পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিশাদূত

 প্ৰেমৰ দূতকাব্য স্বৰূপে কালিদাসৰ মেঘদূত জাগতিক সাহিত্যত জনাজাত আৰু পণ্ডিতসকলে মেঘদূতৰ ছয়া দেশী-বিদেশী নানান কাব্য-সাহিত্যত লক্ষ্য কৰিছে। সংস্কৃত সাহিত্যত মেঘদূতক অনুকৰণ কৰি বহুত কবিতা ৰচিত হৈছে। তাৰ ভিতৰত ধোয়ী কবিৰ পৱনদূত; ৰূপ গোস্বামীৰ হংসদূত, কৃষ্ণ সাৰ্বভৌমৰ পদাঙ্কদূত, মাধৱ কবীন্দ্ৰৰ উদ্ধৱদূত উল্লেখযোগ্য। দূত কবিতাৰ চলতি কিন্তু ভাৰতীয় সাহিত্যত বৈদিক যুগৰ পৰাই আছে। ঋগ্বেদৰ এটি সূক্ত প্ৰণয়ৰ দূত কবিতা হিছাপে লিখা হৈছিল বুলি আখ্যান আছে। ঋষিয়ে নিশা দেৱীক তেওঁৰ প্ৰণয়ৰ দূত হিছাপে পঠিয়াইছিল। শৌনকৰ বৃহদ্দেৱতা গ্ৰন্থত এই আখ্যানটো আছে।

 পুৰণি কালত দাৰ্ভ্য ৰথৱীতি নামে এজন সকলোৰে জনাজাত ৰাজৰ্ষি আছিল। তেওঁ যজ্ঞ কৰিবলৈ মানস কৰি অত্ৰি ঋষিৰ ওচৰলৈ গ’ল আৰু আত্ম-পৰিচয় দি কামনা জনাই অত্ৰিপুত্ৰ অৰ্চনানসক পুৰোহিতৰ ঠাইত বৰণ কৰিলে।

 অৰ্চনানসে নিজৰ ল’ৰা শ্যাবাশ্বক লগত লৈ যজ্ঞলৈ গ’ল। শ্যাবাশ্বও সাঙ্গোপাঙ্গ সমস্ত বেদ-বিদ্যাত সুশিক্ষিত আছিল। যজ্ঞ চলি থাকোতেই পুৰোহিত অৰ্চনানসে যশস্বিনী ৰাজকুমাৰীক দেখিলে আৰু মনতে ভাবিলে ৰাজকুঁৱৰী যদি তেওঁৰ বোৱাৰী হ’লহেঁতেন! শ্যাবাশ্বয়ো কুঁৱৰীক দেখিলে আৰু মন কুঁৱৰীতেই লাগি ৰ’ল (সক্তমাসীত্তদা মনঃ)। শ্যাবাশ্বই ৰজাক ক’লে, “ৰাজন! মোলৈ ছোৱালী দিয়া হওক।” শ্যাবাশ্বক ছোৱালী দিবলৈ বুলি অন্তৰত ইচ্ছা কৰি ৰাণীৰ মত সুধিবলৈ গ’ল। ৰজাই ছোৱালী দিবলৈ নিজৰ ইচ্ছা আছে বুলি কৈ ৰাণীৰ মত সুধিলে আৰু ক’লে, “অত্ৰিপৌত্ৰ আমাৰ পক্ষে একেবাৰে হীন জোঁৱাই নহ’ব।” আভিজাত্য-গৰ্বিতা ৰাণীয়ে উত্তৰ দিলে, “মোৰ ৰাজৰ্ষি কুলত জন্ম, মোৰ কুলৰ ৰজাসকলে বেদ-মন্ত্ৰ দৰ্শন কৰিছিল, সেই কাৰণে যি বেদ-মন্ত্ৰ দৰ্শন কৰি ঋষিপদ পোৱা নাই সি আমাৰ জোঁৱাই হ’ব নোৱাৰে। এই অত্ৰিকুমাৰ বেদ-মন্ত্ৰ দেখোতা নহয়। মোৰ কন্যাক কোনোবা মন্ত্ৰ দেখোতা ঋষিলৈ দিয়ক, যেন বেদ-মাতা হ’ব পাৰে। কিয়নো, মন্ত্ৰ দেখোতাসকলক বেদ-পিতা বুলি কোৱা হয়।” ৰাণীৰ লগত এই পৰামৰ্শ কৰি ৰজাই পুৰোহিতক উত্তৰ দিলে, “বেদ-মন্ত্ৰ দেখোতাত বাজে অইন কোনো আমাৰ জোঁৱাই হ’বলৈ লায়ক নহ’ব।” (অনৃষিৰ্নৈব জামাতা কশ্চিদ্ভবিতুমৰ্হতি।) এইদৰে বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য হ’লত যজ্ঞৰ শেষত পুৰোহিত উভতি