সৎসম্প্ৰদায় কথা/ষষ্ঠ অধ্যায়—গীতাভাগৱতীয় টীকা প্ৰকাশ

ৱিকিউৎসৰ পৰা

[ ২৮ ]

ষষ্ঠ অধ্যায়।

গীতাভাগৱতীয় টীকা প্ৰকাশ।

 পাচে বাৰাণসীত গীতাৰ বহু টীকাৰ বহু সম্মত দেখি মহন্ত সবৰ সংশয় ভৈলা। পাচে বিষ্ণু অংশী শ্ৰীধৰ স্বামী মহন্তে চাই দেখে দামোদৰী টীকায়ে তিনিয়ো যোগক সমান কৰি কহিছে। ভাস্কৰী টীকাএ কৰ্ম্মক প্ৰধান পাতি কহিছে। ভাষ্যকাৰ টীকাএ জ্ঞানযোগক প্ৰধান কৰি কহিছে। ইহাতে বেদান্তৰ প্ৰমাণ আছে। তথাপি ভাস্কৰী টীকাএ সহিতে সম্মত ৰাখিতে কৰ্ম্মযোগত জ্ঞানযোগত বাদনুগুচে। ভক্তি যোগত কাৰো বাদ নাই জানি ভাষ্যকাৰ শঙ্কৰাচাৰ্য্যৰ মত আনন্দ গিৰিৰো মত। তাকো মতি অনুসাৰে লই ভক্তি যোগক প্ৰধান পাতি শ্ৰীধৰস্বামীয়ে সুবোধনী নামে গীতাৰ টীকা ৰচিলা আৰু সেই মতে ভাগৱতৰো টীকা ৰচিলা। পাচে জ্ঞানযোগী মহন্তে বোলে শঙ্কৰী টীকা বেদান্তৰ মত, সেই সে শ্ৰেষ্ঠ। ভক্তিযোগী মহন্তে বোলে [ ২৯ ] জ্ঞানপন্থে ভজন দুষ্কৰ, ভক্তি যোগে সুকৰ, শ্ৰীধৰী টীকাসে শ্ৰেষ্ঠ। কৰ্ম্মযোগী মহন্তে বোলে ভক্তিৰো মূক্ষ সাধন কৰ্ম্ম, ভাস্কৰী টীকা সে শ্ৰেষ্ঠ। কেতো বোলে তিনিয়ো যোগ প্ৰধান দামোদৰী টীকা সে শ্ৰেষ্ঠ। এইৰূপে সম্বাদ কৰি প্ৰণাম কৰি সকল টীকাকে গঙ্গাত ক্ষেপিলা। পাচে গঙ্গাদেবী ব্যক্ত হুই ডাইন হাতে শঙ্কৰী টীকাক তুলি লৈলা, বাম হাতে শ্ৰীধৰী টীকাক তুলি লৈলা। আনো টীকা পানে জলে ভাসিল। পাচে জ্ঞানযোগী সবে ধৰ্ম্মময়ী গঙ্গাৰ ডাইন হাতক শ্ৰেষ্ঠ বুলি শঙ্কৰী টীকাক আদৰিলা। ভক্তি যোগী সবে গঙ্গাদেবীৰ বাম হাত শ্ৰেষ্ঠ বুলি ধৰি শ্ৰীধৰি টীকা অদিৰিলা৷ পাচে সবে মহন্তে আলোচি স্ত্ৰী শূদ্ৰাদিক কৃপাএ শঙ্কৰী শ্ৰীধৰী টীকাৰ সাৰাৰ্থ চাই দেশ-ভাষা বন্ধে গীত পদ কৰি প্ৰৱৰ্ত্তাইলা। এতেকে স্ত্ৰী শূদ্ৰাদি যৱন পৰ্য্যন্তে কতো জ্ঞানপন্থে কতো ভক্তিপন্থে চলি হৰিপৰায়ণ ভৈল, অদ্যাপিও কবিৰ অদ্ভুতাচাৰ্য্য কৃত গীতপদ প্ৰকাশ আছে। হে নৰনাৰীসব দেখা শিৱ বিষ্ণুৰ কেমন কৃপা। অল্পমতি লোকৰ বোধাৰ্থে শ্ৰীগীতা ভাগৱতৰ ব্যাখ্যা ৰূপে [ ৩০ ] টীকা প্ৰকাশিলা। হে নৰ শঙ্কৰশ্ৰীধৰ বন্দি হৰি বোল হৰি।

 শঙ্কৰশ্ৰীধৰৌ বন্দে শিৱবিষ্ণুস্বৰূপিণৌ।
 যাভ্যাং গীতাভাগৱতা ব্যাখ্যায়াভুৰিভাষিতং।
ইতি সৎসম্প্ৰদায়কথায়াং গীতাভাগৱতীর টীকা-
 প্ৰকাশো নাম ষষ্ঠোহধ্যায়ঃ।

⸻৹⸻