পন্থ ভৈলা। পাচে ব্ৰহ্মাএ সেই ষড়ঙ্গ মূল বেদক পুত্ৰসবক পঢ়াইলা। পাচে মৰিচ্যাদি পুত্ৰসবে সৃষ্টিৰ কাৰণে বেদৰ প্ৰবৃত্তি পন্থ দেখাইলা। সনকাদি পুত্ৰে জীৱৰ মুক্তিৰ কাৰণে নিবৃত্তি পন্থ দেখাইলা। ইহাৰ ভেদ কহোঁ শুনা। সকামে বেদৰ বিহিত কৰ্ম্ম কৰি পুণ্যলোক পাৱে। পুণ্য ক্ষয় ভৈলে নৰলোকক আসে, পূৰ্ব্ব বাসনা নুগুচে, কৰ্ম্মকৰি পুনু আসে, পুনু যাই। আৰু বেদৰ অৱিহিত পাপকৰ্ম্ম কৰি পাপলোক পাৱে। প্ৰাৰব্ধ পুণ্যৱশে পাপ ক্ষয় ভৈলে নৰলোকক আসে, পাপ বাসনা নুগুচে। কাৰণ কুঞ্জৰৰ শৌচ প্ৰাই পুনু পাপ কৰ্ম্ম কৰি পাপলোক পাৱে; এহি জীৱৰ প্ৰবৃত্তি আৰু জীৱৰ উপাধি দেহৰ প্ৰবৃত্তি কহোঁ শুনা; বিহিত যজ্ঞৰ ধূমে ৰবিমণ্ডলত মেঘ হুইয়া বৃষ্টি কৰে; তাত হন্তে শস্যোৎপত্তি হয়, তাহ হন্তে জীৱৰ উপাধি দেহ হয়। দেহত হন্তে দেহান্তৰ প্ৰবৃত্তি যাই; এহি ৰূপে প্ৰবৃত্তি পন্থৰ প্ৰকাৰ বুঝিবা। নিবৃত্তি পন্থ শুনা, নিষ্কামে বিহিত নিত্যনৈমিত্তিক কৰ্ম্মক ঈশ্বৰত অৰ্পণা কৰিলে, চিত্ত শুদ্ধ হয়, অবান্তৰ জ্ঞান মিলে, তাত হন্তে ঈশ্বৰত ভক্তি হয়, পাচে ঈশ্বৰৰ
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৯
অৱয়ব