পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱম অধ্যায়।

ভক্তি প্ৰকাশ।

 পাচে কণ্ঠভূষণে ভাগৱত কহে শ্ৰীশঙ্কৰে গীত পদকৰে, তাকে শুনি আনন্দ পাই গড়ুৰধ্বজ ঠাকুৰীয়া প্ৰভৃতি অনেক লোকে প্ৰসঙ্গত আসি বসে। দেখি শঙ্কৰে বোলে হে ঠাকুৰীয়া, ভক্ত নভৈলে শ্ৰৱণ বিফল। দামোদৰ গুৰুত উপদেশ লৈয়া ভক্ত হৱা। এই শুনি ঠাকুৰীয়া প্ৰমুখে সকল লোকে দামোদৰত শৰণাপন্ন হৈল। তাৰে পৰদিনা শ্ৰীশঙ্কৰৰ পিতা কুসুম দলইৰ শ্ৰাদ্ধত শঙ্কৰে দামোদৰক আহুত কৰি নিলা, ৰাত্ৰি ভোজন কৰাইবাক পাসৰিলে; দৈবাত দামোদৰো লঙ্ঘনে ৰহিলা। পাচে সেই নিশাত ঈশ্বৰে স্বপ্নত শঙ্কৰক ঠাকুৰীয়াকো বেতে কোবাই বোলে উঠ্‌ উঠ্‌, মোত কেনে ভক্তি