পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সৎসম্প্ৰদায় কথা।

পুথি হাতৰ কমণ্ডলু কটিৰ কপিন খসি খসি পৰিলা। তাকে নচাই উঠিল গই; পাচে শৃঙ্গৰ গহ্বৰে দিগম্বৰ পুৰুষ এক দেখি বোলে “কোভবান্?” দত্তে বোলে সৰ্ব্বত্ৰ এক; এই তান অভেদ বচন শুনি শঙ্কৰচাৰ্য্যে প্ৰদক্ষিণে প্ৰণাম কৰি জ্ঞান পুচিলা। পাচে দত্তে আগে সন্ন্যাস মন্ত্ৰ স্মৰণ কৰাই পাচে পৰমহংস ধৰ্ম্ম কহিলা। পাচে শঙ্কৰচাৰ্য্যে পুনু প্ৰণাম কৰি বোলে হে গুৰু এই ধৰ্ম্মক কলিত কোনে কোনে পালিবেক। দত্তে বোলে তুমি আগে বাৰাণসীত প্ৰৱৰ্ত্তাইবা পাচে বিষ্ণু অংশী কতো পাৰ্ষদাংশী কতো যোগেশ্বৰাংশী বহু মহন্ত অৱতৰি তোমাৰ এই ধৰ্ম্মক পালিবেক আৰু যাবচ্চন্দ্ৰ দিৱাকৰ তাবে কীৰ্ত্তি ৰহি, বেক। এই আজ্ঞা পাইলা। পাচে শঙ্কৰাচাৰ্য্যে দত্তক প্ৰণাম কৰি গিৰিনাৰায়ণ শৃঙ্গৰ নামি শিষ্য সমে বাৰাণসীক আসিলা। পাচে পৰমহংসধৰ্ম্মৰ মূলশাস্ত্ৰ গীতা ভাগৱত বেদান্তৰ মতে জ্ঞানক প্ৰধান কৰি টীকা ৰচিলা আৰু আনন্দগিৰি ও বেদান্তৰ ভাষ্যৰ টীকা ৰচিলা। এই দুই টীকাৰ মতে নিৰাকাৰ ব্ৰহ্মৰ ভক্তি প্ৰৱৰ্ত্তাইলা। আকে নিৰ্গুণ ভক্তি বোলে। পাচে বাৰাণসীৰ চাৰিদিশে