পৃষ্ঠা:সম্ভৱতঃ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাগৰি আহিব ধৰা অশ্ৰুৰ নৈ খনক ভেটা দিবলৈ আপ্ৰাণ চেষ্টা কৰিব লগা হ’ল মাজনীয়ে।

 ‘চোৱা নি—এই সময়ত এনেদৰে গ’লে মায়ে দুখ পাব। বিহুৰ পাছত তুমি কেইটামান দিনৰ ছুটী লৈ ল’বা। ময়ো পাৰো যদি...’ যিমান পাৰি সিমান কোমল স্বৰেৰে এটা সিদ্ধান্ত দিয়াৰ ভঙ্গীত ক’লে অনুজে।

 .....শৰীৰত জ্বৰ জ্বৰ ভাব এটা মাজনীয়েও অনুভৱ কৰিলে। সৰুতে তাইৰ জ্বৰ হ’লে দেউতাক কাষতে শুই নাথাকিলে তাইৰ টোপনি নাহিছিল। এতিয়া গাত এশ দুই ডিগ্ৰী জ্বৰ থাকিলেও ক’বলৈ সংকোচ হয়। ....আৰু ডেৰশ কিলোমিটাৰ আঁতৰত তাইৰ বৃদ্ধ দেউতাকৰ জ্বৰতপ্ত চকুহাল ছাগে কিমান তৃষিত হৈ আছে! কিমান কাতৰভাৱে ছাগে তেওঁ আশা কৰি আছে— মাজনী আহিব...!

 সেইদিনা অনুজৰ গাৰ কাষতে শুই শুই মাজনীয়ে অনুভৱ কৰিলে অনুজ তাইব পৰা বহুত দূৰলৈ আঁতৰি গৈছে। অচিনাকি চহৰ এখনৰ বিচ্ছিন্ন গলি এটাত অকলশৰে ৰৈ আছে দিকহাৰা মাজনী।

 পুৱতি নিশা তাই এটা সপোন দেখিলে—

 দুডালকৈ চুলি বন্ধা ফুটফুটীয়া ফ্ৰক পিন্ধা অকণমানি ছোৱালী এজনী মৰনৈৰ পাৰে পাৰে দৌৰি আছে। ভৰিৰ ভাঁজে ভাঁজে চিটিকি পৰিছে জোনাকৰ ৰং...। তাইৰ চঞ্চল ৰিবণৰ গাঁঠিৰ ভাঁজত এথুপি তৰা...! ক্ৰমশঃ ছোৱালীজনীৰ মুখখন দেখা পাইছে মাজনীয়ে। এয়া দেখোন তাই। এৰা, তায়েই। কিন্তু লাহে লাহে মৰনৈখন যি ঠাইত চকুৰ আঁৰ হৈ পৰিছে তাৰ পৰাই শ্লথ গতিৰে আগুৱাই আহিছে মেঘৰ আকৃতিৰ এচপৰা এন্ধাৰ। চৰাইৰ মাত আৰু নৈখনৰ কুলু কুলু সাংগীতিক ধ্বনিক ম্লান কৰি এন্ধাৰ চপৰাৰ লগতে বাঢ়ি আহিছে এক ভয়ঙ্কৰ গম গম শব্দ। বিতত মাজনীয়ে এইবাৰ উলটি দৌৰিবলৈ আৰম্ভ কৰিছে। ...চিৰাল ফটা দি ফাটিছে মৰনৈৰ দুপাৰৰ শস্য-শ্যামলা পথাৰ... নীলা নদীখন ছাইৰঙী হৈ পৰিছে। ক্ৰমশঃ এন্ধাৰৰ চিটিকনি আৰু শব্দবোৰে মাজনীৰ হাত-ভৰি কঁকালত খামুছি ধৰি পাছলৈ টানিছে। ক্লান্ত, ভয়াৰ্ত মাজনীয়ে হঠাতে দেখা পাইছে ৰিনি ৰিনি—স্থিত প্ৰজ্ঞ, পৃথিৱীৰ সমস্ত মমতা চকুত লৈ তাইলৈ চাই থকা এহাল মানুহ...। আকুল দুহাত মেলি তেওঁলোক ৰৈ আছে তাইক বুকুত সুমুৱাই ল’বলৈ। ...মাজনীৰ হাত-ভৰিৰ পৰা অদৃশ্য শব্দৰ অপ্ৰেম ডোলবোৰ পুনৰ খহি পৰিল। চিৰালফাট দিয়া পথাৰখনে সেউজীয়া সাজ পিন্ধি মিচিকিয়াই হাঁহিলে। নীলা নদীখনলৈ কুলু কুলু শব্দবোৰ, বিভ্ৰান্ত বতাহজাকলৈ চৰাইৰ কলৰৱ আৰু শীতলতা উভতি আহিল। মাজনীয়ে আৰু বেগেৰে দৌৰিবলৈ আৰম্ভ কৰিলে...। মানুহ হালৰ পাৰিপাৰ্শ্বিকতাত কিমান যে নিৰাপত্তা আছে। এই নিৰাপত্তাৰ বেষ্টনিত সোমাব খোজোতেই তাই সাৰ পাই গ’ল।

 অনুজ শুই উঠালৈ তাই কানি–কাপোৰ বান্ধি ৰেডি হৈছিল। শাহুৱেক আৰু জাকৰ অসন্তুষ্টিৰ মাজেৰেই কৰিবলগীয়া কামখিনি শেষ কৰিছিল।

 শুই উঠি তাইৰ ধৃষ্টতা(!) দেখি চকিত হৈ পৰা অনুজক তাই লাহেকৈ মাত্ৰ কৈছিল, ‘কলেজৰ ছুটীৰ এপ্লিকেশ্যনখন ড্ৰাইভাৰটোৰ হতুৱাই দিয়াই দিবা। যিমান দিনলৈকে মা দেউতাৰ

প্ৰয়োজন আছে বুলি ভাবো মই তেওঁলোকৰ লগত থাকিম।... আৰু এটা কথা, এই অৱস্থাত

সম্ভৱতঃ ● ৭৪