পৃষ্ঠা:Swagatam Pariksha.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সফলতাৰ অন্যতম চৰ্ত— সময়-তালিকা বা ৰুটিন

 অধ্যয়নৰ পৰিবেশ বা পঢ়া কোঠাৰ সঠিক পৰিবেশ সৃষ্টি হোৱাৰ পিছত আমি পাঠ অধ্যয়ন আৰম্ভ কৰিব পাৰো। অধ্যয়নৰ প্ৰাৰম্ভতে মন কৰিবলগীয়া কথাকেইটা হ’ল— আমি কি বিষয়, কেতিয়া, কেনেকৈ পঢ়িবলৈ আৰম্ভ কৰিম। এটা বিষয়ৰ গোটেইখন পুথিয়েই প্ৰথমে পঢ়িবলৈ ল’ম নে টোকাবহী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিম? নিজে নিজে পঢ়ি যাম নে বিদ্যালয় তথা মহাবিদ্যালয়ত সেই নিৰ্দিষ্ট পাঠবোৰ পঢ়ুৱা হোৱালৈকে বাট চাম? ইত্যাদি ইত্যাদি। এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবে বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে। আনহাতে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ শুদ্ধ পথেৰে অগ্ৰসৰ হোৱা বাবে কম মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়েও বহু ক্ষেত্ৰত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা দেখা যায়। আমাৰ আলোচনা আগবঢ়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰো লাভ কৰিব। এই দিশত প্ৰথম আলোচ্য বিষয় হ’ল অধ্যয়নৰ সময়-তালিকা বা ৰুটিন। অধ্যয়নৰ সময়-তালিকা বা ৰুটিনৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ অবিহনে পৰীক্ষাত ভাল ফলাফল আশা কৰিব নোৱাৰি। অৱশ্যে সময়-তালিকাৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ যথেষ্ট কষ্টসাধ্য আৰু ধৈৰ্যশীল কাম। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থত নিৰাশ নহৈ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত তীব্ৰভাৱে আত্মনিয়োগ কৰিবই লাগিব। সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ নিজস্ব অভ্যাস, পৰিয়াল তথা মহাবিদ্যালয়ৰ পাঠদানৰ সময়-তালিকা, সাধাৰণ শিক্ষা আৰু প্ৰযুক্তিবিদ্যাভিত্তিক শিক্ষা, বিভিন্ন বিষয়বস্তু, পাঠদান চলি থকা সময় আৰু পৰীক্ষাৰ আগৰ অধ্যয়ন-বন্ধ বা ‘ষ্টাডী লিভ’ আদিৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়নৰ সময়-তালিকা বিভিন্ন হ’ব পাৰে। কিন্তু বিভিন্ন হলেও এই তালিকা প্ৰস্তুত কৰোতে আমি কিছুমান সাধাৰণ নিয়ম অনুসৰণ কৰিব লাগিব। অৱশ্যে ইয়াত পাঠদান চলি থকা অৱস্থাত আৱশ্যকীয় সময়-তালিকাৰ কথাহে বিবেচনা কৰা হৈছে। পৰীক্ষাৰ আগমুহূৰ্তৰ বন্ধৰ দিনৰ সময়-তালিকা বহু বেছি গধুৰ আৰু নিয়মানুগামী হ’ব লাগিব– পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ হ’লে।

 এনেকুৱা এখন ৰুটিন বা সময়-তালিকাৰ মূলনীতি হ’ল এয়ে যে, আমি কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। টোপনি গৈ থকা সময়খিনি বাদ দি বাকীখিনি সময়

যিমান পাৰি সিমান দক্ষতাৰে পৰীক্ষাত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰাৰ বাবে প্ৰয়োজনীয়

২৪