সাহিত্য আৰু প্ৰেম/নিশাদূত

ৱিকিউৎসৰ পৰা

[  ]

নিশাদূত

 প্ৰেমৰ দূতকাব্য স্বৰূপে কালিদাসৰ মেঘদূত জাগতিক সাহিত্যত জনাজাত আৰু পণ্ডিতসকলে মেঘদূতৰ ছয়া দেশী-বিদেশী নানান কাব্য-সাহিত্যত লক্ষ্য কৰিছে। সংস্কৃত সাহিত্যত মেঘদূতক অনুকৰণ কৰি বহুত কবিতা ৰচিত হৈছে। তাৰ ভিতৰত ধোয়ী কবিৰ পৱনদূত; ৰূপ গোস্বামীৰ হংসদূত, কৃষ্ণ সাৰ্বভৌমৰ পদাঙ্কদূত, মাধৱ কবীন্দ্ৰৰ উদ্ধৱদূত উল্লেখযোগ্য। দূত কবিতাৰ চলতি কিন্তু ভাৰতীয় সাহিত্যত বৈদিক যুগৰ পৰাই আছে। ঋগ্বেদৰ এটি সূক্ত প্ৰণয়ৰ দূত কবিতা হিছাপে লিখা হৈছিল বুলি আখ্যান আছে। ঋষিয়ে নিশা দেৱীক তেওঁৰ প্ৰণয়ৰ দূত হিছাপে পঠিয়াইছিল। শৌনকৰ বৃহদ্দেৱতা গ্ৰন্থত এই আখ্যানটো আছে।

 পুৰণি কালত দাৰ্ভ্য ৰথৱীতি নামে এজন সকলোৰে জনাজাত ৰাজৰ্ষি আছিল। তেওঁ যজ্ঞ কৰিবলৈ মানস কৰি অত্ৰি ঋষিৰ ওচৰলৈ গ’ল আৰু আত্ম-পৰিচয় দি কামনা জনাই অত্ৰিপুত্ৰ অৰ্চনানসক পুৰোহিতৰ ঠাইত বৰণ কৰিলে।

 অৰ্চনানসে নিজৰ ল’ৰা শ্যাবাশ্বক লগত লৈ যজ্ঞলৈ গ’ল। শ্যাবাশ্বও সাঙ্গোপাঙ্গ সমস্ত বেদ-বিদ্যাত সুশিক্ষিত আছিল। যজ্ঞ চলি থাকোতেই পুৰোহিত অৰ্চনানসে যশস্বিনী ৰাজকুমাৰীক দেখিলে আৰু মনতে ভাবিলে ৰাজকুঁৱৰী যদি তেওঁৰ বোৱাৰী হ’লহেঁতেন! শ্যাবাশ্বয়ো কুঁৱৰীক দেখিলে আৰু মন কুঁৱৰীতেই লাগি ৰ’ল (সক্তমাসীত্তদা মনঃ)। শ্যাবাশ্বই ৰজাক ক’লে, “ৰাজন! মোলৈ ছোৱালী দিয়া হওক।” শ্যাবাশ্বক ছোৱালী দিবলৈ বুলি অন্তৰত ইচ্ছা কৰি ৰাণীৰ মত সুধিবলৈ গ’ল। ৰজাই ছোৱালী দিবলৈ নিজৰ ইচ্ছা আছে বুলি কৈ ৰাণীৰ মত সুধিলে আৰু ক’লে, “অত্ৰিপৌত্ৰ আমাৰ পক্ষে একেবাৰে হীন জোঁৱাই নহ’ব।” আভিজাত্য-গৰ্বিতা ৰাণীয়ে উত্তৰ দিলে, “মোৰ ৰাজৰ্ষি কুলত জন্ম, মোৰ কুলৰ ৰজাসকলে বেদ-মন্ত্ৰ দৰ্শন কৰিছিল, সেই কাৰণে যি বেদ-মন্ত্ৰ দৰ্শন কৰি ঋষিপদ পোৱা নাই সি আমাৰ জোঁৱাই হ’ব নোৱাৰে। এই অত্ৰিকুমাৰ বেদ-মন্ত্ৰ দেখোতা নহয়। মোৰ কন্যাক কোনোবা মন্ত্ৰ দেখোতা ঋষিলৈ দিয়ক, যেন বেদ-মাতা হ’ব পাৰে। কিয়নো, মন্ত্ৰ দেখোতাসকলক বেদ-পিতা বুলি কোৱা হয়।” ৰাণীৰ লগত এই পৰামৰ্শ কৰি ৰজাই পুৰোহিতক উত্তৰ দিলে, “বেদ-মন্ত্ৰ দেখোতাত বাজে অইন কোনো আমাৰ জোঁৱাই হ’বলৈ লায়ক নহ’ব।” (অনৃষিৰ্নৈব জামাতা কশ্চিদ্ভবিতুমৰ্হতি।) এইদৰে বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য হ’লত যজ্ঞৰ শেষত পুৰোহিত উভতি [  ] গ’ল। কিন্তু শ্যাবাশ্বৰ হ’লে কুমাৰীৰ পৰা মন উভতি নাহিল— (শ্যোবাশ্বস্য তু কন্যায়া মনো নৈব ন্যৱৰ্তত) বাটত যাওঁতে বাপেকে-পুতেকে তৰন্ত আৰু পুৰুমীলহ নামেৰে ৰাজৰ্ষি দুজনাক মাত লগাই গ’ল। তৰন্ত-মহিষী শশীয়সীয়ে মৰম কৰি শ্যাবাশ্বক ছাগলী, গৰু আদি ভালেমান বস্তু উপহাৰ দিলে। এইদৰে ৰাজৰ্ষিসকলৰ পৰা মান-সন্মান পাই বাপেক-পুতেক অত্ৰিৰ আশ্ৰমলৈ গ’ল আৰু মহৰ্ষি অত্ৰিক সেৱা জনালে।

 শ্যাবাশ্বৰ মনত বিষাদ। হাবিলৈ গৈ নিজৰ অযোগ্যতাক লক্ষ্য কৰি তেওঁ ভাবি আছে, “হাঁয়! মই নিজে মন্ত্ৰ দেখিব নোৱৰাৰ কাৰণেহে এনে সৰ্বাঙ্গসুন্দৰী কন্যা নেপালো। মই মন্ত্ৰ দেখিব পোৱাহেঁতেন আনন্দত উপচি পৰিলোহেঁতেন!” এইদৰে অৰণ্যত চিন্তা কৰি থাকোতে তেওঁৰ কাষত আহি অকস্মাৎ মৰুৎ দেৱতাসকল উপস্থিত হ’ল। দেখোতে দেৱতাসকল তেওঁৰ সমান বয়সিয়াল, তুল্যৰূপ; তেওঁলোকৰ সোণখটোৱা বুকু আৰু পুৰুষ আকৃতি। তেওঁলোকক দেখি বিস্মিত হৈ শ্যাবাশ্বই সুধিলে, “তোমালোক কোন?” তাৰ পিছত বুজিলে যে এওঁলোক ৰুদ্ৰপুত্ৰ মৰুৎগণ। তেতিয়া তেওঁ “য ঈং বহন্তে” ইত্যাদি সুক্তেৰে তেওঁলোকৰ স্তৱ কৰিলে।

 স্তুতিত সন্তুষ্ট হৈ মৰুৎসকলে যাবৰ সময়ত নিজ নিজ বুকুৰ পৰা সোণ খহাই শ্যাবাশ্বক দি গ’ল।

 এইদৰে (সদ্য-ঋষি) অৰ্থাৎ অভিনৱ মন্ত্ৰ দেখোতা হৈ শ্যাবাশ্বই ৰথৱীতিৰ কুঁৱৰীৰ কথা মনেৰে ধ্যান কৰিলে (ৰথৱীতেৰ্দুহিতৰ মগচ্ছন্ মনসাতদা); আৰু নিজৰ এই অভিনৱ ঋষিত্ব পদৰ কথা ৰাজৰ্ষি ৰথৱীতিক জনাবলৈ নিশাদেৱীক দূত নিয়োগ কৰিলে।

 “এতৎ মে স্তোমমূৰ্ম্ম্যে দাৰ্ভ্যায় পৰা ৱহ গিৰো দেৱি ৰথীৰিৱ। উত মে বোচতাদিতি সুতসোমে ৰথৱীতৌ ন কামো অপৱেতি মে।” ঋগ্বেদ ৫।৬।১৭-১৮

 “হে নিশাদেৱী, মোৰ এই স্তোত্ৰটো দাৰ্ভ্য ৰথৱীতিৰ ওচৰলৈ লৈ যোৱা আৰু মোৰ কথাৰে তেওঁক ক’বা— তেওঁৰ কন্যাৰ পৰা মোৰ প্ৰণয় উলটি অহা নাই।”

 নিশাদেৱীয়ে ৰথৱীতিক দেখা নাই আৰু তেওঁ ক’ত থাকে নেজানে বুলি মনত ঠাৱৰ কৰি ঋষিয়ে ক’লে, “এষ ক্ষেতি ৰথৱীতিৰ্মঘবা গোমতীৰণু পৰ্ব্বতেম্বপাশ্ৰিতঃ।” ঋগ্বেদ ৫।৬১।১৯

 “এখেতে হিমালয় পৰ্বতক আশ্ৰয় কৰি গোমতী নৈৰ তীৰত থাকে।”

 নিশাদেৱীৰ পৰা অভিনৱ ঋষিৰ সম্ভাষণ বাতৰি পাই ৰথৱীতিয়ে কন্যাক লগত লৈ অত্ৰি ঋষিৰ আশ্ৰমত উপস্থিত হ’ল আৰু নিজৰ পৰিচয় দি অৰ্চনানসক স্তুতি কৰি ক’লে, “আপুনি আগেয়ে মোৰ লগত সম্বন্ধ কৰিব খুজিছিল; আপোনাৰ প্ৰস্তাৱ তেতিয়া গ্ৰহণ কৰিব নোৱাৰিলো বুলি খং নকৰি ক্ষমা কৰিব। আপুনি ঋষিপুত্ৰ, স্বয়ং ঋষি আৰু ঋষি[  ] পিতা। এতেকে মোৰ কন্যাক বোৱাৰী স্বৰূপে গ্ৰহণ কৰক।” এইবুলি পাদ্য-অৰ্ঘ্য আদিৰে অৰ্চনা কৰি এশ বগা ঘোঁৰা যৌতুক হিছাপে দান কৰি তেওঁলোকক ঘৰলৈ বিদায় দিলে। অভিনৱ ঋষি শ্যাবাশ্বয়ো শশীয়সী ৰাণী, তৰন্ত আৰু পুৰুমীলহ ৰাজৰ্ষিক ছটা বৈদিক মন্ত্ৰেৰে স্তৱ কৰি ঘৰলৈ গ’ল।

 প্ৰণয়ৰ এই দৌত্য কবিতাত আদিম যুগত সকলো সৰলতা, কোমলতা, নিষ্পাপতাৰ সমাৱেশ আছে। পিছৰ কালৰ উদ্দাম বাসনা, প্ৰণয়িনীৰ অঙ্গি-ভঙ্গিৰ লোলুপ-ধ্যান আদি ইয়াত নাই। সমস্ত আখ্যানটো যেন পুৱাৰ নিয়ৰত তিতি থকা বগা শেৱালি ফুল এপাহি।

 বেদৰ ঋষি পদবীৰ বিষয়ে ইয়াতে অলপ কোৱা যুগুত। বেদবিদ্যাত অতি পৈণত আছিল যদিও শ্যাবাশ্বৰ প্ৰণয়ৰ প্ৰস্তাৱ অগ্ৰাহ্য হৈছিল তেওঁ ঋষি পদ নোপোৱাৰ বাবে। যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য উপলব্ধি কৰি ভাষাক আশ্ৰয় কৰি, সেই সত্য প্ৰচাৰ কৰিছিল, তেওঁলোকক ঋষি বোলা হৈছিল। ঋষি শব্দৰ ধাতুগত অৰ্থ হৈছে দ্ৰষ্টা; দেখোতা। সেই কাৰণে বেদ-মন্ত্ৰ ৰচোতা ঋষিসকলক মন্ত্ৰ-দ্ৰষ্টা বোলা হয়।

 সাধাৰণ পুথিক লক্ষ্য কৰি আমি কওঁ যে অমুকটো কবিতা অমুকৰ ৰচিত। কিন্তু বেদৰ মন্ত্ৰৰ বিষয়ে এইদৰেহে কোৱা হয় যে অমুক মন্ত্ৰৰ দ্ৰষ্টা অমুক ঋষি অৰ্থাৎ অমুক মন্ত্ৰত যি তত্ত্ব বা সত্যৰ বিকাশ হৈছে সই তত্ত্ব বা সত্য সনাতন; কিন্তু অমুক ঋষিয়ে ধ্যানত দেখি প্ৰচাৰ কৰিছে।

 আজিকালিৰ কথাৰ সহায়েৰে বুজিব লাগিলে বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ কথা ধৰিব পাৰি। সৃষ্টিৰ আদিৰ পৰাই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি চলি আছে। এই শক্তি-তত্ত্ব প্ৰথমে নিউটনে জ্ঞানচকুৰে দেখি মানুহে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বেদৰ পৰিভাষাৰে ক’ব লাগিলে এই মাধ্যাকৰ্ষণ তত্ত্বৰ ঋষি (দেখোতা আৰু প্ৰচাৰ কৰোঁতা) নিউটন। সেইদৰে সৃষ্টিৰ আদিৰ পৰাই অভিব্যক্তি শক্তি চলিয়েই আছে। ডাৰৱিনে এই তত্ত্বজ্ঞান চকুৰে দেখি সকলোৱে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বিজ্ঞান জগতত অভিব্যক্তি মন্ত্ৰৰ ঋষি হৈছে ডাৰৱিন। সেইদৰে যেতিয়া কোৱা হয় যে গায়ত্ৰী মন্ত্ৰৰ ঋষি বিশ্বামিত্ৰ, আমি বুজিব লাগিব যে মাধ্যাকৰ্ষণ-তত্ত্বৰ দৰে গায়ত্ৰী-তত্ত্বও অনাদি অপৌৰুষেয়; বিশ্বামিত্ৰ ঋষিয়ে সেই তত্ত্ব জ্ঞান-চকুৰে দেখি লৌকিক ভাষাত প্ৰচাৰ কৰে।

 যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য আৱিষ্কাৰ কৰি মন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকক বৈদিক যুগত ঋষি বোলা হৈছিল আৰু তেওঁলোকৰ মনো সাঙ্গোপাঙ্গ বেদবিদ্যাত পৈণত অথচ ঋষি নহয়, তেনেকুৱা বিদ্বান পণ্ডিততকৈ বহুত ওপৰত।

 শ্যাবাশ্ব পণ্ডিত আছিল; কিন্তু ঋষিত্ব পোৱা নাছিল, সেই কাৰণে তেওঁৰ প্ৰণয় প্ৰস্তাৱ অগ্ৰাহ্য হৈছিল।