সৎসম্প্ৰদায় কথা/অষ্টম অধ্যায়—দামোদৰ সম্প্ৰদায়

ৱিকিউৎসৰ পৰা

[ ৩৯ ]

অষ্টম অধ্যায়।

দামোদৰ সম্প্ৰদায়।

 এখন দামোদৰী সম্প্ৰদায়ৰ প্ৰস্তুত কহোঁ শুনা। শ্ৰীশঙ্কৰে পূৰ্ব্বে দামোদৰ মুখে চৈতন্যৰ বাৰ্ত্তা শুনি দেখিবে ইচ্ছা আছিল; বিষয় ব্যগ্ৰে নাপাইল। পাচে ৰামৰায় বড়ুৱাক গোমস্তা পাতি ৰামৰাম গুৰু সমে মণিকুটে গৈলা। পাচে মাধৱদৰ্শন হুই ৰত্নপাঠকৰ মুখে ভাগৱত শুনি বোলে হে ৰত্নপাঠক, এহি শাস্ত্ৰ ইঠাইত কোনে প্ৰৱৰ্ত্তাইল। পাঠকে বোলে শ্ৰীচৈতন্য মহাপ্ৰভু প্ৰৱৰ্ত্তাইল। শঙ্কৰে বোলে এখন প্ৰভু চৈতন্য কত আছে। পাঠকে বোলে এই গোফাতে আছিল; এখন যাই ওড়েষাত আছে। এই শুনি শঙ্কৰে ৰামৰাম গুৰু সহিতে পশ্চিমে চলি ওড়েষাক গৈলা। পাচে ঠাকুৰ দৰ্শন হুই চৈতন্যৰ মঠৰ দ্বাৰে গৈলা। তাতে ব্ৰহ্মহৰিদাসে দেখি বোলে তোৰা দুই কৈত থাকা। শঙ্কৰে বোলে আমি পূৰ্ব্বদেশী কায়স্থ, এন্তে ৰামৰাম [ ৪০ ] ব্ৰাহ্মণ; মহাপ্ৰভুক দেখিতে চাওঁ। ব্ৰহ্মহৰিদাসে বোলে এখন মহাপ্ৰভু ব্ৰতী, সম্ভাষণা নকৰে, কমনে দেখিবা। যদি দেখিতে চাৱাঁ কিছো বিত্ত ভাঙ্গি কীৰ্ত্তন আৰম্ভা। কীৰ্ত্তনৰ লোভে ওলাইতে দেখিবা। এই শুনি শঙ্কৰে বিত্ত ভাঙ্গি কীৰ্ত্তন আৰম্ভিলা, পাচে মহাপ্ৰভু তাতে ওলাই বহু মহন্তৰ মধ্যত দুই প্ৰহৰ নৃত্য কৰি অলক্ষিতে গৈলেক। পাচে শঙ্কৰে তাঙ্ক লক্ষিবে নপাৰি পুনু হৰিদাসত পুচিলা, বোলে হে ব্ৰহ্মহৰিদাস প্ৰভুক চিনি নাপাইলো, তান কি লক্ষণ। হৰিদাসে বোলে প্ৰভুৰ ৰূপ গৌৰাঙ্গ, মুণ্ডিত মুণ্ড, গলত কণ্ঠী, হাতে জপমালা, কটিত কপিন, মুখে হৰিবোল, প্ৰেমে বিভোল, এহি লক্ষণ। তাঙ্ক দেখিতে আউৰ উপায় কহোঁ। যেখন প্ৰাতসে ঠাকুৰৰ জলশঙ্খ বাদ্য হয়, তেখনে দ্বাৰ মেলে। সেহি বেলা মহাপ্ৰভু সাগৰ স্নানে যাই। সেহি বেলা দ্বাৰতে থাকি দুয়ো অৱশ্যে দেখিবা। এহি শুনি শঙ্কৰে ৰামৰম গুৰু সহিতে প্ৰাতসে যাই দ্বাৰতে ৰহিল। পাচে জলশঙ্খ বাদ্য হৈল, কপাটো মৈলিল। সেহি সময়ে চৈতন্যো কমণ্ডলু লই দ্বাৰৰ ওলাই ৰামৰামৰ মাথে উঝট লাগিল; তাতে [ ৪১ ] মহাপ্ৰভু চাৰি নাম উচ্চাৰিল। সেই তান মন্ত্ৰ ভৈলা। পাচে সাগৰত স্নান কৰি ফিৰি আহন্তে তান স্বৰূপ দেখি পাৱৰ খোজে প্ৰণাম কৰি ব্ৰহ্মহৰিদাসক বোলে তোমাৰ প্ৰসাদত প্ৰভুক দেখিলো, জন্ম সাফল ভৈল। এখন এইখানি প্ৰভুত পোচা, কলিত কাত ভক্তি ৰহিবেক আৰু সি দেশত বা হৰিৰ নাম কোনে দিবেক। এহি শুনি হৰিদাসে চৈতন্যত পুচিলে বোলে মহাপ্ৰভু পূৰ্ব্বদেশী দুই প্ৰাণী আসি কাতৰে পুচিছে বোলে কলিত কাত ভক্তি ৰহিবেক; আমাক বা কি আজ্ঞা কৰে; সিদেশত হৰিৰ নাম কোনে দিবেক। এহি শুনি চৈতন্যে বোলন্ত হে ব্ৰহ্মহৰিদাস, ভক্তি প্ৰেম-ৰস উচ্চত নৰহে নামত ৰহে। এতেকে নিস্কিঞ্চন জনত ভক্তি ৰহিবেক। হেৰ দেখাওঁ; এহি বুলি কমণ্ডলুৰ জল গহ্বৰে ঢালিল। পাচে উচ্চে নবহি জল নামে বহিল; আৰু বোলন্ত সিদেশক গৈতে শঙ্কৰক জানি। সি বৰ মনুষ্য, তাঙ্ক আমাৰ এই আজ্ঞা, আমাৰ শিষ্য কণ্ঠভূষণৰ মুখে ভাগৱত শুনি শঙ্কৰে গীত পদ কৰিবেক আৰু গজপতি ৰায় পুৰুষোত্তমে কৰা সাতশ শ্লোকৰ নামমালিকা [ ৪২ ] খেনিৰ ঘোষা কৰিবেক আৰু ৰামৰাম বিপ্ৰকো জানি, তাঙ্ক এই আজ্ঞা যি চাৰি নাম পাইছে তাকে ব্ৰহ্মবুলি ধৰিবেক আৰু এই বত্ৰিশ শ্লোকে শৰণ পটল খানি ৰামৰামে নি মোৰ শিষ্য দামোদৰৰ হাতত দিবেক; সেই পটল ক্ৰমে সি দেশত হৰিৰ নাম দিবেক; এই আমাৰ আজ্ঞা কই পঠাৱা। পাচে ব্ৰহ্মহৰিদাসে ওলাই আসি চৈতন্যৰ এই সকল আজ্ঞাকে শঙ্কৰত ৰামৰামতো কই শঙ্কৰকো দিলে নামমালিকা, ৰামৰামক দিলে শৰণপটল খানি। পাচে দুখানি দবনাৰ মালাদি দুইকো পঠালে। পাচে শঙ্কৰে ৰামৰাম গুৰু সহিতে চৈতন্যৰ মঠক প্ৰদক্ষিণে প্ৰণামি, পুনু ঠাকুৰকো প্ৰণামি তান প্ৰসাদ নিৰ্ম্মাল্য লই কামৰূপে ৰামৰয় বৰুৱাত সকল বাৰ্ত্তা কই পাটবাউসীত গৃহ বান্ধি প্ৰতিমা থাপিলা। পাচে কণ্ঠভূষণক আনি ভাগৱত প্ৰসঙ্গ পাতি দামোদৰক বাৰ্ত্তা দিলা। পাচে দামোদৰে তাক যাই নৰহে দেখি, শঙ্কৰে বেলে হে গুৰু তুমি নৰহা কি কাৰণে। ই দেশত হৰিৰ নাম দিবাক, চৈতন্যৰ আজ্ঞা তোমাক হৈছে। দামোদৰে বোলে গোমস্তা আতা আমাৰ তিনটি প্ৰাণীক কোনে পুষিবেক; [ ৪৩ ] শঙ্কৰে বোলে মহাপ্ৰভু পুষিবেক। এই শুনি দামোদৰ প্ৰসঙ্গে বসিলা। পাচে ৰামৰাম গুৰু নি তান হাতে শৰণপটল খানি দিলে, দামোদৰে চৈতন্যক প্ৰণাম কৰি লই চাব মেলি চাই দেখে ভূৰ্জ্জপত্ৰত লেখি দিছে; বাহ্মণক চাৰি নাম, শূদ্ৰক তিনি দিবাক আজ্ঞা কৰিছে আৰু বত্ৰিশ শ্লোকে কৈছে নৱলক্ষণ নভৈলে ভক্তি নৰহে আৰু লক্ষনাম জপিলেসে গুৰু শিষ্যক তাৰিবে পাৰে। নাপাৰি শিষ্যৰ খাইলে এক গোটা চাউলে আঠমোণৰ ভাৰ হোৱে। এই সব আজ্ঞা বিচাৰি লই পুনু চৈতন্যক প্ৰণাম কৰি মাথে লৈল। দেখা শিবাংশী শঙ্কৰে গোমস্তাৰূপে ৰাজ্য পাতি বৈদেশীৰূপে শ্ৰীচৈতন্যৰ আজ্ঞা আনি দামোদৰত অৰ্পি ধৰ্ম্মকো পাতিলে। হেনয় শঙ্কৰ কীৰ্ত্তিক স্মৰি হৰিবোল হৰি।

 চৈতন্যাদেশমানীয় গুৰৌ দামোদৰেহৰ্পয়েৎ।
 ৰামেণ শঙ্কৰো ধীমান্ তস্য কীৰ্ত্তং স্মৰাম্যহং॥
ইতি সৎসম্প্ৰদায়কথায়াং দামোদৰসম্প্ৰদায়ো, নামাষ্টমোহধ্যায়ঃ॥