যদুমণিক, শঙ্কৰ্ষণক, গোপালমিশ্ৰক, সৰু গোপালক, ভাগৱত মিশ্ৰক, সনাতন দেৱক ১২ শৰণ কৰাই চাৰি নাম দি শৰণ-পটল ক্ৰমে শিষ্য ভজাইবে দিলা। কবিৰত্নক শৰণ লগায়া চাৰি নাম দিয়া লগতে ৰাখিলা। পাচে মনোহৰ আতাকো তিনি নাম দিলা; পাচে দামোদৰৰ এই প্ৰৱৰ্ত্তনি শুনি যাদৱেন্দ্ৰপুৰি, সন্তদেৱ, হৰিদেৱ, অনন্ত কন্দলি, ৰামদাস এই পাঞ্চজনে বাদ কৰিবে মনে পাটবাউসীক আসি বোলে হে দামোদৰ চৈতন্যৰ ষোল্ল নাম নেদি কেনে তিনি নাম, চাৰি নাম দিয়া। দামোদৰে বোলে মহা প্ৰভুৰ নিৰ্ণয় তিনি নামেসে; প্ৰতাপৰুদ্ৰ ৰাজাৰ বিশ্বাসৰ অৰ্থে ষোল্ল নাম কৰি দিছে। তিনি নামে সে মূল; ব্ৰহ্ম নাম সমে চাৰি। এইৰূপে প্ৰভুৰ আজ্ঞা হৈছে; হয় নহয় ইদেশৰ কণ্ঠভূষণত পোচা; সিদেশৰ কথা গোমস্তা আতাত পোচা; এহি শুনি পঞ্চোজনে কণ্ঠভূষণত শঙ্কৰতো পুচি সজাঁত যাই মুকুন্দৰামে দিয়া ষোল্ল নাম এৰি, পাচে দামোদৰক গুৰু মানিয়া নামৰ নিৰ্ণয় লৈল। পাচে দামোদৰে পটলদি সবাকে শিষ্য ভজাইবাক দিলা। পাচে অনন্ত কন্দলি মাত্ৰ গুৰুৰ নলৈল। এহিৰূপে শ্ৰীদামোদৰে
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৬
অৱয়ব