পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
পঞ্চম অধ্যায়।

চাৰি যোগেশ্বৰক আচাৰ্য্য পাতিলা। পশ্চিমে ৰামানন্দ, উত্তৰে মাধবাচাৰ্য্য, পূৰ্ব্বে সদানন্দ, দক্ষিণে হৰিব্যাস। পাচে এই চাৰি যোগেশ্বৰে স্বকীয় স্বকীয় নাম ধৰ্ম্ম কৰি প্ৰৱৰ্ত্তাইলা। পশ্চিমে ৰামানন্দৰ প্ৰবৰ্ত্তনী—ৰাম নাম, ধৰ্ম্মমানসপূজা, কৰ্ম্মতীৰ্থাটন। উত্তৰে মাধবাচাৰ্য্যৰ প্ৰবৰ্ত্তনি—যুগল কৃষ্ণ-নাম, ধৰ্ম্ম আত্মা পৰিচয়, কৰ্ম্ম গুৰু পৰিচয়। পূৰ্ব্বে সদানন্দৰ প্ৰবৰ্ত্তনি—তিনি তাৰক-নাম, ধৰ্ম্ম-যাত্ৰা মহোৎসৱ, কৰ্ম্ম-সংকীৰ্ত্তন। দক্ষিণে বিষ্ণু শ্যামৰ প্ৰবৰ্ত্তনি নাম নাৰায়ণ, ধৰ্ম্ম ঈশ্বৰ পূজা, কৰ্ম্ম সদাচাৰ। এই ৰূপে চাৰি আচাৰ্য্যৰ প্ৰবৰ্ত্তনি চাৰিদিশে ভৈলা। পাচে শঙ্কবাচাৰ্য্যে বহুকাল থাকি কবিষাগ্নি কৰি ভৌতিক দেহ দহি বৈদ্যনাথত লয় গৈলা। দেখা বৰ্ণাশ্ৰম ধৰ্ম্মতো হৰি বিমুখৰ গতি নাই জানি-পৰম হংস ধৰ্ম্মতে হৰিভক্তি দেখাইলা। হেনয় কৃপাময় শঙ্কৰক স্মৰি হৰি বোল হৰি।

 ব্ৰহ্মচাৰী গৃহী চৈব বান প্ৰস্থী যতিশ্চ বা।
 বিনাবৈষ্ণৱসঙ্গেন নতৰন্তি ভৱাৰ্ণবং॥
ইতি সৎসম্প্ৰদায়কথায়াং পৰমহংসধৰ্ম্ম প্ৰকাশো নাম
 পঞ্চমোহধ্যায়ঃ।