পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভানুমতী

প্ৰথম আধ্যা

আপোন-চিনাকি

মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল,-একেটি ৰত্ন। মোৰ জীৱনৰ আদিছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ ক'ব পাৰোঁ, সি কেৱল এনাই দেউতাৰ মুখৰপৰা শুনা কথাহে। মোৰ দেউতাৰ চাৰিগৰাকী ভাই-ককাই। দেউতা সবাতোকৈ সৰু। পুথাওদেউতা ঢুকোৱাৰ পাচৰপৰা তেওঁ ককাইদেৱাকসকলৰ আদৰত উলহৰ মাদলি আছিল। পিছে যেতিয়া সিবিলাক তিনিগৰাকীয়ে এজন-এজনকৈ বিয়া কৰাই উঠি, আপাদেউসকলৰ হাতত ঘূৰা উঘাৰ নিচিনা হ'ল, তেতিয়াৰে পৰা সেই উলহৰ মাদলি লাহে লাহে বেজাৰৰ বোজা যেন হ'বলৈ ধৰিলে। তাৰ পাচত, আকৌ আপাদেউসকলৰ লেখ ক্ৰমাৎ তিনিগৰাকীৰপৰা ছগৰাকীলৈ বাঢ়িল। আৰু, তেতিয়াৰপৰাহে ঘৰত দিনে-ৰাতিয়ে কছাৰী-ৰণ লাগিবলৈ ধৰিলে। ঘৰত কাৰো সুখ-শান্তি নোহোৱাত পৰিল। দেউতাৰ দুৰ্গতিৰ সীমা নাথাকিল; আৰু লাহে লাহে এইবোৰ কথা ৰজাৰ কাণত পৰিলগৈ। স্বৰ্গদেৱ, মন্ত্ৰী আৰু বিষয়াসকলৰে সৈতে যুগুতি কৰি, দেউতাক মতাই নিয়ালে। আৰু, চ'ৰাৰ বিচাৰমতে বৰ নিচাওদেউক ভাঙি পুথাওদেউতাৰ মৰাণ-গোহাঞিবৰুৱা বিষয়-বাব দেউতাক দিলে। দেউতাৰ স্বভাৱ-চৰিত্ৰ আৰু কথা-বাৰ্ত্তাত স্বৰ্গদেৱ বৰ সন্তুষ্ট হৈছিল। গতিকে, ৰাজ-অনুগ্ৰহৰ বলত দেউতাৰ প্ৰতিপত্তি আৰু ক্ষমতা সোনকালে বাঢ়িবলৈ ধৰিলে। তাৰ লগে লগে তেওঁৰ ঘৰ-গৃহস্থী, সুখ-সম্পদ, মান-গৌৰৱ আদিও বাঢ়ি আহিল। কিন্তু ইমানবোৰ বাহিৰৰ সুখ-সম্পদেও তেওঁৰ অন্তৰত সুখ-শান্তি দিব