পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৎসম্প্ৰদায় কথা।

বন্দনাদিতো বহু আনন্দ নাই। প্ৰাই মুক্তি সাধক। নাম মন্ত্ৰ জপত স্পষ্ট কোমল নামাক্ষৰ, তাৰ সাধন শ্ৰৱণ-কীৰ্ত্তনাদিতো বহু আনন্দ মিলে। প্ৰাই ভক্তি-সাধক। এতেকে কলিত, কতো বিষ্ণু অংশী, কতো পাৰ্ষদাংশী, কতো যোগেশ্বৰাংশী, বহু মহন্ত অৱতৰি, কেৱল নাম জপ পন্থ দেখাই, শ্ৰৱণ কীৰ্ত্তন আনন্দ ৰস পান কৰাই, লোকক তাৰিলা; তাৰাৰ শিষ্য সম্প্ৰদায় পাচত কহিম। এখন কেৱল নাম জপ পন্থত শ্ৰৱণ-কীৰ্ত্তন সৰ্ব্ব ধৰ্ম্মতঃ অধিক, বেদপ্ৰমাণ, হেন দেখাইতে, বেদৰ উৎপত্তি সম্প্ৰদায় কহোঁ শুনা। আদি পুৰুষৰ প্ৰথম নিশ্বাসত মুখ হন্তে বেদ জন্মিলা; সেই বেদক তেহোঁ বিৰাটৰ জীৱাত্ম! ব্ৰহ্মাত কহিলা; ব্ৰহ্মাএ চাৰিমুখে উচ্চাৰন্তে চাৰিমূৰ্ত্তি ভৈলা; সেহি বেদৰ নাম শুনা ঋক্‌, যজুস্‌, সাম, অথৰ্ব্ব, এহি চাৰি ৰূপ ভৈলা; ইহাৰ শৰীৰ কহোঁ শুনা; শিক্ষা শাস্ত্ৰে পাদ, কল্প শাস্ত্ৰে হস্ত, ব্যাকৰণে মুখ, নিৰুক্ত শাস্ত্ৰে হৃদয়, জ্যোতিষে চক্ষু, ছন্দোৱিত্তি শাস্ত্ৰে শিৰ, এহি ছয় অঙ্গ ভৈলা। মীমাংসাদি শাস্ত্ৰে বেদৰ শুভ-লক্ষণ ভৈলা। কৰ্ম্মকাণ্ড, দেৱতাকাণ্ড, জ্ঞানকাণ্ড, এহি বেদৰ তিনি কাণ্ড ভৈলা। প্ৰবৃত্তি নিবৃত্তি দুই