পৃষ্ঠা:সম্ভৱতঃ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকক অকলে ইমান দূৰত এৰাটো ভাল নেদেখি। তেওঁলোকে আপত্তি নকৰিলে সম্ভৱতঃ এইবাৰেই মই তেওঁলোকক একেবাৰে মোৰ ওচৰলৈ লৈ আহিম।’

 ......আৰু মাত্ৰ এটা কেঁকুৰি ঘুৰিলেই ঘৰৰ পদূলিটো দেখা পাব মাজনীয়ে। ক’ৰবাৰপৰা বনৰীয়া ফুলৰ সুবাস এটা উৰি আহি তাইৰ নাকত লাগিল। আকাশলৈ চাই দেখিলে— নিৰ্মেঘ, নীলা। পপীয়া তৰা এটা উথপ থপ লগাই খহি পৰিল। প্ৰকাণ্ড জৰি গছ জোপাৰ কাষতে থকা মেৰুণ ৰঙৰ লোহাৰ গেটখন জোনাকত জিলিকি উঠিছে। ভৰহীন হৈ মাজনী সেইফালে আগবাঢ়িল। ঠিক সেইখিনিৰ পৰাই তাই এটা নিৰাপত্তা বেষ্টনি তৈয়াৰ কৰিব

লাগিব— মৰমৰ মাক আৰু দেউতাকৰ বাবে।❐ ❐

সম্ভৱতঃ ● ৭৫