পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়।

দামোদৰ সম্প্ৰদায়।

 এখন দামোদৰী সম্প্ৰদায়ৰ প্ৰস্তুত কহোঁ শুনা। শ্ৰীশঙ্কৰে পূৰ্ব্বে দামোদৰ মুখে চৈতন্যৰ বাৰ্ত্তা শুনি দেখিবে ইচ্ছা আছিল; বিষয় ব্যগ্ৰে নাপাইল। পাচে ৰামৰায় বড়ুৱাক গোমস্তা পাতি ৰামৰাম গুৰু সমে মণিকুটে গৈলা। পাচে মাধৱদৰ্শন হুই ৰত্নপাঠকৰ মুখে ভাগৱত শুনি বোলে হে ৰত্নপাঠক, এহি শাস্ত্ৰ ইঠাইত কোনে প্ৰৱৰ্ত্তাইল। পাঠকে বোলে শ্ৰীচৈতন্য মহাপ্ৰভু প্ৰৱৰ্ত্তাইল। শঙ্কৰে বোলে এখন প্ৰভু চৈতন্য কত আছে। পাঠকে বোলে এই গোফাতে আছিল; এখন যাই ওড়েষাত আছে। এই শুনি শঙ্কৰে ৰামৰাম গুৰু সহিতে পশ্চিমে চলি ওড়েষাক গৈলা। পাচে ঠাকুৰ দৰ্শন হুই চৈতন্যৰ মঠৰ দ্বাৰে গৈলা। তাতে ব্ৰহ্মহৰিদাসে দেখি বোলে তোৰা দুই কৈত থাকা। শঙ্কৰে বোলে আমি পূৰ্ব্বদেশী কায়স্থ, এন্তে ৰামৰাম