পৃষ্ঠা:Swagatam Pariksha.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


কৰ্মৰাজিত প্ৰয়োগ কৰিব লাগে। অৱশ্যে নিজস্ব পঢ়া-শুনাৰ বাহিৰেও সাধাৰণ জীৱন- যাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলৰ খোৱা-লোৱা, খেলা-ধূলা, আমোদ-প্ৰমোদ, অৱসৰ বিনোদন, বিদ্যালয় বা মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আদিও আছে। তদুপৰি আছে বিভিন্ন উৎসৱ- পাৰ্বণ, ঘৰুৱা কাম-কাজৰ দায়িত্ব, আনুষংগিক কাৰ্যসূচী। কিন্তু সময়-তালিকা এখন প্ৰস্তুত হৈ উঠাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে সকলো ধৰণৰ সাময়িক কাৰ্যসূচীৰ অদৰকাৰী বা এৰাই চলিব পৰা অংশসমূহ বাদ দিব লাগিব আৰু যিমানদূৰ সম্ভৱ সময়-তালিকা অনুসৰণ কৰি যাবলৈ যত্নপৰ হ’ব লাগিব। ৰাতিপুৱা সময়মতে বিছনাৰ পৰা উঠা আৰু ৰাতি সময়মতে বিছনালৈ যোৱা সময়-তালিকা এখনৰ অন্যতম চৰ্ত। তদুপৰি আগতে আলোচনা কৰা অনুসৰি স্বাস্থ্যবিধিৰ সাধাৰণ নিয়মসমূহ মানি চলিলেহে শৰীৰ সুস্থ হৈ থাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলে সময়-তালিকা দৃঢ়ভাৱে অনুসৰণ কৰি অধ্যয়নত অগ্ৰসৰ হ’ব পাৰিব। সেই অনুসৰি আহাৰ, জিৰণি আৰু ব্যায়াম সময়-তালিকাত সঠিক সময়ত অন্তৰ্ভুক্ত হ’ব লাগিব। ইয়াৰ উপৰিও বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ পাঠদানৰ নিজস্ব তালিকা থাকেই আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সময়-তালিকাত ইয়াৰ কথাও বিবেচনা কৰিব লাগিব। অৱশেষত থাকিল ৰাতিপুৱা আৰু সন্ধিয়াৰ নিজ নিজ পঢ়া সময়খিনি আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰতে বহু ক্ষেত্ৰত পৰীক্ষাৰ সফলতা নিৰ্ভৰ কৰে।

 বহু ক্ষেত্ৰত বিতৰ্কৰ অৱকাশ থাকিলেও ব্যক্তিগত অভিজ্ঞতাৰে ক’ব খোজো যে, নিতৌ সাধাৰণতে এটা বা দুটা বিষয়তকৈ বেছি বিষয় ভালদৰে পঢ়া সম্ভৱ নহয়। এনে ক্ষেত্ৰত সপ্তাহটোৰ কোনদিন কি বিষয় পঢ়িব ছাত্ৰ-ছাত্ৰীসকলে তাৰ তালিকা কৰি ল’ব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলতা থকা বিষয়সমূহ আৰু পৰীক্ষাত অধিক নম্বৰ থকা বিষয়সমূহত বেছি গুৰুত্ব দিব লাগে আৰু সম্ভৱ হ’লে সপ্তাহত দুই বা তিনিদিন এই বিষয়সমূহ পঢ়াৰ ব্যৱস্থা কৰিব লাগে। অংক বিষয়টোত যিহেতু আন বিষয়ৰ তুলনাত বেছি অভ্যাসৰ প্ৰয়োজন হয়, সেইবাবে সম্ভৱ হ’লে সময়-তালিকাতে নিতৌ অংকৰ বাবে সময় ৰাখিব লাগে। তদুপৰি প্ৰতিদিনে বিদ্যালয় বা মহাবিদ্যালয়ত পাঠদান হ’বলগীয়া বিষয়সমূহত আগদিনাই একোবাৰ চকু ফুৰাই যোৱাৰ ব্যৱস্থা কৰিলে শ্ৰেণীত বুজি পোৱাত আশাতীতভাৱে সহায়ক হোৱা দেখা যায় আৰু সেইবাবে তেনে কৰাৰ বাবেও সময়-তালিকাত এঘণ্টামান সময় আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, সময় আগবঢ়াৰ লগে লগে অধ্যয়ন তথা শিক্ষানুষ্ঠানত পাঠদানৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি বহু ক্ষেত্ৰত অধ্যয়নৰ সময়-তালিকাৰ কিছু সালসলনিৰ আৱশ্যক হ'ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিজ্ঞতাৰে সহজেই

সেইবিলাক কৰি ল’ব পাৰিব। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলে অগ্ৰজ

২৫