পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সৎসম্প্ৰদায় কথা।

খেনিৰ ঘোষা কৰিবেক আৰু ৰামৰাম বিপ্ৰকো জানি, তাঙ্ক এই আজ্ঞা যি চাৰি নাম পাইছে তাকে ব্ৰহ্মবুলি ধৰিবেক আৰু এই বত্ৰিশ শ্লোকে শৰণ পটল খানি ৰামৰামে নি মোৰ শিষ্য দামোদৰৰ হাতত দিবেক; সেই পটল ক্ৰমে সি দেশত হৰিৰ নাম দিবেক; এই আমাৰ আজ্ঞা কই পঠাৱা। পাচে ব্ৰহ্মহৰিদাসে ওলাই আসি চৈতন্যৰ এই সকল আজ্ঞাকে শঙ্কৰত ৰামৰামতো কই শঙ্কৰকো দিলে নামমালিকা, ৰামৰামক দিলে শৰণপটল খানি। পাচে দুখানি দবনাৰ মালাদি দুইকো পঠালে। পাচে শঙ্কৰে ৰামৰাম গুৰু সহিতে চৈতন্যৰ মঠক প্ৰদক্ষিণে প্ৰণামি, পুনু ঠাকুৰকো প্ৰণামি তান প্ৰসাদ নিৰ্ম্মাল্য লই কামৰূপে ৰামৰয় বৰুৱাত সকল বাৰ্ত্তা কই পাটবাউসীত গৃহ বান্ধি প্ৰতিমা থাপিলা। পাচে কণ্ঠভূষণক আনি ভাগৱত প্ৰসঙ্গ পাতি দামোদৰক বাৰ্ত্তা দিলা। পাচে দামোদৰে তাক যাই নৰহে দেখি, শঙ্কৰে বেলে হে গুৰু তুমি নৰহা কি কাৰণে। ই দেশত হৰিৰ নাম দিবাক, চৈতন্যৰ আজ্ঞা তোমাক হৈছে। দামোদৰে বোলে গোমস্তা আতা আমাৰ তিনটি প্ৰাণীক কোনে পুষিবেক;