স্বাগতম পৰীক্ষা/পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য

ৱিকিউৎসৰ পৰা

[  ]

 

পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য

 আগৰ অনুচ্ছেদত আমি সাধাৰণভাৱে বিভিন্ন পৰীক্ষাৰ ওপৰত এক বিহংগম দৃষ্টি নিক্ষেপ কৰিলো। মানৱ ইতিহাসৰ বিকাশৰ হাজাৰ হাজাৰ বছৰজোৰা কালছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰত বিভিন্ন সভ্যতাই বিকাশ লাভ কৰিছে আৰু বিকাশ লাভ কৰিছে সভ্যতাৰ এক অবিচ্ছেদ্য অংগ শিক্ষাব্যৱস্থায়ো। সংলীনন আৰু সংযোজন প্ৰক্ৰিয়াৰ জৰিয়তে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ভিন ভিন সংস্কৃতিৰে পৰিপূৰ্ণ ভিন ভিন সভ্যতাই ক্ৰমে এক নতুন বিশ্বসভ্যতা হ’বৰ বাবে আগবাঢ়িছে আৰু ইয়াত সৰ্বাধিক অৰিহণা প্ৰদান কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় উন্নতিয়ে। আন্তৰ্জাতিক দূৰসংযোগ, কৃত্ৰিম উপগ্ৰহ, দূৰদৰ্শন তথা অনাতাঁৰৰ কাৰ্যসূচী, লেজাৰ ৰশ্মিৰ সহায়ত দূৰ সংযোগৰ সম্ভাৱনীয়তা, সূক্ষ্ম তৰংগৰ জৰিয়তে দূৰ সংযোগ, ফেক্স, টেলিফোন, টেলেক্স, টেলিগ্ৰাফ আদিৰ সেৱা আৰু সৰ্বশেষত বাতৰি কাকত, কিতাপ বা আন্তৰ্জাতিক শিক্ষা, সংস্কৃতি, ৰাজনৈতিক, ক্ৰীড়া, গৱেষণা অথবা বাণিজ্যিক ব্যৱস্থাই মানুহক দ্ৰুতৰ পৰা দ্ৰুততৰ গতিৰে ওচৰ চপাই আনিছে। ফলস্বৰূপে সভ্যতাৰ এই বিশ্বজনীন বিস্ফোৰণৰ লগত সংগতি ৰাখি শিক্ষাব্যৱস্থাও ক্ৰমে ক্ৰমে বিশ্বজনীন তথা বহুমুখী হ’বলৈ বাধ্য হৈছে। আজিৰ বিশ্বৰ এই বহুমুখী গঠন, ধৰণ বা অসংখ্য উদ্দেশ্যধৰ্মী বিশাল পৰীক্ষা পদ্ধতিৰ গভীৰলৈ নগৈ মাত্ৰ সাৰ্বজনীন সাধাৰণ বিদ্যালয় পৰ্যায়ৰ বা কিছু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়ৰো পৰীক্ষা পদ্ধতিহে আমি আলোচনা কৰিবলৈ লৈছো।

 বিশ্বৰ দেশে দেশে বা এখন দেশতে প্ৰচলিত বিভিন্ন পদ্ধতি অনুযায়ী কিছু কিছু পাৰ্থক্য দেখা গ’লেও সাধাৰণভাৱে বিশ্বৰ বিদ্যালয় বা বহু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়তো সাধাৰণ পৰীক্ষা ব্যৱস্থা ‘লিখিত পৰীক্ষা’, ‘মৌখিক পৰীক্ষা’ আৰু ‘হাতে-কামে’ বা ‘প্ৰেক্টিকেল পৰীক্ষা’—এই তিনিবিধ ব্যৱস্থাৰে গঠিত। অৱশ্যে বহু ক্ষেত্ৰত ‘শিক্ষামূলক ভ্ৰমণ’ আৰু ‘শাৰীৰিক ব্যায়াম’কো আধুনিক যুগত ক্ৰমবৰ্ধমান ৰূপত শিক্ষাৰ অবিচ্ছেদ্য অংগ কৰি তুলিব বিচৰা হৈছে যদিও এনেবোৰ বিভাগৰ পৰীক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে সাজু হোৱাৰ বাবে বিশেষ একো কৰিবলগীয়া নাথাকে আৰু আমাৰ আলোচনাৰ পৰা এনেবোৰ ক্ষেত্ৰ বাদ দিয়া হৈছে। পাঠ্যক্ৰমৰ অন্তত হোৱা শিক্ষান্ত পৰীক্ষাৰ উপৰিও সমগ্ৰ পাঠ্যক্ৰমৰ শিক্ষাৰ সময় জুৰি ছাত্ৰ-ছাত্ৰীসকলৰ অবিৰত মূল্যাংকনো আজিৰ পৰীক্ষা পদ্ধতি প্ৰচলিত হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে এই অবিৰত বা আকস্মিক [  ] পৰীক্ষাসমূহো যিহেতু লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষা প্ৰণালীৰেই অন্তৰ্গত হ’ব, ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। গতিকে আমাৰ আলোচ্য বিষয় থাকিল লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আৰু প্ৰেক্টিকেল পৰীক্ষা। তাৰ ভিতৰত বৰ্তমান কালত লিখিত পৰীক্ষাইহে যিহেতু সৰ্বাধিক গুৰুত্ব লাভ কৰি আহিছে আমিও এই পৰীক্ষা প্ৰণালীৰ ওপৰতেই অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত হ’ব।

 শিক্ষা তথা পৰীক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে আগতেই উনুকিয়াই অহা হৈছে। মানৱ জাতিয়ে সামগ্ৰিকভাৱে শাৰীৰিক তথা মানসিক সুখ উপভোগ কৰাৰ লগতে প্ৰতিজন মানৱ সন্তানে এই সুখ বৰ্ধিত কৰি তোলাৰ বাবে প্ৰচেষ্টা চলোৱাটোৱেই মানুহৰ সামগ্ৰিক লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক আজিৰ অত্যুন্নত মানৱ সমাজত বিভিন্ন দিশত বিভিন্ন বিশেষজ্ঞৰ প্ৰয়োজন হৈ পৰিছে আৰু তাৰ বাবে পৰীক্ষা পদ্ধতিও বৈচিত্ৰ্যময় হৈ পৰিছে। সাধাৰণভাৱে ক’বলৈ গ’লে পৰীক্ষাৰ উদ্দেশ্য হ’ল এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আয়ত্ত কৰি পৰীক্ষাৰ্থীজনে সামাজিক সেৱাত নিজকে নিয়োজিত কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰিছেনে নাই তাৰ পৰীক্ষা কৰা। পৰীক্ষা পদ্ধতিৰ এই প্ৰণালীত যোগ্যতা অনুযায়ী পৰীক্ষাৰ্থীসকলক নম্বৰ অথবা স্তৰ বা গ্ৰেড দিয়াৰ ব্যৱস্থা কৰা হয়। বেছি নম্বৰ অথবা উচ্চ গ্ৰেড লাভ কৰাজনৰ যোগ্যতাও অধিক বুলি বিবেচনা কৰা হয়। আৰু সামাজিক সেৱাসমূহত সাধাৰণতে তেওঁকেই অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰা হয়। এই অগ্ৰাধিকাৰে এফালে যেনেদৰে সামাজিক সেৱাসমূহক সুন্দৰ গতিৰে পৰিচালিত কৰি মানৱ সমাজক সামগ্ৰিক সুখ প্ৰদান কৰে, তেনেদৰে সেই পৰীক্ষাৰ্থীজনকো অধিক সুবিধা প্ৰদান কৰি তেওঁক ব্যক্তিগত, শাৰীৰিক তথা মানসিক সুখ উপভোগৰ অধিক সুবিধা দিয়ে। গতিকে মানৱ সমাজৰ সামগ্ৰিক উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি পৰীক্ষাত অধিক নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড আহৰণ কৰাই পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, পৰীক্ষা এটি অনুষ্ঠিত কৰোতে পৰীক্ষাৰ্থীসকলে কিছুমান নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজেৰে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলগীয়া হয়। তেনে নিয়ন্ত্ৰিত ব্যৱস্থাসমূহ নাথাকিলে হয়তো পৰীক্ষাৰ্থীসকলে বেছি নম্বৰ বা উচ্চতৰ গ্ৰেড লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু পৰীক্ষাৰ উদ্দেশ্যৰ লগত অথবা পৰীক্ষাৰ জৰিয়তে পৰীক্ষাৰ্থীৰ যেনে ধৰণৰ যোগ্যতা বিচাৰ কৰিবলৈ ইচ্ছা কৰা হৈছে, তাৰ লগত সেই নিয়ন্ত্ৰিত ব্যৱস্থাবোৰৰ সম্পৰ্ক আছে। তেনে নম্বৰ বা গ্ৰেডেহে পৰীক্ষাৰ্থীৰ যোগ্যতা নিৰূপণ কৰে আৰু সেই ব্যৱস্থাবোৰৰ মাজতে বেছি নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড লাভ কৰাটোৱেহে পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য।