পৃষ্ঠা:সম্ভৱতঃ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


বৃত্ত



পাৰ-সিপাৰ নেদেখা পখাৰখনত এন্ধাৰৰ কোমল চেকুৰা কিছুমান বিয়পি পৰিছে। বহুত দিনৰ আগতে যিবোৰ এজাৰ, শিমলুৰ তলত নিশাহঁতৰ খিলখিল হাঁহি আৰু কৌতুহলী নিঃশ্বাসবোৰ ঘুৰ্মুটিয়াই ফুৰিছিল, সেইবোৰ এজাৰ আৰু শিমলু ভগ্নস্তূপৰ দৰে বিষণ্ণ আৰু বিধ্বস্ত হৈ পাতল এন্ধাৰত থিয় দি আছে। আজি জোনাকীৰ জাক ওপঙিবনে বতাহত... উন্মনা তৰাবোৰে চঞ্চল হৈ চকু টিপিয়াই জোকাবনে তাইক...! আস। কিমান দিনৰ মূৰত যে তাই গাঁৱলৈ আহিছে! কৰ্মসূত্ৰে তাই এতিয়া আকাশ নোহোৱা, সেউজীয়া নোহোৱা, ফুলৰ সুগন্ধি নোহোৱা মহানগৰী এখনৰ বাসিন্দা।

 আৰু বহুদূৰ আছে গাঁৱলৈ। শীতল বতাহ এজাকে নিশাক লাহেকৈ চুই দিলে। তাইৰ খোজবোৰ দ্ৰুত হ’ল। গাঁৱৰ একোণত সৰু টাইপৰ ঘৰ এটাৰ এন্ধাৰ বাৰাণ্ডাত নিশ্চয় সময়ৰ অনন্ত স্তব্ধতাৰ মুখামুখি হৈ এহাল বৃদ্ধ-বৃদ্ধা বহি আছে। পৰস্পৰক ফাঁকি দিবলৈ যত্ন কৰা দুয়োৰে উদাস দৃষ্টি নিশ্চয় স্থবিৰ হৈ আছে পদুলিত— ‘আহিবনে মাজনী.……।’

 মাজনী আহিছে। এৰা ঢপলিয়াই আহিছে মাজনী। ভৰা ঘৰ এখনৰ প্ৰাচুৰ্য-শৃঙ্খলৰ পৰা, আপাততঃ সুখী সংসাৰ এখনৰ দৃঢ় বিন্যাসৰ পৰা, নবৌ, খুড়ী, বোৱাৰী, নি আদি সম্বোধনবোৰৰ জড় আকৰ্ষণ সোলোকাই তাই দৌৰি আহিছে এহাল বৃদ্ধ-বৃদ্ধাৰ কাষলৈ।

 ...বহুত দিনৰ আগতে তেওঁলোকৰ চুলিত যেতিয়া অলপো ৰূপালী ৰং পৰা নাছিল, যেতিয়া তেওঁলোকৰ মুখাবয়ব আছিল জোনাকৰ দৰে মসৃণ আৰু মমতাৰ উমসনা, তেতিয়াই মাজনী আহিছিল তেওঁলোকৰ জীৱনলৈ। তাইৰ থুনুক-থানাক মাতবোৰ, থাপাক-থুপুক খোজবোৰ মানুহ হালৰ বুকুত সপোন হৈ ফুলি আছিল সকলো সময়তে। কিমান আটোল-টোলকৈ গঢ়িছিল সপোনটো তেওঁলোকে! কলা কলাকৈ বাঢ়ি অহা স্ব-নিৰ্মিত সপোনটো বুকুত সাবটি প্ৰাপ্তিৰ অহংকাৰত কিমানবাৰ যে উজ্বলি উঠিছিল তেওঁলোকৰ তৃষিত দুচকু.....!

 খোজবোৰ দ্ৰুত হ’ল মাজনীৰ। তাইৰ চাব্বিশ বছৰীয়া

শৰীৰৰপৰা যেন কেইটামান বছৰ সুলকি পৰিছে। সুলকি
সম্ভৱতঃ ● ৭০