পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য আৰু প্ৰেম

গ’ল। কিন্তু শ্যাবাশ্বৰ হ’লে কুমাৰীৰ পৰা মন উভতি নাহিল— (শ্যোবাশ্বস্য তু কন্যায়া মনো নৈব ন্যৱৰ্তত) বাটত যাওঁতে বাপেকে-পুতেকে তৰন্ত আৰু পুৰুমীলহ নামেৰে ৰাজৰ্ষি দুজনাক মাত লগাই গ’ল। তৰন্ত-মহিষী শশীয়সীয়ে মৰম কৰি শ্যাবাশ্বক ছাগলী, গৰু আদি ভালেমান বস্তু উপহাৰ দিলে। এইদৰে ৰাজৰ্ষিসকলৰ পৰা মান-সন্মান পাই বাপেক-পুতেক অত্ৰিৰ আশ্ৰমলৈ গ’ল আৰু মহৰ্ষি অত্ৰিক সেৱা জনালে।

 শ্যাবাশ্বৰ মনত বিষাদ। হাবিলৈ গৈ নিজৰ অযোগ্যতাক লক্ষ্য কৰি তেওঁ ভাবি আছে, “হাঁয়! মই নিজে মন্ত্ৰ দেখিব নোৱৰাৰ কাৰণেহে এনে সৰ্বাঙ্গসুন্দৰী কন্যা নেপালো। মই মন্ত্ৰ দেখিব পোৱাহেঁতেন আনন্দত উপচি পৰিলোহেঁতেন!” এইদৰে অৰণ্যত চিন্তা কৰি থাকোতে তেওঁৰ কাষত আহি অকস্মাৎ মৰুৎ দেৱতাসকল উপস্থিত হ’ল। দেখোতে দেৱতাসকল তেওঁৰ সমান বয়সিয়াল, তুল্যৰূপ; তেওঁলোকৰ সোণখটোৱা বুকু আৰু পুৰুষ আকৃতি। তেওঁলোকক দেখি বিস্মিত হৈ শ্যাবাশ্বই সুধিলে, “তোমালোক কোন?” তাৰ পিছত বুজিলে যে এওঁলোক ৰুদ্ৰপুত্ৰ মৰুৎগণ। তেতিয়া তেওঁ “য ঈং বহন্তে” ইত্যাদি সুক্তেৰে তেওঁলোকৰ স্তৱ কৰিলে।

 স্তুতিত সন্তুষ্ট হৈ মৰুৎসকলে যাবৰ সময়ত নিজ নিজ বুকুৰ পৰা সোণ খহাই শ্যাবাশ্বক দি গ’ল।

 এইদৰে (সদ্য-ঋষি) অৰ্থাৎ অভিনৱ মন্ত্ৰ দেখোতা হৈ শ্যাবাশ্বই ৰথৱীতিৰ কুঁৱৰীৰ কথা মনেৰে ধ্যান কৰিলে (ৰথৱীতেৰ্দুহিতৰ মগচ্ছন্ মনসাতদা); আৰু নিজৰ এই অভিনৱ ঋষিত্ব পদৰ কথা ৰাজৰ্ষি ৰথৱীতিক জনাবলৈ নিশাদেৱীক দূত নিয়োগ কৰিলে।

 “এতৎ মে স্তোমমূৰ্ম্ম্যে দাৰ্ভ্যায় পৰা ৱহ গিৰো দেৱি ৰথীৰিৱ। উত মে বোচতাদিতি সুতসোমে ৰথৱীতৌ ন কামো অপৱেতি মে।” ঋগ্বেদ ৫।৬।১৭-১৮

 “হে নিশাদেৱী, মোৰ এই স্তোত্ৰটো দাৰ্ভ্য ৰথৱীতিৰ ওচৰলৈ লৈ যোৱা আৰু মোৰ কথাৰে তেওঁক ক’বা— তেওঁৰ কন্যাৰ পৰা মোৰ প্ৰণয় উলটি অহা নাই।”

 নিশাদেৱীয়ে ৰথৱীতিক দেখা নাই আৰু তেওঁ ক’ত থাকে নেজানে বুলি মনত ঠাৱৰ কৰি ঋষিয়ে ক’লে, “এষ ক্ষেতি ৰথৱীতিৰ্মঘবা গোমতীৰণু পৰ্ব্বতেম্বপাশ্ৰিতঃ।” ঋগ্বেদ ৫।৬১।১৯

 “এখেতে হিমালয় পৰ্বতক আশ্ৰয় কৰি গোমতী নৈৰ তীৰত থাকে।”

 নিশাদেৱীৰ পৰা অভিনৱ ঋষিৰ সম্ভাষণ বাতৰি পাই ৰথৱীতিয়ে কন্যাক লগত লৈ অত্ৰি ঋষিৰ আশ্ৰমত উপস্থিত হ’ল আৰু নিজৰ পৰিচয় দি অৰ্চনানসক স্তুতি কৰি ক’লে, “আপুনি আগেয়ে মোৰ লগত সম্বন্ধ কৰিব খুজিছিল; আপোনাৰ প্ৰস্তাৱ তেতিয়া গ্ৰহণ কৰিব নোৱাৰিলো বুলি খং নকৰি ক্ষমা কৰিব। আপুনি ঋষিপুত্ৰ, স্বয়ং ঋষি আৰু ঋষি-