পৃষ্ঠা:Swagatam Pariksha.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


অভিজ্ঞ ছাত্ৰ-ছাত্ৰী, অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত অধ্যয়নৰ সময়-তালিকা প্ৰস্তুত কৰি ল’ব লাগে আৰু পাছত তেওঁলোকে নিজেই নিজৰ বিভিন্ন অধ্যয়নৰ বাবে বেলেগ বেলেগ সময়-তালিকা প্ৰস্তুত কৰি ল’ব পাৰিব। কিন্তু অনুকৰণ কৰিব পাৰিলে সবাতোকৈ সুবিধাজনক সময়-তালিকা হ’ল 'চক্ৰাকাৰ সময়-তালিকা’ বা ‘চাৰ্কুলাৰ ৰুটিন’। এনেকুৱা সময়-তালিকাত একোটি শিক্ষা-পাঠ্যক্ৰমৰ বাবে আৱশ্যকীয় বিষয়সমূহ এটাৰ পাছত এটাকৈ লিখি এখন তালিকা প্ৰস্তুত কৰি লোৱা হয়। অধ্যয়নৰ সময়তো এটাৰ পাছত এটাকৈ বিষয়বোৰ পঢ়ি তালিকাখন শেষ হলে পুনৰ প্ৰথমৰ পৰা আৰম্ভ কৰা হয়। এনে ক্ষেত্ৰত কোনটো বিষয় কেতিয়া, কিমান সময় পঢ়া হ’ব সেইটো দৃঢ় নহয়। একোটা বিষয় এবাৰ আৰম্ভ কৰিলে এটা সন্তোষজনক সীমা নোপোৱা পৰ্যন্ত তাকেই পঢ়ি থকা হয় আৰু তাৰ পাছত পৰৱৰ্তী বিষয়লৈ আগবঢ়া হয়। এনে সময়-তালিকাত টান তথা দীঘলীয়া বিষয়বোৰ বেছিদিন আৰু সহজ তথা চুটি বিষয়বোৰ কম দিন পঢ়াৰ ব্যৱস্থা কৰিব পাৰি। অৱশ্যে বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে অধ্যয়নৰ প্ৰকৃত দায়িত্ববোধ ভালদৰে আয়ত্ত কৰিব নোৱাৰে আৰু সেইবাবে চক্ৰাকাৰ সময়-তালিকা তেওঁলোকৰ বাবে সিমান সুবিধাজনক নহয়। কিন্তু উচ্চশিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ দায়িত্ববোধ বঢ়াৰ লগে লগে চক্ৰাকাৰ সময়-তালিকা অত্যধিক উপযোগী হৈ পৰে— বিশেষকৈ পৰীক্ষাৰ আগমুহূৰ্তত আৰু পৰীক্ষা চলি থকা অৱস্থাত ইয়াৰ বিকল্প নোহোৱা হৈ পৰে।

 মুঠ কথা, অধ্যয়নৰ সময়-তালিকা বা ৰুটিন পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰ অন্যতম অবিচ্ছেদ্য চৰ্ত। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে ইয়াক অনুসৰণ কৰাত প্ৰচণ্ড বিৰক্তি অনুভৱ কৰিব পাৰে। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থতে সেই বিৰক্তি অতিক্ৰম কৰিব পাৰিব লাগিব আৰু অৱশেষত ই নিয়মানুবৰ্তিতা প্ৰদান কৰি জীৱনৰ

সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাত সহায়ক হ’ব।

২৬