ব্ৰাহ্মণ; মহাপ্ৰভুক দেখিতে চাওঁ। ব্ৰহ্মহৰিদাসে বোলে এখন মহাপ্ৰভু ব্ৰতী, সম্ভাষণা নকৰে, কমনে দেখিবা। যদি দেখিতে চাৱাঁ কিছো বিত্ত ভাঙ্গি কীৰ্ত্তন আৰম্ভা। কীৰ্ত্তনৰ লোভে ওলাইতে দেখিবা। এই শুনি শঙ্কৰে বিত্ত ভাঙ্গি কীৰ্ত্তন আৰম্ভিলা, পাচে মহাপ্ৰভু তাতে ওলাই বহু মহন্তৰ মধ্যত দুই প্ৰহৰ নৃত্য কৰি অলক্ষিতে গৈলেক। পাচে শঙ্কৰে তাঙ্ক লক্ষিবে নপাৰি পুনু হৰিদাসত পুচিলা, বোলে হে ব্ৰহ্মহৰিদাস প্ৰভুক চিনি নাপাইলো, তান কি লক্ষণ। হৰিদাসে বোলে প্ৰভুৰ ৰূপ গৌৰাঙ্গ, মুণ্ডিত মুণ্ড, গলত কণ্ঠী, হাতে জপমালা, কটিত কপিন, মুখে হৰিবোল, প্ৰেমে বিভোল, এহি লক্ষণ। তাঙ্ক দেখিতে আউৰ উপায় কহোঁ। যেখন প্ৰাতসে ঠাকুৰৰ জলশঙ্খ বাদ্য হয়, তেখনে দ্বাৰ মেলে। সেহি বেলা মহাপ্ৰভু সাগৰ স্নানে যাই। সেহি বেলা দ্বাৰতে থাকি দুয়ো অৱশ্যে দেখিবা। এহি শুনি শঙ্কৰে ৰামৰম গুৰু সহিতে প্ৰাতসে যাই দ্বাৰতে ৰহিল। পাচে জলশঙ্খ বাদ্য হৈল, কপাটো মৈলিল। সেহি সময়ে চৈতন্যো কমণ্ডলু লই দ্বাৰৰ ওলাই ৰামৰামৰ মাথে উঝট লাগিল; তাতে