নোৱাৰিলে,-তেওঁৰ সদায় বিষাদ, সদায় মন-মৰা। তাৰ কাৰণ হৈছিল, বহুকাললৈকে তেওঁৰ সতি-সন্তান নাছিল। কিমান যাগ-যজ্ঞ, পূজা-সেৱা আদি কৰালে, সকলো মিছা হ'ল। বন্ধু-বান্ধৱে দেউতাক আৰু এগৰাকী ভাৰ্য্যা বিয়া কৰাবলৈ পৰামৰ্শ দিছিল, কিন্তু ককাই-দেৱাকসকলৰ দশালৈ চাই তেওঁ তেনে হিত-উপদেশ নল'লে। অন্তত, তেওঁ সন্তানৰ আশা এৰি দি নিশ্চিত হৈছিল। এনেতে ঈশ্বৰৰ ইচ্ছাত, এই অভাগিনীৰ জন্ম হয়। দেউতাৰ অন্তৰত আনন্দৰ পাৰ নোহোৱা হ'ল। পণ্ডিতে পুথি-পাঁজি চাই মোৰ নাম ভানুমতী ৰাখিলে।
কথমপি মোৰ বয়স তিনি বছৰ হওঁতেই ঈশ্বৰে মোক মাউৰী কৰিলে। মাতৃ-চেনেহৰ--যি পৱিত্ৰ স্নেহৰ তুলনা নাই--সোৱাদ মই ভালকৈ নুবুজিলোঁ। কিন্তু, কেতিয়াবা সুৱঁৰি চালে মোৰ স্বৰ্গীয় আইতাৰ মুখখনিলৈ মনত পৰে। আৰু সেই চালুকীয়া বয়সত আইতাৰ আঁচলত ধৰি ডেও দি ফুৰা, কেতিয়াবা কোনোবাই ধৰ বুলিলে লৰ মাৰি আইতাৰ গাত গবা মাৰি ধৰা, আইতাই মোৰ মূৰ মেলাই দিয়া আৰু কেতিয়াবা ওকণি চাওঁতে আমনি পাই কান্দি বলিয়া হোৱা এইবোৰ কথা এতিয়া ৰিণিকি ৰিণিকি মনত পৰে। আইতা ঢুকাবৰেপৰা মই দেউতাৰ মানত আলাসৰ লাৰু যেন হ'লোঁ। তেওঁ সততে মোক ওচৰৰ পৰা নেৰা হ'ল। ময়ো দেউতাক এখন্তেক নেদেখিলে আন্ধাৰ যেন দেখোঁ।
এইদৰেই মোৰ জীৱনৰ চালুকীয়া কাল পাৰ হ'ল। তাৰ পাচত, মই যিমেনেই বুজন হৈ আহিলোঁ, সিমানেই দেউতাৰ লগ ধৰা অভ্যাস পাতল হৈ আহিল। এই নিয়মে লাহে লাহে মোৰ বয়স চৈধ্য বছৰত সোমালেহি। তেতিয়াৰেপৰা আল-পৈচান ধৰাত বাজে দেউতাৰ ওচৰ চাপিবলৈ মোৰ অভ্যাস নোহোৱা হ'ল। আৰু, লাহে লাহে পাচলৈ অকলে থাকি হে ভাল লগা হ'ল। কিন্তু, অকলৈ থাকোঁ বুলি চিন্তাই মোৰ লগ নেৰে। ধৰিবলৈ গ'লে, পাচলৈ চিন্তা