সম্ভৱতঃ/বৃত্ত
বৃত্ত
ইপাৰ-সিপাৰ নেদেখা পখাৰখনত এন্ধাৰৰ কোমল চেকুৰা কিছুমান বিয়পি পৰিছে। বহুত দিনৰ আগতে যিবোৰ এজাৰ, শিমলুৰ তলত নিশাহঁতৰ খিলখিল হাঁহি আৰু কৌতুহলী নিঃশ্বাসবোৰ ঘুৰ্মুটিয়াই ফুৰিছিল, সেইবোৰ এজাৰ আৰু শিমলু ভগ্নস্তূপৰ দৰে বিষণ্ণ আৰু বিধ্বস্ত হৈ পাতল এন্ধাৰত থিয় দি আছে। আজি জোনাকীৰ জাক ওপঙিবনে বতাহত... উন্মনা তৰাবোৰে চঞ্চল হৈ চকু টিপিয়াই জোকাবনে তাইক...! আস। কিমান দিনৰ মূৰত যে তাই গাঁৱলৈ আহিছে! কৰ্মসূত্ৰে তাই এতিয়া আকাশ নোহোৱা, সেউজীয়া নোহোৱা, ফুলৰ সুগন্ধি নোহোৱা মহানগৰী এখনৰ বাসিন্দা।
আৰু বহুদূৰ আছে গাঁৱলৈ। শীতল বতাহ এজাকে নিশাক লাহেকৈ চুই দিলে। তাইৰ খোজবোৰ দ্ৰুত হ’ল। গাঁৱৰ একোণত সৰু টাইপৰ ঘৰ এটাৰ এন্ধাৰ বাৰাণ্ডাত নিশ্চয় সময়ৰ অনন্ত স্তব্ধতাৰ মুখামুখি হৈ এহাল বৃদ্ধ-বৃদ্ধা বহি আছে। পৰস্পৰক ফাঁকি দিবলৈ যত্ন কৰা দুয়োৰে উদাস দৃষ্টি নিশ্চয় স্থবিৰ হৈ আছে পদুলিত— ‘আহিবনে মাজনী.……।’
মাজনী আহিছে। এৰা ঢপলিয়াই আহিছে মাজনী। ভৰা ঘৰ এখনৰ প্ৰাচুৰ্য-শৃঙ্খলৰ পৰা, আপাততঃ সুখী সংসাৰ এখনৰ দৃঢ় বিন্যাসৰ পৰা, নবৌ, খুড়ী, বোৱাৰী, নি আদি সম্বোধনবোৰৰ জড় আকৰ্ষণ সোলোকাই তাই দৌৰি আহিছে এহাল বৃদ্ধ-বৃদ্ধাৰ কাষলৈ।
...বহুত দিনৰ আগতে তেওঁলোকৰ চুলিত যেতিয়া অলপো ৰূপালী ৰং পৰা নাছিল, যেতিয়া তেওঁলোকৰ মুখাবয়ব আছিল জোনাকৰ দৰে মসৃণ আৰু মমতাৰ উমসনা, তেতিয়াই মাজনী আহিছিল তেওঁলোকৰ জীৱনলৈ। তাইৰ থুনুক-থানাক মাতবোৰ, থাপাক-থুপুক খোজবোৰ মানুহ হালৰ বুকুত সপোন হৈ ফুলি আছিল সকলো সময়তে। কিমান আটোল-টোলকৈ গঢ়িছিল সপোনটো তেওঁলোকে! কলা কলাকৈ বাঢ়ি অহা স্ব-নিৰ্মিত সপোনটো বুকুত সাবটি প্ৰাপ্তিৰ অহংকাৰত কিমানবাৰ যে উজ্বলি উঠিছিল তেওঁলোকৰ তৃষিত দুচকু.....!
খোজবোৰ দ্ৰুত হ’ল মাজনীৰ। তাইৰ চাব্বিশ বছৰীয়া শৰীৰৰপৰা যেন কেইটামান বছৰ সুলকি পৰিছে। সুলকি [ ৭১ ] পৰিছে কলেজৰ কৃতী অধ্যাপিকা নিশা বৰুৱাৰ গম্ভীৰ মোটটো আৰু তাই চুলিত ৰিবন মাৰি, ফুটফুটীয়া ফ্ৰক পিন্ধি দৌৰি ফুৰা সৰু ৰাংঢালী ‘মাজনী’জনী হৈ পৰিছে।
গাঢ় এন্ধাৰত ওপঙি উঠিছে জোনাকী পৰুৱাৰ জাক। আকাশত দুই এটা তৰাই মিচিকিয়াইছে আৰু চোতালত দেও দি দি মাজনীয়ে উকিয়াইছে— “মা, মা চোৱাচোন তৰাটো খহি পৰিল”, “দেউতা জোনবাইৰ বুকুত কোনে তুলসী ৰুলে”, “হাতীপটিয়েদি খোজ কাঢ়ি এবাৰ ফুৰি আহিম দেই...।” গ্ৰীষ্মৰ সন্ধ্যা চোতালত পাটি পাৰি বহা মাক দেউতাকৰ মাজত নাভূত- নাশ্ৰুত প্ৰশ্ন আৰু কল্পনা কিছুমানৰ সৈতে টোপনিত লাল কাল দিয়া মাজনীয়ে তেতিয়া ভাবিছিল পৃথিৱীৰ সীমা মানে সোনাতলী পথাৰৰ সিটো পাৰ। ....আৰু জীৱন মানে মাক আৰু দেউতাকৰ মাজত থকা নিৰাপত্তাখিনি। তাই কেতিয়াও ভাবিব পৰা নাছিল বিচ্ছিন্ন এক লোকালয়ত তাইৰ এটা সুকীয়া জীৱন হ’ব যত তাইৰ মাক-দেউতাকৰ অস্তিত্ব হ’ব বতাহে কোবাই থকা মিঠাতেলৰ চাকিৰ শিখাৰ দৰেই অনুজ্জ্বল, ঢিমিকি-ঢামাক। স্কুটাৰৰ হেড লাইটৰ দৰে লগা পোহৰ এটা এন্ধাৰ ফালি মাজনীৰ ফালে আগুৱাই আহিছে। আহি আহি পোহৰটো আৰু ঠিক পোহৰটোৰ লগত আহি থকা শব্দটো মাজনীৰ নিচেই কাষতে কঁপি কঁপি ৰৈ গ’ল। ঈষৎ আশ্চৰ্য আৰু আনন্দ মিহলি কণ্ঠ এটাই প্ৰায় চিৎকাৰ কৰি উঠিল— “হা-ৰে নিশা দেখোন! অকলে অকলে ইমান ৰাতি...। অনুজদা অহা নাই?” চিনাকি চিনাকি লগা কণ্ঠটো কাৰ আছিল তাই ঠিক মনত পেলাব নোৱাৰিলে। ইপিনে এন্ধাৰত আগন্তুকৰ মুখখনো স্পষ্টকৈ নেদেখি।
“কি হ’ল? চিনি পোৱা নাই?” আগন্তুকৰ কণ্ঠত পূৰ্বৰ উৎসাহ সামান্যও ম্লান হোৱা নাই।
এইবাৰ কণ্ঠৰ গৰাকীক মাজনীয়ে চিনি পালে। লগে লগে তায়ো উৎসাহিত হৈ উঠিল। “শাশ্বত... তুমি? কোনফালে যোৱা?” প্ৰাথমিক কুশল-বাৰ্তা বিনিময়ৰ পাছত শাশ্বতে স্কুটাৰ ষ্টাৰ্ট কৰিলে “উঠা উঠা। তোমাক ঘৰত থৈ আহিমগৈ।” অলপপৰ কিংকৰ্তব্যবিমূঢ় হৈ থাকি তাই জোৰেৰে প্ৰতিবাদ কৰি উঠিল “নালাগে নালাগে। তুমি যোৱা। কিমাননো দূৰ আৰু! গুৱাহাটীত ৮-৩০ টা ৯-০০ টা লৈকে অকলে ঘুৰি ফুৰো।” শাশ্বতে কোনোপধ্যেই তাইক অকলে খোজকাঢ়ি যাবলৈ দিবলৈ মান্তি নোহোৱাত সঁচা কথাষাৰকে কৈ পেলালে মাজনীয়ে, “আচলতে শাশ্বত বহুদিনৰ মূৰত গাঁৱৰ সতেজ শীতল বতাহজাক গাত লাগিছে। তৰাভৰা আকাশৰ তলেৰে জোনাকি পৰুৱাৰে বেষ্টিত হৈ বহুত দিনৰ মূৰত খোজ কাঢ়িছোঁ। ..এতিয়া নিঃসঙ্গ যাত্ৰাৰ এই আনন্দখিনি তোমাৰ স্কুটাৰত গৈ হেৰুৱাব খোজা নাই। ...আৰু মাত্ৰ সাত বাজি গৈছেহে।” অনুভৱী ল’ৰা শাশ্বত। মাজনীৰ সহপাঠী। আগতে দুয়ো একেলগে নাটক কৰিছিল। গানৰ ষ্টেজ প্ৰগ্ৰেম কৰিছিল। সি বুজিলে। “তোমাৰ পাগলামীবোৰ নুগুছিল আৰু” স্কুটাৰ ষ্টাৰ্ট কৰোতে সি ক’লে আৰু ফুৰফুৰীয়া ধূলি অলপ উৰুৱাই গুচি গ’ল। এন্ধাৰত অকলে পুনৰ বাট বুলিবলৈ আৰম্ভ কৰিলে তাই। হাতত এটা সৰু এটাচি। কপালৰ ঘাম আৰু ধূলিত লিপিত খাই পৰিছে তাইৰ চুলি। কটনৰ শাৰীখন প্ৰয়োজনতকৈও গধুৰ যেন বোধ হৈছে।
...দ্বিতীয়খন দলং পাৰ হ’ব খুজি তাই খন্তেক থমকি ৰ’ল। দলংখনৰ ঠিক দাঁতিয়েদি কটাবাটলৈকে নামি গৈছে এটা ৰাস্তা। কটাবাটৰ বিস্তৃত পথাৰ আৰু সৰু সেউজীয়া টিলা [ ৭২ ] এটাৰ ছবি এখন মাজনীৰ মানস পটত ভাঁহি উঠিল। তাই সম্ভৱতঃ স্কুললৈ যোৱাৰো বহু আগৰ কথা সেয়া। কাম কৰা মানুহ যথেষ্ট থাকিলেও মাক-দেউতাক মাজে মাজে পথাৰলৈ গৈছিল। কেতিয়াবা মাজনীকো লগত লৈ গৈছিল। এদিন ক’ৰ পৰা জানো বৰ মৰম লগা হৰিণ এটা দৌৰি দৌৰি আহিল সোণালী ধানৰ মাজে মাজে আৰু গামোচাৰ তম্বু তৰি ধানৰ ওপৰতে মাকে বহুৱাই থোৱা মাজনীৰ কাষতে বাগৰি দিলে। লগে লগে হাতত কাঁচি-লাঠি- জোং লৈ কেইজনমান মানুহ দৌৰি আহি মাজনীহঁতৰ ওচৰ পালেহি। মাজনীৰ মাকে হৰিণটো সাবটি ধৰিলে আৰু দেউতাকে উচ্চ স্বৰত তৰ্ক আৰম্ভ কৰি দিলে অস্ত্ৰধাৰীসকলৰ লগত। কিন্তু অৱশেষত মাজনীৰ মাক-দেউতাকৰ হাজাৰ বাধা সত্ত্বেও পথাৰৰ সোণালী ৰঙ ৰঙা হৈ যোৱাকৈ হৰিণটোক যাঠীৰে খোটা হ’ল। হিংস্ৰ আনন্দত মানুহকেইজনে কিৰিলি পাৰি উঠিল। চটফটাই চটফটাই সিহঁতৰ সন্মুখত বাগৰি পৰি মৃত্যুক সাবটি লোৱা হৰিণটোৰ যন্ত্ৰণাকাতৰ বিননি আৰু সেই ভয়াৰ্ত চকুহাল মাজনীৰ বুকুৰ ভিতৰলৈকে বহি গৈছিল।..… তাৰ পাছত বহু ৰাতি টোপনিত উচুপিছিল তাই। চক খাই সাৰ পাই উঠি মাকক সাবটি ধৰিছিল।.… আৰু সেই সময়চোৱাতে তাইক টোপনি নিয়াবৰ বাবে দেউতাকে ৰামায়ণ মহাভাৰতৰ সকলো কাহিনী কৈ শেষ কৰিছিল। বিয়াৰ পাছত অনুজহঁতৰ সুদৃশ্য দ্ৰয়িং ৰুমত হৰিণাৰ শিং আৰু বাঘৰ ছালৰ অহংকাৰী সজ্জা দেখি তাইৰ চকুযোৰ ডাঙৰ হৈ উঠিছিল। সেয়া বোলে অনুজৰ সফল চিকাৰী বুলি খ্যাতি থকা জমিদাৰ ককাকৰ কৃতী! সিহঁতৰ বেডৰূমৰ পৰা অনুজৰ অত্যন্ত অনিচ্ছা সত্ত্বেও তাই হৰিণাৰ সৰু ৰূপালী ৰং দিয়া শিংযোৰ বাহিৰ কৰি দিছিল। শৈশৱত দেখা মৃত্যুমুখী হৰিণটোৰ কাতৰ চাৱনি আৰু কৰুণ বিননি কটাবাটলৈ যোৱা বাটটোৰ দাঁতিত অকলশৰে থিয় দি থকা মাজনীৰ বুকুত বিশ-একৈশ বছৰৰ পাছত পুনৰ উকমুকাই উঠিল...।
এইখিনিৰ পৰাই জনবসতি ঘন হৈছে। দোকান-পোহাৰো হৈছে দুই-এখন। কিছুমান ল’ৰা- ছোৱালী আৰু আদহীয়া মানুহ ফুৰিবলৈ ওলাই আহিছে। মাজনীৰ নিৰ্লিপ্ত খোজৰ মুদ্ৰা আৰু ক্লান্ত অবয়ৱৰ ওপৰেৰে বহুতৰে অনিসন্ধিৎসু দৃষ্টি বাগৰি গৈছে। সৰুতে তাইক লগত লৈ ফুৰাৰ আচৰিত প্ৰৱণতা এটা আছিল দেউতাকৰ। মেধাৱী, দেখনিয়াৰ, গহীন-গম্ভীৰ ছোৱালীজনী লগত লৈ ফুৰোতে দেউতাকৰ মুখখন গৰ্বত উজ্জ্বল হৈ থাকিছিল। তেওঁ আশা কৰিছিল সকলোৱে লক্ষ্য কৰক আৰু ঈৰ্ষিত হওক তেওঁৰ সন্তান ভাগ্যত। ‘মোৰ ছোৱালী’‘মোৰ ছোৱালী’ দেউতাকৰ মুখত লাগি থাকিছিল। দেউতাকৰ অন্ধ সন্তান-প্ৰীতিৰ বাবে মাজে মাজেনো কমখন অস্বস্তিত পৰিছিল নে তাই! সেই যে স্কুল ছুটীৰ সময়তে আকাশ ভাগি হুৰমুৰকৈ পৰিল বৰষুণজাক আৰু লগৰবোৰৰ লগত আৰম্ভ হৈ গ’ল খিৰিকীৰে হাত উলিয়াই বৰষুণ চোৱাৰ প্ৰতিযোগিতা। নহ’লে আঠটা ক্লাচৰ শেষত অলপ গল্প-গুজব! .…নাই। মাজনীৰ সেই ভাগ্য নাছিল। ডাঙৰ ছাতি এটা লৈ দেউতাকৰ বিশ্বস্ত অনুচৰ মনোকাইৰ স্কুল পাইছিলহি। ‘বডিগাৰ্ড আহি গ’ল তোৰ’—লগৰবোৰৰ ইয়াৰ্কিৰ মাজেৰে তাই মনোকাইৰ লগত গুচি আহিব লগা হৈছিল। ঘৰৰ দুৱাৰদলিত ৰৈ থকা দেউতাকৰ উদগ্ৰীৱ অধীৰ দৃষ্টিলৈ তাইক দেখাৰ লগে লগে এক স্বস্তিৰ আভা নামি আহিছিল। দেউতাকৰ চকুত জিলিকি উঠা স্বস্তিৰ এই আভা চাই পৰিতৃপ্ত হ’বলৈ বিয়াৰ পাছৰ প্ৰথমটো বিহুত মাজনী ঘৰলৈ যাব [ ৭৩ ] নোৱাৰিলে। দেউতাকৰ ব্যক্তিত্বৰ আঁৰত সদায় লুকাই থকা মাকৰ বুকুৰ হাহাকাৰখিনি, কাঁহিত ভাত বাঢ়ি লওঁতে চকুৰ কোণত লুকুৱাই ৰখা চকুপানীখিনি ডেৰশ কিলোমিটাৰ দূৰত থাকিও ব্যস্ততাৰ আঁৰে আঁৰে মাজনীয়ে অনুভৱ কৰি থাকিল। সেইবাৰ মাজনীৰ একমাত্ৰ ননদ বসুন্ধৰা ঘৰলৈ আহিছিল। প্ৰথম প্ৰসৱৰ সময়। মাকৰ ঘৰৰ আদৰ-যত্ন আৰু নিৰাপত্তাবোধৰ আৱশ্যক।
‘ইয়াৰ পাছত ছুটী পালেই...’ তাইৰ মূৰত হাত বুলাই যথেষ্ট সহমৰ্মিতাৰে অনুজে তাইক প্ৰতিশ্ৰুতি দিছিল— বসুন্ধৰা যোৱাৰ পাছতে দুয়ো এইবাৰ ঘৰলৈ যাব।
নতুন ঘৰখনৰ চুক কোণবোৰ মাজনীৰ চিনাকি হৈ উঠিল। দেওৰেকে ভাল পোৱা চিকেন-বিৰিয়ানি, শাহুৱেকৰ আলু পৰঠা আৰু অনুজৰ প্ৰিয় নৰসিংহৰ জোলখন বনোৱাত মাজনী পাকৈত হ’ল। কলেজৰ ক্লাচ কেইটা সামৰি আহি আজৰি পৰত খিৰিকী খুলি গজল শুনাৰ পৰিৱৰ্তে অনুজৰ ইচ্ছামতে চিনেমা চাবলৈ বা শাহুৱেকক সংগ দিবলৈ টিভিৰ ওচৰত বহিবলৈ তাইৰ বেয়া নলগা হ'ল। কিন্তু আনৰ পচন্দমতে ৰন্ধাৰ সময়ত মাজনীৰ ঠিকেই মনত থাকিল তাইৰ অনুপস্থিতিত তাইৰ প্ৰিয় মাছ জাতিলাওৰ আঞ্জাখন বনাবলৈ মাকৰ ছাগৈ কষ্ট হয়...। দেউতাকে বজাৰ কৰি অনাৰ পাছত কলডিলটো কাটিবলৈ ধৰা মাকক ছাগৈ কয় “আজি নালাগেচোন দিয়া। মাজনী আহেইবা! তাই আকৌ কলডিল বৰ ভাল পায় নহয়।” স্মৃতিৰ অনুচ্ছ গুণগুণনিবোৰে অনবৰতঃ তাইৰ সোঁৱে-বাঁৱে অগা-ডেৱা কৰি থাকিলেও কলেজ আৰু ভৰা ঘৰ এখনৰ আব্দাৰ অনুযোগবোৰ আওকাণ কৰি মাক উেতাকৰ দেউতাকৰ উৎকণ্ঠা প্ৰতীক্ষাৰ অন্ত পেলাবলৈ বহাগ বিহুৰ আগলৈকে তাই ঘৰলৈ যাব নোৱাৰিলে। বহাগ বিহুৰ সময়তে শাহুৱেকৰ সৰু ষ্ট্ৰক এটা হ’ল। ডাঙৰ জাক-বৰজনাক, দেওৰেক আৰু আলধৰা মানুহ এজাক থাকিলেও ঘৰখনত তাইৰ উপস্থিতিৰ বোলে অতীব প্ৰয়োজন। নহ’লে বেয়া দেখি। অনুজৰ যুক্তি!
এসোপা অভিযোগ আৰু তাৰ আঁৰে আঁৰে এটা প্ৰবল ক্ষোভ মাজনীৰ বুকুৰ ভিতৰত উমি উমি জ্বলিবলৈ ধৰিলে।
গোসাঁই বিহুৰ দিনা খুৰাকৰ ল’ৰা বিজয়ে ফোন কৰিলে— ‘মাজনীবা, বৰদেউতাই মোকে পঠিয়ালে তোৰ খবৰ ল’বলৈ। বৰদেউতাৰ কেইদিনমানৰ পৰা জ্বৰ। ফোন কৰিবলৈ আহিব পৰা নাই। ভাল পালেই আহিব।’ মাজনীহঁতৰ ঘৰৰ পৰা টাউনৰ পিচিঅ লৈ সাত কিলোমিটাৰ দূৰ।
‘অনুজ, কাইলৈ মই ঘৰলৈ যাম।’ সেইদিনা ৰাতি খুউব শীতল দৃঢ় সুৰ এটাৰে মাজনীয়ে ক’লে। ব্যৱসায় সম্পৰ্কীয় কাগজ-পত্ৰ অলপ খুব মনোযোগেৰে খুচৰি থকাৰ পৰা বিৰক্তিৰে মূৰ তুলি অনুজে প্ৰশ্নবোধক দৃষ্টি এটা নিক্ষেপ কৰিলে তাইলৈ।
‘দেউতাৰ অলপ জ্বৰ হেনো! বিজয়ে ফোন কৰিছিল।’ এক গভীৰ অক্ষমতাৰ দুখে তাইৰ মাতটো বিৰিণা পাতৰ দৰে কঁপাইছিল।
‘কিন্তু, মাৰ এই অৱস্থাত এনেদৰে...। মা আৰু বৌক কি বুলি ক’বা? বসুধাহঁতেও হাঁহিব মোক৷’ অলপ ইতঃস্ততঃ কৰি অনুজ বিছনাখনতে পোন হৈ বহিল।
‘মা এতিয়া সম্পূৰ্ণ সুস্থ। মই ভাবিছিলো তোমাকো যোৱাৰ কথা ক’ম। কিন্তু…….’ চকুলৈ [ ৭৪ ] বাগৰি আহিব ধৰা অশ্ৰুৰ নৈ খনক ভেটা দিবলৈ আপ্ৰাণ চেষ্টা কৰিব লগা হ’ল মাজনীয়ে।
‘চোৱা নি—এই সময়ত এনেদৰে গ’লে মায়ে দুখ পাব। বিহুৰ পাছত তুমি কেইটামান দিনৰ ছুটী লৈ ল’বা। ময়ো পাৰো যদি...’ যিমান পাৰি সিমান কোমল স্বৰেৰে এটা সিদ্ধান্ত দিয়াৰ ভঙ্গীত ক’লে অনুজে।
.....শৰীৰত জ্বৰ জ্বৰ ভাব এটা মাজনীয়েও অনুভৱ কৰিলে। সৰুতে তাইৰ জ্বৰ হ’লে দেউতাক কাষতে শুই নাথাকিলে তাইৰ টোপনি নাহিছিল। এতিয়া গাত এশ দুই ডিগ্ৰী জ্বৰ থাকিলেও ক’বলৈ সংকোচ হয়। ....আৰু ডেৰশ কিলোমিটাৰ আঁতৰত তাইৰ বৃদ্ধ দেউতাকৰ জ্বৰতপ্ত চকুহাল ছাগে কিমান তৃষিত হৈ আছে! কিমান কাতৰভাৱে ছাগে তেওঁ আশা কৰি আছে— মাজনী আহিব...!
সেইদিনা অনুজৰ গাৰ কাষতে শুই শুই মাজনীয়ে অনুভৱ কৰিলে অনুজ তাইব পৰা বহুত দূৰলৈ আঁতৰি গৈছে। অচিনাকি চহৰ এখনৰ বিচ্ছিন্ন গলি এটাত অকলশৰে ৰৈ আছে দিকহাৰা মাজনী।
পুৱতি নিশা তাই এটা সপোন দেখিলে—
দুডালকৈ চুলি বন্ধা ফুটফুটীয়া ফ্ৰক পিন্ধা অকণমানি ছোৱালী এজনী মৰনৈৰ পাৰে পাৰে দৌৰি আছে। ভৰিৰ ভাঁজে ভাঁজে চিটিকি পৰিছে জোনাকৰ ৰং...। তাইৰ চঞ্চল ৰিবণৰ গাঁঠিৰ ভাঁজত এথুপি তৰা...! ক্ৰমশঃ ছোৱালীজনীৰ মুখখন দেখা পাইছে মাজনীয়ে। এয়া দেখোন তাই। এৰা, তায়েই। কিন্তু লাহে লাহে মৰনৈখন যি ঠাইত চকুৰ আঁৰ হৈ পৰিছে তাৰ পৰাই শ্লথ গতিৰে আগুৱাই আহিছে মেঘৰ আকৃতিৰ এচপৰা এন্ধাৰ। চৰাইৰ মাত আৰু নৈখনৰ কুলু কুলু সাংগীতিক ধ্বনিক ম্লান কৰি এন্ধাৰ চপৰাৰ লগতে বাঢ়ি আহিছে এক ভয়ঙ্কৰ গম গম শব্দ। বিতত মাজনীয়ে এইবাৰ উলটি দৌৰিবলৈ আৰম্ভ কৰিছে। ...চিৰাল ফটা দি ফাটিছে মৰনৈৰ দুপাৰৰ শস্য-শ্যামলা পথাৰ... নীলা নদীখন ছাইৰঙী হৈ পৰিছে। ক্ৰমশঃ এন্ধাৰৰ চিটিকনি আৰু শব্দবোৰে মাজনীৰ হাত-ভৰি কঁকালত খামুছি ধৰি পাছলৈ টানিছে। ক্লান্ত, ভয়াৰ্ত মাজনীয়ে হঠাতে দেখা পাইছে ৰিনি ৰিনি—স্থিত প্ৰজ্ঞ, পৃথিৱীৰ সমস্ত মমতা চকুত লৈ তাইলৈ চাই থকা এহাল মানুহ...। আকুল দুহাত মেলি তেওঁলোক ৰৈ আছে তাইক বুকুত সুমুৱাই ল’বলৈ। ...মাজনীৰ হাত-ভৰিৰ পৰা অদৃশ্য শব্দৰ অপ্ৰেম ডোলবোৰ পুনৰ খহি পৰিল। চিৰালফাট দিয়া পথাৰখনে সেউজীয়া সাজ পিন্ধি মিচিকিয়াই হাঁহিলে। নীলা নদীখনলৈ কুলু কুলু শব্দবোৰ, বিভ্ৰান্ত বতাহজাকলৈ চৰাইৰ কলৰৱ আৰু শীতলতা উভতি আহিল। মাজনীয়ে আৰু বেগেৰে দৌৰিবলৈ আৰম্ভ কৰিলে...। মানুহ হালৰ পাৰিপাৰ্শ্বিকতাত কিমান যে নিৰাপত্তা আছে। এই নিৰাপত্তাৰ বেষ্টনিত সোমাব খোজোতেই তাই সাৰ পাই গ’ল।
অনুজ শুই উঠালৈ তাই কানি–কাপোৰ বান্ধি ৰেডি হৈছিল। শাহুৱেক আৰু জাকৰ অসন্তুষ্টিৰ মাজেৰেই কৰিবলগীয়া কামখিনি শেষ কৰিছিল।
শুই উঠি তাইৰ ধৃষ্টতা(!) দেখি চকিত হৈ পৰা অনুজক তাই লাহেকৈ মাত্ৰ কৈছিল, ‘কলেজৰ ছুটীৰ এপ্লিকেশ্যনখন ড্ৰাইভাৰটোৰ হতুৱাই দিয়াই দিবা। যিমান দিনলৈকে মা দেউতাৰ প্ৰয়োজন আছে বুলি ভাবো মই তেওঁলোকৰ লগত থাকিম।... আৰু এটা কথা, এই অৱস্থাত [ ৭৫ ] তেওঁলোকক অকলে ইমান দূৰত এৰাটো ভাল নেদেখি। তেওঁলোকে আপত্তি নকৰিলে সম্ভৱতঃ এইবাৰেই মই তেওঁলোকক একেবাৰে মোৰ ওচৰলৈ লৈ আহিম।’
......আৰু মাত্ৰ এটা কেঁকুৰি ঘুৰিলেই ঘৰৰ পদূলিটো দেখা পাব মাজনীয়ে। ক’ৰবাৰপৰা বনৰীয়া ফুলৰ সুবাস এটা উৰি আহি তাইৰ নাকত লাগিল। আকাশলৈ চাই দেখিলে— নিৰ্মেঘ, নীলা। পপীয়া তৰা এটা উথপ থপ লগাই খহি পৰিল। প্ৰকাণ্ড জৰি গছ জোপাৰ কাষতে থকা মেৰুণ ৰঙৰ লোহাৰ গেটখন জোনাকত জিলিকি উঠিছে। ভৰহীন হৈ মাজনী সেইফালে আগবাঢ়িল। ঠিক সেইখিনিৰ পৰাই তাই এটা নিৰাপত্তা বেষ্টনি তৈয়াৰ কৰিব লাগিব— মৰমৰ মাক আৰু দেউতাকৰ বাবে।❐ ❐