পৃষ্ঠা:Swagatam Pariksha.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


পৰীক্ষাসমূহো যিহেতু লিখিত, মৌখিক আৰু প্ৰেক্টিকেল পৰীক্ষা প্ৰণালীৰেই অন্তৰ্গত হ’ব, ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। গতিকে আমাৰ আলোচ্য বিষয় থাকিল লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আৰু প্ৰেক্টিকেল পৰীক্ষা। তাৰ ভিতৰত বৰ্তমান কালত লিখিত পৰীক্ষাইহে যিহেতু সৰ্বাধিক গুৰুত্ব লাভ কৰি আহিছে আমিও এই পৰীক্ষা প্ৰণালীৰ ওপৰতেই অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত হ’ব।

 শিক্ষা তথা পৰীক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে আগতেই উনুকিয়াই অহা হৈছে। মানৱ জাতিয়ে সামগ্ৰিকভাৱে শাৰীৰিক তথা মানসিক সুখ উপভোগ কৰাৰ লগতে প্ৰতিজন মানৱ সন্তানে এই সুখ বৰ্ধিত কৰি তোলাৰ বাবে প্ৰচেষ্টা চলোৱাটোৱেই মানুহৰ সামগ্ৰিক লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাভিত্তিক আজিৰ অত্যুন্নত মানৱ সমাজত বিভিন্ন দিশত বিভিন্ন বিশেষজ্ঞৰ প্ৰয়োজন হৈ পৰিছে আৰু তাৰ বাবে পৰীক্ষা পদ্ধতিও বৈচিত্ৰ্যময় হৈ পৰিছে। সাধাৰণভাৱে ক’বলৈ গ’লে পৰীক্ষাৰ উদ্দেশ্য হ’ল এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আয়ত্ত কৰি পৰীক্ষাৰ্থীজনে সামাজিক সেৱাত নিজকে নিয়োজিত কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰিছেনে নাই তাৰ পৰীক্ষা কৰা। পৰীক্ষা পদ্ধতিৰ এই প্ৰণালীত যোগ্যতা অনুযায়ী পৰীক্ষাৰ্থীসকলক নম্বৰ অথবা স্তৰ বা গ্ৰেড দিয়াৰ ব্যৱস্থা কৰা হয়। বেছি নম্বৰ অথবা উচ্চ গ্ৰেড লাভ কৰাজনৰ যোগ্যতাও অধিক বুলি বিবেচনা কৰা হয়। আৰু সামাজিক সেৱাসমূহত সাধাৰণতে তেওঁকেই অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰা হয়। এই অগ্ৰাধিকাৰে এফালে যেনেদৰে সামাজিক সেৱাসমূহক সুন্দৰ গতিৰে পৰিচালিত কৰি মানৱ সমাজক সামগ্ৰিক সুখ প্ৰদান কৰে, তেনেদৰে সেই পৰীক্ষাৰ্থীজনকো অধিক সুবিধা প্ৰদান কৰি তেওঁক ব্যক্তিগত, শাৰীৰিক তথা মানসিক সুখ উপভোগৰ অধিক সুবিধা দিয়ে। গতিকে মানৱ সমাজৰ সামগ্ৰিক উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি পৰীক্ষাত অধিক নম্বৰ লাভ কৰা বা উচ্চ গ্ৰেড আহৰণ কৰাই পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, পৰীক্ষা এটি অনুষ্ঠিত কৰোতে পৰীক্ষাৰ্থীসকলে কিছুমান নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজেৰে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলগীয়া হয়। তেনে নিয়ন্ত্ৰিত ব্যৱস্থাসমূহ নাথাকিলে হয়তো পৰীক্ষাৰ্থীসকলে বেছি নম্বৰ বা উচ্চতৰ গ্ৰেড লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু পৰীক্ষাৰ উদ্দেশ্যৰ লগত অথবা পৰীক্ষাৰ জৰিয়তে পৰীক্ষাৰ্থীৰ যেনে ধৰণৰ যোগ্যতা বিচাৰ কৰিবলৈ ইচ্ছা কৰা হৈছে, তাৰ লগত সেই নিয়ন্ত্ৰিত ব্যৱস্থাবোৰৰ সম্পৰ্ক আছে। তেনে নম্বৰ বা গ্ৰেডেহে পৰীক্ষাৰ্থীৰ যোগ্যতা নিৰূপণ কৰে আৰু সেই ব্যৱস্থাবোৰৰ মাজতে বেছি নম্বৰ লাভ

কৰা বা উচ্চ গ্ৰেড লাভ কৰাটোৱেহে পৰীক্ষাৰ্থীৰ লক্ষ্য আৰু উদ্দেশ্য।