স্বাগতম পৰীক্ষা/শিক্ষা পদ্ধতি আৰু পৰীক্ষা পদ্ধতি

ৱিকিউৎসৰ পৰা

[  ]  

শিক্ষা পদ্ধতি আৰু পৰীক্ষা পদ্ধতি

 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। জয় জয়তে স্বাগতম পৰীক্ষালৈ তোমালোকক স্বাগতম জনাইছো। কোনো কাম আৰম্ভ কৰাৰ আগতে সেই কামটোনো কিয় কৰিবলৈ লোৱা হ’ল সেই সম্পৰ্কে চিন্তা কৰি চোৱা প্ৰয়োজন। কাৰণ কোনো কাম কৰাৰ যুক্তিযুক্ততাইহে কামটো কৰাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰে। সেই হিচাপে এই ‘স্বাগতম পৰীক্ষা’ পুথিখন প্ৰকাশ কৰাৰ অথবা তোমালোকে ইয়াক অধ্যয়ন কৰাৰ যুক্তিযুক্ততাও বিচাৰ কৰি চাব লাগিব। আমি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, ইয়াৰ ক্ৰমবিকাশ, তাৰকাৰাজ্যসমূহৰ পৰা আৰম্ভ কৰি বিশাল পৃথিৱীলৈকে—এইবোৰৰ উৎপত্তি, বৰ্তমান অৱস্থালৈ এইবোৰৰ বিকাশ, পৃথিৱীত প্ৰথম জীৱ-সৃষ্টিৰে পৰা মানৱলৈ হোৱা ক্ৰমবিকাশৰ ধাৰা, প্ৰাগৈতিহাসিক মানৱ সমাজৰ পৰা আধুনিক মানৱ সভ্যতালৈ উত্তৰণ আদিও অধ্যয়ন কৰিব লাগিব। ইয়াৰ লগতে মানুহৰ জীৱনৰ উদ্দেশ্য, কৰ্তব্য, সভ্যতাৰ ভৱিষ্যৎ, এই বিশাল বিশ্বৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিকাশৰ পথ সম্পৰ্কেও আমি চিন্তা কৰিব লাগিব। আৰু সৰ্বশেষত বিচাৰ কৰিব লাগিব এইবোৰৰ পৰিপ্ৰেক্ষিতত শিক্ষা তথা শিক্ষাব্যৱস্থা, ইয়াৰ উন্নয়নৰ পৰিকল্পনা আৰু ইয়াতে ‘স্বাগতম পৰীক্ষা’ৰ স্থান।

 কিন্তু এই সম্পৰ্কীয় আলোচনা আমি বৰ্তমান বাদ দি ধৰি ল’লো যে, ‘স্বাগতম পৰীক্ষা’ৰ প্ৰকাশ তথা অধ্যয়ন দুয়োটাই যুক্তিযুক্ত আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কথা। এতিয়া কথা হ'ল– পৰীক্ষানো কাক বোলে? বিভিন্ন প্ৰশ্ন, বা কৰিবলৈ বিভিন্ন কাম দি ব্যক্তিবিশেষৰ জ্ঞান বা সামৰ্থ্য বিচাৰ কৰা পদ্ধতিয়েই হ’ল ‘পৰীক্ষা’। এই পদ্ধতিৰে যাক পৰীক্ষা কৰা হয় তেৱেই ‘পৰীক্ষাৰ্থী’ আৰু পৰীক্ষাৰ বাবে নিজকে সাজু কৰাজনকে আমি ‘ছাত্ৰ-ছাত্ৰী’ বুলি অভিহিত কৰিছো। মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগে বিশ্বত শিক্ষাব্যৱস্থাৰো আৰম্ভণি আৰু লগে লগে উৎপত্তি হৈছিল পৰীক্ষাৰো। এই সভ্যতাৰ বিকাশৰ বিভিন্ন স্তৰত অসংখ্য ক্ষেত্ৰৰ লগতে শিক্ষা ক্ষেত্ৰৰো বিপুল পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে। লগে লগে পৰিবৰ্তন, পৰিবৰ্ধন তথা উত্তৰণ সাধিত হৈছে পৰীক্ষাৰো। প্ৰাচীন কালৰে পৰা মধ্যযুগৰ মাজৰে আধুনিক যুগলৈ বা অত্যাধুনিক যুগলৈ গঢ়ি উঠা পৰীক্ষাৰ ইতিহাস সম্পৰ্কে আলোচনা নকৰি আলোচনা কৰিব খুজিছো বৰ্তমানৰ ইয়াৰ স্বৰূপৰ বিষয়েহে মাথোন। বিভিন্নজনৰ মাজত বিতৰ্কৰ অৱকাশ থাকিলেও মানুহ আজি সভ্যতাৰ উচ্চ শিখৰত উপনীত হোৱা বুলি ক'ব [  ] পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব দ্ৰুত উন্নতিয়ে মানুহৰ জীৱন ধাৰণৰ মান অকল্পনীয়ভাৱে বৃদ্ধি কৰিছে আৰু লগতে বৃদ্ধি কৰিছে মানৱ জীৱনৰ বৈচিত্ৰ্য। এই চমকপ্ৰদ বৈচিত্ৰ্যই মানৱ সমাজৰ শিক্ষাব্যৱস্থাতো বৰ্ণাঢ্য বিচিত্ৰতা আনি দিছে আৰু ইয়ে দিছে শিক্ষাব্যৱস্থাৰ অবিচ্ছেদ্য অংগ পৰীক্ষাতো নৱ নৱ ৰূপ।

 মানৱ সমাজৰ বক্ষস্থলত অজান শিশু এটি জন্মগ্ৰহণ কৰাৰ পিছত ইয়াৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কালছোৱাত ইয়াক উপযুক্তভাৱে গঢ় দি সুনাগৰিক কৰি গঢ়ি তোলাই সাধাৰণ শিক্ষাৰ উদ্দেশ্য তথা লক্ষ্য। ইয়াত ‘সুনাগৰিক’ শব্দেৰে এনে মানৱ সন্তানকে বুজোৱা হৈছে যিসকলে মানৱ সমাজৰ বিভিন্ন ক্ৰিয়া-কলাপত দৃঢ়তাৰে অংশগ্ৰহণ কৰি মানৱ সমাজৰ বিকাশত সহায় কৰিব পাৰে, আৰু তাৰ জৰিয়তে নিজ সমাজক সুখী কৰাৰ লগতে নিজেও সুখী হ’ব পাৰে। কিন্তু সভ্যতাই চৰম শিখৰত উপনীত হোৱা অৱস্থাত মানৱ সমাজৰ ক্ৰিয়া-কলাপৰ বৈচিত্ৰ্যয়ো এক নৱৰূপ ধাৰণ কৰিছে আৰু তাৰ লগতে সংগতি ৰাখি শিক্ষাব্যৱস্থা তথা ইয়াৰ লগতে অংগাংগীভাৱে জড়িত পৰীক্ষা পদ্ধতিয়েও এক বহুমুখী ৰূপ পৰিগ্ৰহণ কৰিছে। আজিৰ যুগত পৰীক্ষাৰ ক্ষেত্ৰবোৰৰ ভিতৰত উপাধি দিয়াৰ বাবে পতা সাধাৰণ গতানুগতিক পৰীক্ষাবোৰৰ উপৰিও বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, প্ৰযুক্তিবিদ্যা বা গৱেষণাৰ অনুষ্ঠান অথবা এই প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বিভিন্ন বিশেষ পাঠ্যক্ৰমবোৰত ভৰ্তি হোৱাৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা; বিভিন্ন বিশেষ পাঠ্যক্ৰম পঢ়িবৰ বাবে নাইবা গৱেষণাৰ বাবে ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠান, স্মৃতিসভা, সংগঠন, সমিতি, চৰকাৰ আদিয়ে আগবঢ়োৱা বৃত্তিৰ বাবে পতা পৰীক্ষা; বিভিন্ন চাকৰিৰ প্ৰমোচনৰ বাবে বিভাগবোৰৰ মাজতে পতা পৰীক্ষা; অথবা জাতীয় বা আন্তৰ্জাতিক পৰ্যায়ত খেলা-ধূলা, সংগীত, নাটক আদিত যোগদানৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা ইত্যাদি উদ্দেশ্যৰ বহুমুখিতা আজি কাৰো অবিদিত হৈ থকা নাই। উদ্দেশ্যৰ এনেবোৰ বৈচিত্ৰ্যৰ কথা আগত ৰাখি এই পৰীক্ষাবোৰৰ জৰিয়তে পৰীক্ষা কৰিব খোজা হৈছে পৰীক্ষাৰ্থীৰ বোধশক্তি, ধাৰণা কৰাৰ ক্ষমতা, যুক্তিযুক্ততাৰ ক্ষমতা, তুলনা কৰিব পৰা শক্তি, স্মৃতিশক্তি, তৎপৰতা, বৰ্ণনা কৰাৰ সামৰ্থ্য, দ্ৰুত লিখন-পঠন, দ্ৰুতভাৱে অংক কৰাৰ ক্ষমতা, মানসিক সুস্থতা, শাৰীৰিক সুস্থতা, শাৰীৰিক বল, দ্ৰুতভাৱে দৌৰাৰ ক্ষমতা, দূৰলৈ জপিওৱাৰ ক্ষমতা, ওপৰলৈ জপিওৱাৰ দক্ষতা, ওজন দঙাৰ ক্ষমতা, স্থিৰভাৱে লক্ষ্যভেদ কৰাৰ ক্ষমতা, বিভিন্ন ধৰণে সাঁতোৰা বা ডুব মৰাৰ ক্ষমতা, বিভিন্ন বাধাৰ মাজেৰে লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষমতা, বিভিন্ন যন্ত্ৰপাতি বা যান-বাহন চলোৱাৰ দক্ষতা, বিভিন্ন প্ৰতিকূল অৱস্থাত খাপ খোৱাৰ ক্ষমতা, গীত-নৃত্য, বাদ্য পৰিবেশন কৰাৰ দক্ষতা, বিভিন্ন চৰিত্ৰৰ অভিনয় কৰাৰ ক্ষমতা ইত্যাদি ইত্যাদি। ইয়াৰ বাবে অনুষ্ঠিত কৰা হৈছে লিখিত পৰীক্ষা, [  ] মৌখিক পৰীক্ষা, শাৰীৰিক তথা মানসিক শক্তি প্ৰদৰ্শনৰ পৰীক্ষা, স্মৃতিশক্তি তথা বুদ্ধি পৰীক্ষা ইত্যাদি। পৰীক্ষাৰ্থী, পৰীক্ষক, প্ৰশ্নকাকত, পৰীক্ষা লিখা বহী, পৰীক্ষাৰ বিভিন্ন সা−সঁজুলি আদিৰ উপৰিও আধুনিক বৈজ্ঞানিক যন্ত্ৰ পাতি আৰু বিশেষকৈ কম্পিউটাৰ আজিৰ পৰীক্ষা পদ্ধতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এক বিশেষ উদ্দেশ্য আগত ৰাখি ছাত্ৰ−ছাত্ৰীসকলক কেনেধৰণে বেছি কাৰ্যকৰীভাৱে কম সময়তে সুবিধাজনকভাৱে নিৰ্দিষ্ট শিক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবে নিতে ন ন পৰীক্ষা−নিৰীক্ষা, গৱেষণা আদি চলিয়েই আছে আৰু লগে লগে পৰীক্ষাৰ্থীসকলৰ দক্ষতা মূল্যাংকন কৰাৰ বাবে পৰীক্ষা পদ্ধতিবোৰৰ ওপৰতো প্ৰচুৰ চিন্তা−চৰ্চা চলি আছে। লিখিত বা মৌখিক পৰীক্ষা, নিৰ্দিষ্ট পাঠ্যক্ৰমৰ অন্তত এটাই মাত্ৰ শিক্ষান্ত পৰীক্ষা বা অবিৰত পৰীক্ষাৰ জৰিয়তে অবিৰত মূল্যাংকন, দলগতভাৱে পৰীক্ষা বা বেলেগ বেলেগ পৰীক্ষা আদিয়ে পৰীক্ষা পদ্ধতিক আজি আধুনিক সভ্যতাৰ এক বৈচিত্ৰ্যপূৰ্ণ অংগ কৰি গঢ়ি তুলিছে।

 এনেবোৰ ব্যাপক তথা বৈচিত্ৰ্যপূৰ্ণ পৰীক্ষা পদ্ধতিৰ গভীৰতালৈ আমি নাযাওঁ। এই প্ৰবন্ধলানিত আমি তোমালোকৰ ওচৰত দাঙি ধৰিম প্ৰধানতঃ অসমৰ বিদ্যালয়সমূহৰ সাধাৰণ শিক্ষাৰ পৰিপেক্ষিতত ‘পৰীক্ষাৰ বাবে প্ৰস্তুতি’ আৰু ‘পৰীক্ষা লিখাৰ পদ্ধতি’ৰ ওপৰত কিছুমান আৱশ্যকীয় কথা।♮