পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
সৎসম্প্ৰদায় কথা।

প্ৰসাদে নিৰ্গুণ জ্ঞানক লভে। তাত হন্তে পুণ্য বাসনা পাপ বাসনা দুয়ো গুচে, এতেকে জীৱে স্বৰ্গত নৰকত জন্ম যাতনা এৰাই আনন্দময় বিষ্ণুলোক পাৱে; এহি বেদৰ নিবৃত্তি পন্থ বুঝিবা। হে নৰনাৰীসব দেখা, ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ সাধন চাৰি বেদ; তাৰে প্ৰবৃত্তি পন্থে গৈলে সংসাৰী হোৱে, নিবৃত্তি পন্থে গৈলে সংসাৰ যাতনা এৰাই। আকে জানি দুল্লভ নৰতনু ব্ৰেথা নকৰি সৎসঙ্গত বসি হৰি বোল হৰি।

বন্দে বিশ্বেশ্বৰং বিষ্ণুং বিশ্ববিদ্যাবিশাৰদং।
বিশ্ববেদৌ বিধানায় বেদো যন্মুখতোহজনি॥
ইতি সৎসম্প্ৰদায়কথায়াং বেদোৎপত্তিপ্ৰকাৰণো নাম
 প্ৰথমোহধ্যায়ঃ।

⸺০⸺