পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য
আগৰ অনুচ্ছেদত আমি সাধাৰণভাৱে বিভিন্ন পৰীক্ষাৰ ওপৰত এক বিহংগম দৃষ্টি নিক্ষেপ কৰিলো। মানৱ ইতিহাসৰ বিকাশৰ হাজাৰ হাজাৰ বছৰজোৰা কালছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰত বিভিন্ন সভ্যতাই বিকাশ লাভ কৰিছে আৰু বিকাশ লাভ কৰিছে সভ্যতাৰ এক অবিচ্ছেদ্য অংগ শিক্ষাব্যৱস্থায়ো। সংলীনন আৰু সংযোজন প্ৰক্ৰিয়াৰ জৰিয়তে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ভিন ভিন সংস্কৃতিৰে পৰিপূৰ্ণ ভিন ভিন সভ্যতাই ক্ৰমে এক নতুন বিশ্বসভ্যতা হ’বৰ বাবে আগবাঢ়িছে আৰু ইয়াত সৰ্বাধিক অৰিহণা প্ৰদান কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় উন্নতিয়ে। আন্তৰ্জাতিক দূৰসংযোগ, কৃত্ৰিম উপগ্ৰহ, দূৰদৰ্শন তথা অনাতাঁৰৰ কাৰ্যসূচী, লেজাৰ ৰশ্মিৰ সহায়ত দূৰ সংযোগৰ সম্ভাৱনীয়তা, সূক্ষ্ম তৰংগৰ জৰিয়তে দূৰ সংযোগ, ফেক্স, টেলিফোন, টেলেক্স, টেলিগ্ৰাফ আদিৰ সেৱা আৰু সৰ্বশেষত বাতৰি কাকত, কিতাপ বা আন্তৰ্জাতিক শিক্ষা, সংস্কৃতি, ৰাজনৈতিক, ক্ৰীড়া, গৱেষণা অথবা বাণিজ্যিক ব্যৱস্থাই মানুহক দ্ৰুতৰ পৰা দ্ৰুততৰ গতিৰে ওচৰ চপাই আনিছে। ফলস্বৰূপে সভ্যতাৰ এই বিশ্বজনীন বিস্ফোৰণৰ লগত সংগতি ৰাখি শিক্ষাব্যৱস্থাও ক্ৰমে ক্ৰমে বিশ্বজনীন তথা বহুমুখী হ’বলৈ বাধ্য হৈছে। আজিৰ বিশ্বৰ এই বহুমুখী গঠন, ধৰণ বা অসংখ্য উদ্দেশ্যধৰ্মী বিশাল পৰীক্ষা পদ্ধতিৰ গভীৰলৈ নগৈ মাত্ৰ সাৰ্বজনীন সাধাৰণ বিদ্যালয় পৰ্যায়ৰ বা কিছু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়ৰো পৰীক্ষা পদ্ধতিহে আমি আলোচনা কৰিবলৈ লৈছো।
বিশ্বৰ দেশে দেশে বা এখন দেশতে প্ৰচলিত বিভিন্ন পদ্ধতি অনুযায়ী কিছু কিছু পাৰ্থক্য দেখা গ’লেও সাধাৰণভাৱে বিশ্বৰ বিদ্যালয় বা বহু ক্ষেত্ৰত মহাবিদ্যালয় পৰ্যায়তো সাধাৰণ পৰীক্ষা ব্যৱস্থা ‘লিখিত পৰীক্ষা’, ‘মৌখিক পৰীক্ষা’ আৰু ‘হাতে-কামে’ বা ‘প্ৰেক্টিকেল পৰীক্ষা’—এই তিনিবিধ ব্যৱস্থাৰে গঠিত। অৱশ্যে বহু ক্ষেত্ৰত ‘শিক্ষামূলক
ভ্ৰমণ’ আৰু ‘শাৰীৰিক ব্যায়াম’কো আধুনিক যুগত ক্ৰমবৰ্ধমান ৰূপত শিক্ষাৰ অবিচ্ছেদ্য অংগ কৰি তুলিব বিচৰা হৈছে যদিও এনেবোৰ বিভাগৰ পৰীক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে সাজু হোৱাৰ বাবে বিশেষ একো কৰিবলগীয়া নাথাকে আৰু আমাৰ আলোচনাৰ পৰা এনেবোৰ ক্ষেত্ৰ বাদ দিয়া হৈছে। পাঠ্যক্ৰমৰ অন্তত হোৱা শিক্ষান্ত পৰীক্ষাৰ উপৰিও সমগ্ৰ পাঠ্যক্ৰমৰ শিক্ষাৰ সময় জুৰি ছাত্ৰ-ছাত্ৰীসকলৰ অবিৰত মূল্যাংকনো আজিৰ পৰীক্ষা পদ্ধতি প্ৰচলিত হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে এই অবিৰত বা আকস্মিক
৮