ধান-হাতত দিয়া বোৱাৰীত বাজে দেউ-মনিচ কাকো দেখিবলৈ নাই। সকলো ভিতৰত বহি শাঁত হৈছে। কিন্তু, বোৱাৰী-বেটীৰ শান্তি নাই। ধান-হাতত দিওঁতে হাইৰাণ। ঘামে জুৰুলি বৈছে। কপালৰ ঘাম বৈ আহি চকু ছাটি পেলাইছে। তথাপি এফেৰি জিৰাবৰ সাধ্য নাই। ছাঁত বহি অলপ শাঁত হবলৈ গলেই ইফালে ধান খৰি যায়,--নাচনী শাহু-আই নাচি আহিব। নিৰুপায়! মনৰ খং মনতে মাৰ গৈছে। বোৱাৰী-বেটীয়ে একোবাৰ বাঢ়নীৰে খুচি কণা মেঘৰ ইওটো চকু ফুটাবলৈ বাঢ়নী তুলিছে। এনে ক্ষণত, এনে উৎপতীয়া ক্ষণত এজন ডেকা আমাৰ পুখুৰী পাৰলৈকে পোনাই আহিছে মই মূৰ দাঙি চাই হঠাৎ তেওঁক দেখি চক্‌ খাই উঠিলো। কিয় চক্‌ খালোঁ ক'ব নোৱাৰোঁ, কিন্তু পিচ মুহূৰ্ত্ততে তেওঁক চিনি পালোঁ। তেওঁ আমাৰ চুবুৰীয়া। ডেকাজন ৰ'দত পকি পকাথেকেৰাটিৰ দৰে হৈ আহিছে। দেখাত বুজা যায় যে, তেওঁ কিবা আপদত পৰি উধাতু খাই আহিছে। মুখখনি বেজাৰত আমোলাই আহিছে। কিন্তু, মোৰ ওচৰ চাপিলত সেই চিন্‌ খন্তেকলৈ মুখৰপৰা আঁতৰ