পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিশাদূত

পিতা। এতেকে মোৰ কন্যাক বোৱাৰী স্বৰূপে গ্ৰহণ কৰক।” এইবুলি পাদ্য-অৰ্ঘ্য আদিৰে অৰ্চনা কৰি এশ বগা ঘোঁৰা যৌতুক হিছাপে দান কৰি তেওঁলোকক ঘৰলৈ বিদায় দিলে। অভিনৱ ঋষি শ্যাবাশ্বয়ো শশীয়সী ৰাণী, তৰন্ত আৰু পুৰুমীলহ ৰাজৰ্ষিক ছটা বৈদিক মন্ত্ৰেৰে স্তৱ কৰি ঘৰলৈ গ’ল।

 প্ৰণয়ৰ এই দৌত্য কবিতাত আদিম যুগত সকলো সৰলতা, কোমলতা, নিষ্পাপতাৰ সমাৱেশ আছে। পিছৰ কালৰ উদ্দাম বাসনা, প্ৰণয়িনীৰ অঙ্গি-ভঙ্গিৰ লোলুপ-ধ্যান আদি ইয়াত নাই। সমস্ত আখ্যানটো যেন পুৱাৰ নিয়ৰত তিতি থকা বগা শেৱালি ফুল এপাহি।

 বেদৰ ঋষি পদবীৰ বিষয়ে ইয়াতে অলপ কোৱা যুগুত। বেদবিদ্যাত অতি পৈণত আছিল যদিও শ্যাবাশ্বৰ প্ৰণয়ৰ প্ৰস্তাৱ অগ্ৰাহ্য হৈছিল তেওঁ ঋষি পদ নোপোৱাৰ বাবে। যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য উপলব্ধি কৰি ভাষাক আশ্ৰয় কৰি, সেই সত্য প্ৰচাৰ কৰিছিল, তেওঁলোকক ঋষি বোলা হৈছিল। ঋষি শব্দৰ ধাতুগত অৰ্থ হৈছে দ্ৰষ্টা; দেখোতা। সেই কাৰণে বেদ-মন্ত্ৰ ৰচোতা ঋষিসকলক মন্ত্ৰ-দ্ৰষ্টা বোলা হয়।

 সাধাৰণ পুথিক লক্ষ্য কৰি আমি কওঁ যে অমুকটো কবিতা অমুকৰ ৰচিত। কিন্তু বেদৰ মন্ত্ৰৰ বিষয়ে এইদৰেহে কোৱা হয় যে অমুক মন্ত্ৰৰ দ্ৰষ্টা অমুক ঋষি অৰ্থাৎ অমুক মন্ত্ৰত যি তত্ত্ব বা সত্যৰ বিকাশ হৈছে সই তত্ত্ব বা সত্য সনাতন; কিন্তু অমুক ঋষিয়ে ধ্যানত দেখি প্ৰচাৰ কৰিছে।

 আজিকালিৰ কথাৰ সহায়েৰে বুজিব লাগিলে বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ কথা ধৰিব পাৰি। সৃষ্টিৰ আদিৰ পৰাই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি চলি আছে। এই শক্তি-তত্ত্ব প্ৰথমে নিউটনে জ্ঞানচকুৰে দেখি মানুহে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বেদৰ পৰিভাষাৰে ক’ব লাগিলে এই মাধ্যাকৰ্ষণ তত্ত্বৰ ঋষি (দেখোতা আৰু প্ৰচাৰ কৰোঁতা) নিউটন। সেইদৰে সৃষ্টিৰ আদিৰ পৰাই অভিব্যক্তি শক্তি চলিয়েই আছে। ডাৰৱিনে এই তত্ত্বজ্ঞান চকুৰে দেখি সকলোৱে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বিজ্ঞান জগতত অভিব্যক্তি মন্ত্ৰৰ ঋষি হৈছে ডাৰৱিন। সেইদৰে যেতিয়া কোৱা হয় যে গায়ত্ৰী মন্ত্ৰৰ ঋষি বিশ্বামিত্ৰ, আমি বুজিব লাগিব যে মাধ্যাকৰ্ষণ-তত্ত্বৰ দৰে গায়ত্ৰী-তত্ত্বও অনাদি অপৌৰুষেয়; বিশ্বামিত্ৰ ঋষিয়ে সেই তত্ত্ব জ্ঞান-চকুৰে দেখি লৌকিক ভাষাত প্ৰচাৰ কৰে।

 যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য আৱিষ্কাৰ কৰি মন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকক বৈদিক যুগত ঋষি বোলা হৈছিল আৰু তেওঁলোকৰ মনো সাঙ্গোপাঙ্গ বেদবিদ্যাত পৈণত অথচ ঋষি নহয়, তেনেকুৱা বিদ্বান পণ্ডিততকৈ বহুত ওপৰত।

 শ্যাবাশ্ব পণ্ডিত আছিল; কিন্তু ঋষিত্ব পোৱা নাছিল, সেই কাৰণে তেওঁৰ প্ৰণয় প্ৰস্তাৱ অগ্ৰাহ্য হৈছিল।